Home > Archive > Fifteenth Issue > Article(Fifteenth Issue) > পশু-পক্ষীৰ পৰা সংক্ৰমিত হ’ব পৰা কেইটামান ৰোগ

পশু-পক্ষীৰ পৰা সংক্ৰমিত হ’ব পৰা কেইটামান ৰোগ

     0votes
  • পশু-পক্ষীৰ পৰা সংক্ৰমিত হ’ব পৰা কেইটামান ৰোগ
  • ড০ বিৰাজ কুমাৰ শৰ্মা

সহকাৰী অধ্যাপক, শল্যচিকিৎসা আৰু ৰঞ্জনৰশ্মি বিভাগ

লখিমপুৰ পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, উত্তৰ লখিমপুৰ, অসম

ফোনঃ ৯৮৬৪৭৪৩০৩৪

আজি সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীয়ে এক বিভীষিকাৰ সৃষ্টি কৰি স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত কৰি তুলিছে । বিশ্ব সম্প্ৰদায়ৰ মাজত জনাজাত হোৱা এই ক’ভিড-১৯ ৰোগে কিছুমান দেশৰ অৰ্থনীতি এনেদৰে বিপৰ্য্যস্ত কৰি তুলিছে যে সেই সংকটৰ পৰা মুক্ত হ’বলৈ হয়তো প্ৰায় এটা দশক পৰ্য্যন্ত সময়ৰ প্ৰয়োজন হ’ব  । এই ভাইৰাচৰ উৎপত্তিক লৈ বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰি আহিছে আৰু ইয়াকে লৈ বিশ্বৰ বিভিন্ন দেশৰ মাজত কূটনৈতিক যুদ্ধ পৰ্য্যন্ত আৰম্ভ হৈছে । তথাপিও এই কথা অনস্বীকাৰ্য্য যে এই ভাইৰাচৰ উৎপত্তিস্থল চীনৰ য়ুহান প্ৰদেশ আৰু বহুতেই ক’ব খোজে যে সেই অঞ্চলৰ লোকসকলৰ আচহুৱা খাদ্যপদ্ধতি অৰ্থাৎ বাদুলীৰ কেঁচা মঙহ ভক্ষণ কৰাৰ ফলশ্ৰুতিত বাদুলীৰ দেহৰ পৰা সেই ভাইৰাচ মানুহৰ দেহত প্ৰৱেশ কৰি ৰোগ সৃষ্টিৰ কাৰক হৈ পৰিল । অকল ক’ভিড-১৯ ৰোগেই নহয়, বিভিন্ন ভয়ংকৰ ৰোগ যেনে ইব’লা, জিকা ভাইৰাচৰ সংক্ৰমণ আদিৰ ক্ষেত্ৰতো প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বিভিন্ন জীৱ-জন্তুৰ অৰিহণা আছে ।

মানৱ দেহৰ বিভিন্ন ৰোগৰ ভিতৰত প্ৰায় ১৪০৭ টা বেক্টেৰিয়াজনিত ৰোগৰ প্ৰায় ৮১৬ টা ৰোগেই হৈছে মানুহৰ পৰা জীৱ-জন্তুৰ দেহলৈ বা জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হোৱা ৰোগ । আজিৰ তাৰিখত ১৭৭ টা বিভিন্ন ৰোগৰ শতকৰা প্ৰায় ৭৩ ভাগেই মানুহৰ পৰা জীৱ-জন্তুৰ দেহলৈ আৰু জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত হোৱা ৰোগ, যাক চিকিৎসা বিজ্ঞানৰ পৰিভাষাত কোৱা হয় জুন’ছিছ (Zoonosis) অৰ্থাৎ উভসংক্ৰামক ৰোগ । বন্যপ্ৰাণী, পোহনীয়া আৰু ঘৰচীয়া জীৱ-জন্তুৰ ৰোগসমূহৰ অধ্যয়ন আজিৰ তাৰিখত অতি গুৰুত্ত্বপূৰ্ণ বিষয়, কিয়নো বনৰীয়া আৰু ঘৰচীয়া বা পোহনীয়া জীৱ-জন্তুৰ স্বাস্থ্যৰ লগতে মানৱ সমাজৰ স্বাস্থ্য তথা জনস্বাস্থ্যৰ দিশত ইয়াৰ গুৰুত্ব অসীম । আজিৰ বিশ্বত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা জনসংখ্যাৰ বিষ্ফোৰণ, বতৰৰ পৰিবৰ্তন, জৈৱ-পাৰিপাৰ্শ্বিকতাৰ প্ৰভাৱ আদি বিভিন্ন কাৰকে ৰোগৰ বীজাণুসমূহৰ জিনীয় পৰিবৰ্তনত প্ৰভাৱ পেলোৱাৰ লগতে ৰোগসমূহ বিয়পা তথা সংক্ৰমিত হোৱাত ইন্ধন যোগাইছে । বন্যপ্ৰাণীকে আদি কৰি ঘৰচীয়া তথা পোহনীয়া জীৱ-জন্তুসমূহে বিভিন্ন ৰোগৰ বাহক হিচাবে কাম কৰি বীজাণুসমূহক পোনপটীয়াকৈ নতুবা পৰোক্ষভাৱে তথা জিনীয় পৰিবৰ্তনৰ মাধ্যমেৰে মানৱ দেহলৈ সংক্ৰমিত হোৱাত সহায়ক হৈ আহিছে । আমি কম-বেছি পৰিমাণে জ্ঞাত যে বিভিন্ন ৰোগৰ বীজাণুৰ প্ৰথম উৎস হৈছে বনৰীয়া জীৱ-জন্তু, যিবোৰৰ পৰা বিভিন্ন মাধ্যমেৰে বীজাণুবোৰ মানুহৰ দেহলৈ সংক্ৰমিত হৈছে, যিবোৰৰ ভিতৰত অন্যতম হৈছে, এইড্‌ছ, শেহতীয়াকৈ কৰ’না, ইব’লা, জিকা ভাইৰাচ ইত্যাদি ।

বনৰীয়া নতুবা পোহনীয়া বা ঘৰচীয়া জীৱ-জন্তুৰ পৰা বিভিন্ন মাধ্যমেৰে মানুহৰ দেহলৈ সংক্ৰমিত হ’ব পৰা ৰোগসমূহক মূলতঃ ভাইৰাচজনিত, বেক্টেৰিয়া জনিত, পৰজীৱিজনিত আদি বিভিন্ন ভাগত ভাগ কৰিব পাৰি। এনে বিভিন্ন ৰোগৰ ভিতৰত আজিৰ আলোচনাত আমি থুলমূলকৈ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহিব পৰা কেইটামান ৰোগৰ বিষয়েহে আলোচনা কৰিবলৈ ওলাইছো । অতীজৰে পৰা জীৱ-জন্তুৰ সৈতে মানুহৰ এক নিবিড় সম্বন্ধ গঢ় লৈ উঠিছে । বনৰীয়া  কিম্বা ঘৰচীয়া  নতুবা পোহনীয়া জীৱ-জন্তুৱেই হওক, সভ্যতাৰ বিকাশৰ লগে লগে যেন পশুক পশুৰ দৰে ব্যৱহাৰ কৰাৰ পৰিবৰ্তে আজিৰ আধুনিক যুগত বহুতেই বিভিন্ন প্ৰকাৰৰ পশু-পক্ষীক পৰিয়ালৰ সদস্য হিচাবেও স্থান দিবলৈ আৰম্ভ কৰিছে । বৰ্তমান সময়ত আজিৰ সমাজত বহুতৰে ঘৰত পোহনীয়া জন্তুৰূপে কুকুৰ, মেকুৰী, শহাপহু, গিনিপিগ, বিভিন্ন চৰাই আদি ৰখাটো একপ্ৰকাৰ আভিজাত্যৰ প্ৰতীকস্বৰূপ হৈ পৰা দেখা গৈছে আৰু আজিৰ সমাজত বহুতেই এইবোৰক সংগী জন্তু (Companion Animal) ৰূপে নাম দিবলৈ লৈছে । কাৰণ আজিৰ ব্যস্ততম সময়ত মানুহে বহুক্ষেত্ৰত অকলশৰীয়া তথা নিসংগতাৰ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ এনে জীৱ-জন্তুৰ সৈতে খেলি সময় অতিবাহিত কৰে । সেইদৰে পদপথৰ গৰাকীবিহিন জীৱ-জন্তুৰ দায়িত্ব ল’বলৈও আজিৰ দিনত বহুলোক ওলাই আহিছে ।  কিন্তু বহুলোকে পোহনীয়াই হওক বা বনৰীয়াই হওক, জীৱ-জন্তুৰ পৰা মানুহৰ দেহলৈ সংক্ৰমিত ৰোগসমূহৰ বিষয়ে বহুক্ষেত্ৰত উলাই কৰি অহা পৰিলক্ষিত হয় । সচেতনতাৰ অভাৱ তথা বহুক্ষেত্ৰত চিকিৎসা বিভাগ আৰু পশুচিকিৎসা বিভাগৰ মাজত সমন্বয়ৰ অভাৱ আদিৰ বাবেও জনস্বাস্থ্যৰ প্ৰতি অহা এনে ভাবুকিসমূহ দৃষ্টিৰ অগোচৰে থাকি বহুক্ষেত্ৰত বিপদত পেলোৱা পৰিলক্ষিত হয় । আজিও আমাৰ মানুহৰ ক্ষেত্ৰত মহামাৰীৰ ৰূপ লোৱা বিভিন্ন বেমাৰ আজাৰ, যেনেঃ জাপানীজ এন্‌কেফেলাইটীছ আদিৰ ভয়াবহতাৰ মূল কাৰণ মানুহৰ মাজত সচেতনতা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱ আদিয়েই প্ৰধান ।

ভাইৰাচজনিত ৰোগৰ ভিতৰত সৰ্বসাধাৰণে আতংকিত হোৱা ৰোগ বুলি ক’লে প্ৰথমতেই মনলৈ আহে  ৰেবিজ বা জলাতংকৰ কথা । ৰেবিজ বা জলাতংক ৰোগত আক্ৰান্ত পশু, যাক ইংৰাজীত কোৱা হয় ৰেবিড এনিমেল ( Rabid Animal), তেনে পশুৰ লেলাৱতীৰ মাধ্যমেৰে এই ৰোগৰ বিষাণু নিঃসৰিত হয় আৰু তেনে আক্ৰান্ত পশুৱে কামুৰিলে বা দেহৰ কটা-ছিঙা ঘা  এনে পশুৰ লেলাৱতীৰ সংস্পৰ্শলৈ আহিলে ৰোগৰ বিষাণুসমূহ সুস্থ মানুহ বা পশুৰ দেহলৈ বিয়পে আৰু সময়মতে প্ৰতিষেধক নললে জলাতংকত আক্ৰান্ত হোৱাতো একপ্ৰকাৰ নিশ্চত আৰু সেই কথা আমি সকলোৱেই হয়তো জানো । সকলো উষ্ণৰক্তী প্ৰাণীয়েই এই ৰোগৰ চিকাৰ হয় আৰু কুকুৰ, শিয়াল, হায়েনা আদিয়ে এইৰোগত আক্ৰান্ত হোৱাৰ লগতে ৰোগৰ বিষাণুৰ বাহক হিচাবেও কাম কৰে ।  সেয়েহে কুকুৰ বা মেকুৰী আদি ঘৰত পোহনীয়া জন্তু (Pet Animal) হিচাবে ৰাখিলে তেনেবোৰ পশুক পশুচিকিৎসকৰ পৰামৰ্শ অনুসৰি সময়মতে এইৰোগৰ বিপৰীতে টিকাকৰণ কৰাটো বাঞ্চনীয় । আজিৰ যুগত পশু ৰক্ষাৰ ক্ষেত্ৰত আমাৰ বহুতৰ মাজত সচেতনতা দেখা গৈছে বা পথৰ গৰাকীবিহীন কুকুৰ আদিৰ প্ৰতিপালনৰ ক্ষেত্ৰতো আগভাগ লোৱা দেখা যায় ।  কিন্তু তেনে গৰাকীবিহীন কুকুৰ বা মেকুৰীক স্পৰ্শ কৰোতে কিছু সুৰক্ষাব্যৱস্থা গ্ৰহণ কৰা উচিত, কাৰণ তেনে গৰাকীবিহীন কুকুৰ-মেকুৰী, বনৰীয়া শিয়াল, হায়েনা আদিবোৰেই হৈছে এই ৰোগৰ বিষাণুৰ অন্যতম বাহক । সেয়েহে, পোহনীয়া জন্তু, প্ৰধানকৈ কুকুৰ আৰু মেকুৰীক, পশুচিকিৎসকৰ পৰামৰ্শ অনুসৰি সময়মতে জলাতংক ৰোগৰ টিকা প্ৰদান কৰা উচিত । আনহাতে এনে জলাতংক ৰোগত আক্ৰান্ত পশুৱে কামুৰিলে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিৰ্দিষ্ট দিনত কামোৰাৰ পিছত ল’ব লগা টিকাসমূহৰ সময়সূচী (Post bite vaccination schedule) মানি চলাতো নিত্যান্তই প্ৰয়োজনীয় । এনে ভাইৰাচজনিত ৰোগৰে অন্য এটা ৰোগ হৈছে বাৰিষাৰ আগে আগে ঘৰচীয়া জন্তু গৰু-ম’হৰ ক্ষেত্ৰত দেখা দিয়া চবকা ৰোগ বা খুৰা ফটা ৰোগ যাক ইংৰাজীত কোৱা হয় Foot and mouth disease (FMD) আৰু যি আমাৰ গ্ৰাম্য সমাজত অতীজৰে পৰা পৰিচিত, যি ৰোগত আক্ৰান্ত পশুৰ মুখ আৰু ভৰিৰ খুৰাৰ মাজত ঘা লাগে আৰু সেই ঘাত বেক্টেৰিয়াৰ সংক্ৰমণ ঘটে । এনে ৰোগত আক্ৰান্ত পশুৰ উৎপাদনশীলতা হ্ৰাস পোৱাৰ লগতে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাই দুৰ্বল হৈ পৰে । যদিও এই ৰোগ গৰু-ম’হৰ দেহত দেখা পোৱা যায়, কেতিয়াবা ই মানুহৰ দেহলৈও সোঁচৰে আৰু মানুহৰ হাতৰ তলুৱাত খহু বা ঘাৰ সৃষ্টি কৰিব পাৰে, যাক ইংৰাজীত কোৱা হয় Apthas fever. সাধাৰণতে আক্ৰান্ত পশুৰ সংস্পৰ্শলৈ আহিলে বা প্ৰতিপালনৰ পিছত হাত ভালদৰে পৰিষ্কাৰ নকৰিলে এনে ৰোগৰ বিষাণু মানুহৰ দেহলৈ প্ৰৱেশ কৰিব পাৰে । বিশেষকৈ গো-পালনত নিয়োজিত ব্যক্তিসকলে এনে Apthas fever ত আক্ৰান্ত হোৱাৰ পূৰা মাত্ৰাই সম্ভাৱনা থাকে ।

আনহাতে বেক্টেৰিয়াজনিত ৰোগসমূহৰ ভিতৰত অন্যতম হৈছে যক্ষ্মা, যি আক্ৰান্ত পশুৰ পৰা মানুহৰ দেহলৈ পোনপটিয়াকৈ প্ৰৱেশ কৰিব পাৰে ।  এনে ৰোগত আক্ৰান্ত ঘৰচীয়া জন্তুবোৰৰ অন্যতম হৈছে গৰু-ম’হ । আক্ৰান্ত খীৰতি গাইৰ ক্ষেত্ৰত গাখীৰৰ মাধ্যমেৰে এনে ৰোগৰ বীজাণু মানুহৰ দেহত প্ৰৱেশ কৰিব পাৰে ।  কিন্তু বহুক্ষেত্ৰত আক্ৰান্ত পশুক চিনাক্ত নকৰা, অথবা আক্ৰান্ত পশুৰ গাখীৰ উতলাই নোখোৱাৰ হেতুকে এনে ৰোগৰ বীজাণু মানুহৰ দেহলৈ প্ৰৱেশ কৰিব পাৰে ।  শিশুৰ ক্ষেত্ৰত গ্ৰন্থিত হোৱা যক্ষ্মা (Gland TB) ইয়াৰ এটি অন্যতম কাৰণ ।  সেয়েহে বজাৰৰ পৰা অনা গাখীৰ সদায় উতলাই চেঁচা কৰি খাব লাগে আৰু বজাৰৰ পৰা অনা কেঁচা গাখীৰৰ পৰা দৈ তৈয়াৰ কৰি খোৱা অনুচিত । কাৰণ বজাৰত বিক্ৰিৰ বাবে অনা গাখীৰ বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি মিশ্ৰণ কৰা হয়; সেইবাবে কেতিয়াবা অজানিতে আক্ৰান্ত পশুৰ গাখীৰ তাত মিহলি হ’লে গোটেই গাখীৰখিনিয়েই এনে বেক্টেৰিয়াৰ উৎস হ’ব পাৰে । বেক্টেৰিয়াজনিত ৰোগসমূহৰে অন্যতম এটি হৈছে ব্ৰুচেল’চিছ ( Brucellosis) । Brucella abortus নামৰ এক বেক্টেৰিয়া এই ৰোগৰ বাবে জগৰীয়া, যিয়ে আক্ৰান্ত গৰ্ভৱতী গাইগৰুৰ শেষৰ তিনিমাহৰ ভিতৰত গৰ্ভপাত কৰা দেখা যায় । এইৰোগে মানুহৰ শৰীৰতো কেতিয়াবা ৰোগৰ সৃষ্টি কৰা দেখা যায়, যাক কোৱা হয় Malta fever  বা Undulant fever, কাৰণ ভূমধ্য সাগৰীয় অঞ্চলৰ মাল্টা নামৰ এক দ্বীপত এই ৰোগ প্ৰথমে দেখিবলৈ পোৱা গৈছিল । আক্ৰান্ত পশুৰ মৃত ভ্ৰুণ হাতেৰে স্পৰ্শ কৰাৰ ফলত সাধাৰণতে এই ৰোগ বিয়পে । এনথ্ৰাক্স বা টেটুৱা লগা ৰোগ হৈছে আন এক ভয়ংকৰ বেক্টেৰিয়াজনিত সংক্ৰামক ৰোগ আৰু Bacillus anthracis নামৰ এক বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয় আৰু য’ত মৃত্যুৰ হাৰ শতকৰা এশ শতাংশ ।  পশু-পক্ষীৰ পৰা এই ৰোগ মানুহৰ দেহলৈ সংক্ৰমিত হয় আৰু যাক শত্ৰু দেশ তথা সন্ত্ৰাসবাদী সংগঠনে জৈৱিক অস্ত্ৰ হিচাবেও ব্যৱহাৰ কৰিব পাৰে ।  এই ৰোগত আক্ৰান্ত হ’লে দেহত তেজ গোট মৰা প্ৰক্ৰিয়া বন্ধ হৈ যোৱাৰ হেতুকে মৃত্যুৰ পিছতো দেহৰ বিভিন্ন অংগ যেনে নাক, মুখ, গুহ্যদ্বাৰ, যোনীদ্বাৰ আদিৰ পৰা গোট নমৰা তেজ অহৰহ নিৰ্গত হৈ থাকে ।  এই ৰোগৰ বীজাণু তেনে আক্ৰান্ত বা মৃত পশুৰ পৰা বায়ুমণ্ডলৰ মাধ্যমেদি মানুহৰ দেহলৈ সংক্ৰমিত হয় । এইবোৰৰ উপৰিও Salmonella, E. coli  আদি বেক্টেৰিয়াৰ সংক্ৰমণ পশুৰ দেহৰ পৰা মানুহৰ দেহলৈ হ’ব পৰা এক অন্যতম প্ৰত্যাহ্বান, যিয়ে শিশুৰ দেহত মাংসপেশীৰ সংকোচন, পেটচলা আদি ৰোগৰ সৃষ্টি কৰিব পাৰে । Salmonella নামৰ বেক্টেৰিয়াবিধ সাধাৰণতে মানুহ বা পশু-পক্ষীৰ অন্ত্ৰত থাকে আৰু কেতিয়াবা ৰোগৰ কাৰক হৈ পৰে আৰু মানুহৰ দেহত Salmonellosis নামৰ ৰোগৰ সৃষ্টি কৰে আৰু ৰোগৰ লক্ষণ হৈছে ৰোগীৰ অতিপাত জ্বৰ, বমি, পনীয়া শৌচ, পেটৰ বিষ ইত্যাদি ।  খাদ্যবস্তুৰ মাধ্যমেৰে বিশেষকৈ আক্ৰান্ত পশুৰ বিষ্ঠাৰ সংস্পৰ্শলৈ অহা মাংস, কণী আদিৰ জৰিয়তে এই ৰোগ মানুহৰ দেহলৈ বিয়পে । সেয়েহে এনে খাদ্যবস্তু গ্ৰহণ কৰা অনুচিত ।

আনহাতে, পৰজীৱিজনিত ৰোগসমূহৰ ভিতৰত অন্যতম হৈছে Toxoplasmosis, যি ৰোগ Toxoplasma gondii  নামৰ এবিধ পৰজীৱিৰ সংক্ৰমণৰ দ্বাৰা হয় । এইবিধ পৰজীৱি ঘাইকৈ মেকুৰী প্ৰজাতিৰ প্ৰাণীৰ বিষ্ঠাৰ মাধ্যমেৰে মানুহৰ দেহলৈ বিয়পে আৰু গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত গৰ্ভপাতৰ কাৰক হৈ পৰে । সেয়েহে পোহনীয়া জন্তু হিচাবে মেকুৰী প্ৰতিপাল কৰোঁতে গৃহস্থ কিছু সচেতন হোৱা উচিত ।  আনহাতে বন্যপ্ৰাণী প্ৰতিপালনৰ সৈতে জড়িত গৰ্ভৱতী মহিলাসকলে এই ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা উচিত । পৰজীৱিজনিত ৰোগৰ অন্য উদাহৰণবোৰ হৈছে – হাকোটা পেলুৰ সংক্ৰমণ, ঘূৰণীয়া পেলুৰ সংক্ৰমণ ইত্যাদি, যিবোৰ বিভিন্ন পোহনীয়া বা ঘৰচীয়া জীৱ-জন্তুৰ মাধ্যমেৰে মানুহৰ দেহলৈ বিয়পিব পাৰে । পৰজীৱি ৰোগৰে অন্যতম হ’ল ফিটাপেলুৰ সংক্ৰমণ, যিটোৰ ক্ষেত্ৰত গাহৰিয়ে বাহকৰ কাম কৰে আৰু ভালকৈ নিসিজোৱা গাহৰিৰ মাংস নতুবা গাহৰিৰ বিষ্ঠা সাৰ হিচাপে ব্যৱহাৰ কৰা অঞ্চলৰ শাক-পাচলি কেঁচাকৈ ভক্ষণ কৰিলে ফিটা পেলু মানুহৰ শৰীৰত প্ৰৱেশ কৰে ।

এনে বিভিন্ন ৰোগৰ এইবোৰ কেইটামান উদাহৰণহে । এনে বহু ৰোগে হয়তো অদূৰ ভৱিষ্যতে আমাৰ সমাজ-জীৱনত বিভিন্ন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব  । সেয়েহে এনে ৰোগসমূহৰ চিনাক্তকৰণ আৰু প্ৰতিকাৰসমূহৰ বিষয়ে বিশদভাৱে তথ্য লাভ কৰিবলৈ চিকিৎসা বিভাগ, পশুচিকিৎসা বিভাগ, বন বিভাগ আদিৰ মাজত তথ্যৰ আদান-প্ৰদান, যুটীয়া গৱেষণা আৰু যোগসূত্ৰৰ অতি প্ৰয়োজন । আগতেই উল্লেখ কৰা হৈছে যে বনৰীয়া শিয়াল, হায়েনা আদি জলাতংকৰ দৰে ৰোগৰ বিষাণুৰ বাহক আৰু অৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলত চলা-ফুৰা কৰা গৰু-ম’হ, ছাগলী আদি কেতিয়াবা এনে জন্তুৰ চিকাৰ হ’ব  পাৰে। সেয়েহে এনেক্ষেত্ৰত এনে জন্তুৰ গতিবিধিৰ বিষয়ে সকলো বিভাগৰ মাজত তথ্যৰ আদান প্ৰদান অতিশয় জৰুৰী । অন্যথা কেতিয়াবা উভসংক্ৰামক ৰোগে মহামাৰী সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিলে ততাতৈয়াকৈ এনে ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত বহু পলম হৈ যাব ।

Download PDF

Leave a Reply