Home > Articles > ‘শগুন’ বনাম ‘শগুণ’- শগুণৰ এশ গুণৰ আঁত বিচাৰি

‘শগুন’ বনাম ‘শগুণ’- শগুণৰ এশ গুণৰ আঁত বিচাৰি

     0votes

ড০ নয়নজ্যোতি পাঠক

সহকাৰী অধ্যাপক, ৰোগ নিৰূপণ বিভাগ,

লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়,

অসম কৃষি বিশ্ববিদ্যালয়, জহিং, উত্তৰ লখিমপুৰ

বাইল: ৭০০২৩৩৫৫৯৫, ইমেইল: nayanjyoti.pathak@aau.ac.in

 

বৰ্তমান সময়ত বিভিন্ন লেখাবোৰ পঢ়িলে ‘শগুন’ আৰু ‘শগুণ’ এই দুয়োটা শব্দই ব্যৱহাৰ হোৱা দেখা যায়। অভিধানভেদে ‘শগুন’ নাইবা ‘শগুণ’ দুয়োটা বানানৰে উল্লেখ আছে। উদাহৰণস্বৰূপে ‘হেমকোষ’, ‘চন্দ্ৰকান্ত অভিধান’ আদিত ‘শগুন’ বুলি থকাৰ বিপৰীতে ‘আধুনিক অসমীয়া অভিধান’, ড° বাণীকান্ত শৰ্মাদেৱৰ ‘পঢ়াশালিৰ অসমীয়া অভিধান’ আদিত ‘শগুণ’ বুলিহে আছে। তদুপৰি, ‘আধুনিক অসমীয়া শব্দকোষ’, ড° প্ৰণৱ জ্যোতি ডেকাদেৱৰ ‘জ্যোতি দ্বিভাষিক অভিধান’, আদিত দুয়োটা শব্দৰে উল্লেখ আছে। জনামতে, সংস্কৃতৰ ‘শকুন’ শব্দটোৰ পৰাই পৰিৱৰ্ত্তিত হৈ অসমীয়াত ‘শগুন’ শব্দটোৰ সৃষ্টি হৈছে। সেই হিচাপে, ‘শগুন’ শব্দটো লিখাই বেছি গ্ৰহণযোগ্য হ’ব যেন লাগে যদিও ‘শগুণ’ৰ সমৰ্থনতো কিছু কথাৰ অৱতাৰনা কৰিব পৰা যায়। মোৰ বাল্যকালত (১৯৯০-১৯৯৬ চন মানত) জন্মস্থান তামুলপুৰৰ ঘৰৰ পিছফালৰ পথাৰখনত শগুণৰ জাকে মৰা জীৱ-জন্তু খোৱা দৃশ্য বৰ সুলভ আছিল আৰু তেতিয়া মোৰ মা-দেউতাই প্ৰায়ে কোৱা শুনিছিলো যে শগুণৰ হেনো এশটা গুণ আছে আৰু সেয়ে সিহঁতক শগুণ বুলি কয়। আজি এই লেখাৰ যোগেদি শগুণৰ এনে কিছু ব্যতিক্রমী গুণৰ বিষয়ে আলোচনা কৰিম।

              ‘প্ৰকৃতিৰ জমাদাৰ’ শগুণ আন চৰাইতকে বহু পৃথক গুণেৰে সমৃদ্ধ। বিভিন্ন উৎসৰ পৰা সংগ্রহ কৰা তথ্য অনুসৰি শগুণত আমি তলত উল্লেখ কৰা ধৰণৰ গুণসমূহ দেখিবলৈ পাওঁ –

(১) পৰিৱেশ নিকা কৰা লগতে পৰিৱেশতন্ত্ৰৰ ভাৰসাম্য বজাই ৰখাত শগুণ

               এক শক্তিশালী পাচনতন্ত্রৰ যোগেদি শগুণে জীৱ-জন্তুৰ শ ভক্ষণ কৰি পৰিৱেশ নিকা কৰে। এনেদৰে মাংসৰ যোগেদি শটোৰ পৰা শগুণৰ দেহলৈ প্ৰৱেশ কৰা এন্থ্ৰাক্স, বটুলিজম্‌, চবকা, জলাতংক আদি মাৰাত্মক ৰোগৰ বীজাণুবোৰো শগুণৰ পাকস্থলীৰ এচিডে ধ্বংস কৰি দিয়ে; ফলত মানুহ আৰু অন্যান্য জীৱ-জন্তুলৈ সেই ৰোগবোৰ বিয়পাৰ আশংকা নাইকিয়া হয়। উল্লেখযোগ্য যে শগুণৰ পাকস্থলীৰ এচিডৰ pH ‘0’ (শূন্য) তকৈ অলপহে বেছি, যিটো গোটেই প্ৰাণী জগতৰ ভিতৰতে সৰ্ব্বনিম্ন। উল্লেখযোগ্য যে আমি ব্যৱহাৰ কৰা বেটেৰীত থকা এচিডৰ pH  ০.৮-১.০, অৰ্থাৎ শগুণৰ পাকস্থলীৰ এচিডতকৈ ই কম আম্লিক (Acidic)। গতিকে, শগুণে ৰোগৰ সংক্ৰমণ হ্ৰাস কৰি মানুহ, জীৱ-জন্তু, পৰিৱেশ আদি সকলোৰে উপকাৰ সাধন কৰে।

               শগুণে সদায় সমজুৱাকৈ মৃত জীৱ-জন্তু ভক্ষণ কৰে। এনেদৰে খাওঁতে দুৰ্বলবোৰে বা বাহত পোৱালী থকা শগুণবোৰে সদায় আগস্থান পায়। শগুণে জীৱিত প্ৰাণীক আক্রমণ কৰি মাৰি খোৱা দেখা নাযায়। সদায় মৰাৰ পিছতহে খায়। ই শগুণৰ এটা বৰ আচৰিত চৰিত্ৰ, নহ’লে ভাবকচোন, আন চিকাৰী চৰাইৰদৰে যদি শগুণে চিকাৰ কৰিলে হেঁতেন, তেন্তে কেনেকুৱা ভয় লগা পৰিৱেশ এটাৰ সৃষ্টি হ’লহেঁতেন! এই ক্ষেত্রত আমি দেখা কেলভিন কাৰ্টাৰ নামৰ ফটোগ্রাফাৰজনে ছুডানত ১৯৯৩ চনত তোলা ‘The vulture and the little girl’ শীর্ষক বিখ্যাত ছবিখনৰ কথাকে উল্লেখ কৰিব পাৰোঁ, য’ত এটা শগুণে এজনী কণমানিক আক্রমণ নকৰি মৰালৈ অপেক্ষা কৰি আছিল।

              শগুণে মৰা-শ ভক্ষণ কৰাৰ পিছত ঠেঙৰ ওপৰত শৌচ কৰে আৰু এই আচৰণটোক ইউৰ’হাইড্ৰ’ছিছ্‌ (Urohydrosis) বুলি কোৱা হয়। ইয়ে শগুণটোক শীতল কৰি ৰখাৰ লগতে মৰা-শ ভক্ষণৰ ফলত ঠেঙত লাগি অহা বেক্টেৰিয়া, পৰজীৱী আদি ধ্বংস কৰাতো সহায় কৰে। এনেদৰে বাহিৰ ওলোৱা অতি আম্লিক প্ৰস্ৰাৱ আৰু মল শগুণৰ বাবে প্ৰাকৃতিক এন্টিচেপ্টিক হিচাপে কাম কৰে, যিয়ে বীজাণুবোৰ ধ্বংস কৰি শগুণটোক ৰোগাক্ৰান্ত নোহোৱাকৈ ৰখাৰ লগতে আন অঞ্চললৈ বীজাণু সংক্রমণত বাধা দিয়ে।

              শগুণে প্ৰায়ে খাদ্য খোৱাৰ পিছত গা ধোৱে। তাৰবাবে শগুণে নিজৰ শৰীৰত পানী ছটিয়াই নাইবা পানীৰ উৎসৰ ওচৰলৈ গৈ গাত পানী চটিয়াই দিয়ে নাইবা পুখুৰী বা নৈত মূৰ আৰু শৰীৰ ডুবাই গা ধোৱে। এনেদৰে শগুণে সদায় নিজক পৰিষ্কাৰ কৰি ৰাখে।

 শগুণে বাহত থকা পোৱালিলৈ খাদ্য নখেৰে খামুচি বা ঠোঁটেৰে কামুৰি নিনিয়ে; বৰং মুখেৰে খাই খাদ্যনলীত থকা টোঁটোলাত (Crop) ভৰাই লৈ যায়। এই টোঁটোলাৰ পৰা পিছত বঁতিয়াই পোৱালীক খুৱায়। পোৱালীক খুওৱা কামটো মতা, মাইকী দুয়োটা শগুণেই কৰে। তদুপৰি, এনেদৰে টোঁটোলাৰ পৰা খাদ্য-বস্তু পিছত শগুণটোৱে নিজেও হজম কৰি ব্যৱহাৰ কৰে। এনেদৰে নখেৰে খামুচি বা ঠোঁটেৰে কামুৰি মাংসৰ টুকুৰা লৈ নোযোৱাৰ বাবে পৰিৱেশ কলুষিত নহয়। ইয়াৰ উপৰিও কেতিয়াবা অন্য জীৱৰ আক্রমণৰ পৰা বাচিবলৈ হঠাৎ উৰি যাব লগা পৰিস্থিতিৰ উদ্ভৱ হ’লে টোঁটোলাৰ পৰা জমা কৰি ৰখা খাদ্য-বস্তু বঁতিয়াই বাহিৰ কৰি দেহৰ ওজন কম কৰি লয়।

              শগুণৰ মূৰ আৰু ডিঙি টকলা হোৱা দেখা যায়, যিয়ে শগুণক মৃতদেহ খোৱাৰ সময়ত পৰিষ্কাৰ কৰি ৰাখে। মৰা-শ এটা ভক্ষণ কৰি থকা সময়ত যেতিয়া শগুণ এটাই দীঘল ডিঙিটো শটোৰ ভিতৰলৈ সুমুৱাই দিয়ে, তেতিয়া প্ৰায়ে তেজ আৰু অন্যান্য তৰল পদার্থ এই অংশত লাগি আহে। ফলত তাত নানা বীজাণুৱে থিতাপি ল’ব পাৰে। পাখি নথকাৰ বাবে এই অংশটি বহুখিনি পৰিষ্কাৰ হৈ থাকে আৰু ফলত পৰিৱেশ কলুষিত হোৱাৰ সম্ভাৱনা কমি যায়। তদুপৰি, মূৰ আৰু ডিঙিৰ উদং ছালে শগুণক দেহৰ উষ্ণতা নিয়ন্ত্রণ কৰি ৰখাটো সহায় কৰে।

             শগুণত দেখা আন এটা আচৰণ হ’ল – সিহঁতে প্ৰায়ে ৰাতিপুৱা ৰ’দত ডেউকা দুখন মেলি ওপৰলৈ তুলি ঠিয় হয়, যাক ‘Horaltic pose’ বুলি কোৱা হয়। ইয়াৰদ্বাৰা শগুণে সৌৰশক্তি শোষণ কৰে আৰু শীতল ৰাতি নাইবা আৰ্দ্ৰ বতৰৰ পিছত তিতি থকা পাখি শুকুৱাই গৰম কৰে। এনেদৰে পাখিত লাগি থকা বেক্টেৰিয়া, বহিঃপৰজীৱী আদি নানা বীজাণু ধ্বংস কৰে আৰু এনেদৰে আন ঠাইলৈ হ’ব পৰা সংক্রমণ ৰোধ কৰে।

            শগুণৰ আন এটা বৈশিষ্ট্য হ’ল – ইহঁতৰ ঘ্ৰাণ শক্তিৰ লগতে চকুৰ দৃষ্টিশক্তি প্ৰখৰ, যাৰ বাবে শগুণে আকাশত উৰি ফুৰিলে বহু দূৰৰ পৰাই মৰা জীৱ-জন্তুৰ সন্ধান উলিয়াব পাৰে। এনেদৰে আকাশত উৰি ফুৰোঁতে শগুণবোৰে অধিক উচ্চতাত বায়ুৰ সোঁত (Air current) ব্যৱহাৰ কৰে আৰু ফলত ডেউকা মাৰি যোৱাৰ প্ৰয়োজন নহয়। ফলস্বৰূপে, দেহৰ শক্তি সংৰক্ষণ হয় আৰু এনেদৰেই শগুণে এদিনত একেৰাহে ৬-৭ ঘন্টা আকাশত উৰি থাকি অতি কমেও ১০০ মাইল দুৰত্ব অতিক্রম কৰিব পাৰে।

(২) পৰিয়াল তথা মতা-মাইকী শগুণৰ পৰস্পৰৰ প্ৰতি দায়বদ্ধতা

             সাংসাৰিক ক্ষেত্রত শগুণৰ এটি বৰ অদ্ভুত চৰিত্ৰ হ’ল – শগুণবোৰ একপত্নীক (Monogamous) চৰিত্ৰৰ; অৰ্থাৎ ইহঁতৰ আজীৱন এজন সংগীহে থাকে। এই যোৰ বন্ধা মতা-মাইকী শগুণ দুটিয়ে বাহ নিৰ্মাণ কৰা, কণী উমনি দিয়া, পোৱালী ডাঙৰ কৰা আদি কামবোৰ গোটেই জীৱন একেলগে থাকিয়ে সম্পন্ন কৰে।

             ভাৰতত উপলব্ধ শগুণবোৰৰ মাইকী শগুণ এজনীয়ে বছৰত মাত্র এটি কণীহে পাৰে আৰু এই কণীটো উমনি দিয়া কামটোত মতা শগুণটোৱেও মাইকীজনীৰ সমানে সহযোগিতা আগবঢ়ায়। আনকি কণীৰ পৰা পোৱালী জগাৰ পিছত পোৱালীটোৰ পৰিচৰ্যা কৰোঁতেও মতা শগুণটোৱে সম্পুৰ্ণ সহায় আগবঢ়ায়। এই পৰিচৰ্যা কালটো কেইবা সপ্তাহৰ পৰা মাহলৈকে হোৱা দেখা যায়। মতা আৰু মাইকী শগুণবোৰ দেখাত একেই হোৱা দেখা যায়, যাৰবাবে বহু সময়ত মতা শগুণ এটিয়ে যেতিয়া কণী উমনি দি থাকে, তেতিয়া সেইটো মাইকী শগুণ বুলি বিভ্ৰান্তও হোৱা যায়।

            এনেবোৰ অলেখ গুণেৰে সমৃদ্ধ চৰাই শগুণ। যাৰবাবেই হয়তো জৰোষ্ট্ৰিয়ান ধৰ্মাৱলম্বী পাৰ্চীসকল লগতে তিব্বত, মঙ্গোলিয়া, চিন আদিৰ কিছু অংশৰ লোকে মানুহৰ মৰা-শ শগুণলৈ আগবঢ়াই মৃতকৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা দেখা যায়। তেওঁলোকে আত্মীয়ৰ মৃতদেহটি কাটি উচ্চ স্থানত ৰাখি অৰ্থাৎ আকাশ সমাধিস্থ কৰি পৱিত্ৰ শগুণৰ প্ৰসাদ হিচাপে আগবঢ়ায়।

            মহাকাব্য ৰামায়ণৰ এটি চৰিত্ৰ ‘জটায়ু’, যিয়ে ৰাৱণে সীতাক হৰণ কৰি নি থাকোতে ৰাৱণৰ সৈতে যুদ্ধ কৰিছিল। এই জটায়ু এটি বৃহৎ শগুণৰ ৰূপতে দেখা গৈছিল। সেয়ে মানুহে বৰ্তমানৰ শগুণক জটায়ুৰ বংশধৰ বুলিয়ে বিশ্বাস কৰে।

            এনেকুৱা নানান বিচিত্র গুণেৰে পৰিপূৰ্ণ চৰাই শগুণ, যাৰবাবেই হয়তো ’শগুণ’ বুলি লিখাৰো যুক্তি থাকি যায়। পৰিৱেশ পৰিষ্কাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা চৰাই শগুণ আজি বিলুপ্তিৰ গৰাহত। ইয়াক উদ্ধাৰ কৰি আমাৰ মাজত জীয়াই ৰখাটো সকলোৰে দায়িত্ব ও কৰ্তব্য।

Download PDF

Leave a Reply