Home > Curiosity > Curiosity (19th Issue)

Curiosity (19th Issue)

     0votes

*Purabi Nath, Genius Academy, North Lakhimpur

প্ৰশ্নঃ মানুহৰ লিঙ্গ কিদৰে নিৰ্দ্ধাৰিত হয়?

উত্তৰমানৱ কোষত থকা ২৩ যোৰ ক্ৰমজ’মৰ ভিতৰত এযোৰ লিঙ্গৰ সৈতে জড়িত। পুৰুষৰ ক্ষেত্ৰত এই যোৰৰ ভিতৰত এডাল ‘X’ আৰু আনডাল ‘Y’ ক্ৰমজ’ম। আনহাতে, স্ত্ৰীৰ ক্ষেত্ৰত এই দুয়োডালেই হ’ল ‘X’ ক্ৰমজ’ম। ক্ৰমজ’মৰ প্ৰকাৰ অনুসৰি পুৰুষৰ শুক্ৰাণু দুই প্ৰকাৰৰ হ’ব পাৰে – ‘X’ ক্ৰমজ’ম যুক্ত অথবা ‘Y’ ক্ৰমজ’ম যুক্ত। কিন্তু স্ত্ৰীজনন কোষ অৰ্থাৎ ডিম্বকোষ কেৱল ‘X’ ক্ৰমজ’ম যুক্ত। যেতিয়া ‘X’ ক্ৰমজ’ম যুক্ত শুক্ৰাণুৱে ‘X’ ক্ৰমজ’ম যুক্ত ডিম্বকোষক নিষিক্ত কৰাৰ ফলত সন্তান জন্ম হয়, তেতিয়া ‘XX’ ক্ৰমজ’ম যুক্ত কণ্যা সন্তান জন্ম হয়। আনহাতে, ‘Y’ ক্ৰমজ’ম যুক্ত শুক্ৰাণুৱে ‘X’ ক্ৰমজ’ম যুক্ত ডিম্বকোষক নিষিক্ত কৰিলে, ‘XY’ ক্ৰমজ’ম যুক্ত পুত্ৰ সন্তান জন্ম হয়।

*Ms. Nayan Moni Gogoi, Asom Jnanbhumi Academy, North Lakhimpur

প্ৰশ্নঃ হাৰ্বেৰিয়াম চিট্‌ কি?

উত্তৰহাৰ্বেৰিয়াম হ’ল সংগৃহীত উদ্ভিদৰ নমুনাৰ এক ভঁৰাল। ভিন ভিন উদ্ভিদৰ নমুনাসমূহ সংগ্ৰহ কৰি শুকাই লৈ এক সমতলৰ ওপৰত হেঁচা দি চেপেটা কৰি লৈ ডাঠ কাগজৰ ওপৰত আঠা দি বা চিলাই কৰি লগাই থোৱা হয়। লগতে কাগজৰ ওপৰত নমুনাটো সম্পৰ্কীয় দৰকাৰী তথ্য, যেনে – সংগ্ৰহ কৰা তাৰিখ, উৎস, সংগ্ৰাহকৰ নাম, উদ্ভিদ বিধৰ স্হানীয় আৰু ইংৰাজী নাম, বৈজ্ঞানিক নাম আদিও লিপিবদ্ধ কৰি ৰখা হয়।

*Latu Borah, Genius Academy, North Lakhimpur

Question: What is an enzyme? Can enzyme function be altered by recombinant DNA technology?

Answer: Enzymes are biological catalysts that can speed up biochemical reactions in living organisms. They can be extracted from cells and then used to catalyse a wide range of commercially important processes. Enzymes can also be produced in the laboratory using recombinant DNA technology. Hence, their activity and specificity may also be altered as per the need when they are produced in vitro by rDNA technology by using altered genes coding for the specific enzyme, where desired mutations are induced.

Leave a Reply