Home > Curiosity > Curiosity (20th Issue)

Curiosity (20th Issue)

     0votes

প্ৰশ্নঃ পানীৰ সোৱাদ কিয় নাই? চিম্পী বৰা, ৮ম শ্ৰেণী, বাধাকৰা উচ্চ বিদ্যালয়, লখিমপুৰ

উত্তৰঃ বিশুদ্ধ পানীত সম পৰিমাণৰ H+ আৰু OH আয়ন থাকে অন্যহাতে, বিশুদ্ধ পানীত কোনো দ্ৰৱীভূত খনিজ পদাৰ্থ বা আন উপাদান নাথাকে সেয়েহে ইয়াৰ কোনো সোৱাদ নাই

প্ৰশ্নঃ আমাৰ ভোক কিয় লাগে? নিটুমণি বৰা, ৯ম শ্ৰেণী, বাধাকৰা উচ্চ বিদ্যালয়, লখিমপুৰ

উত্তৰঃ আমাৰ পাকস্থলি খালি হৈ থাকিলে আমাৰ ভোক লাগে এবাৰ খাদ্য খোৱাৰ প্ৰায় ১৩০ মিনিটৰ ভিতৰত খাদ্যনলীৰ মাংসপেশীৰ সংকোচনৰ ফলত খাদ্যবোৰ পাকস্থলিৰ পৰা লাহে লাহে ক্ষুদ্ৰ আৰু বৃহৎ অন্ত্ৰলৈ নিগৰি গৈ থাকে মাংসপেশীৰ এই সংকোচন ঘাইকৈ ম’টিলিন আৰু ঘ্ৰেলিন নামৰ দুবিধ হৰম’নৰ প্ৰভাৱত ঘটে এনে সংকোচনৰ কাৰণে খাদ্যনলীৰ বেৰত থকা স্নায়ুপ্ৰান্তৰ ওপৰত পৰা চাপৰ ফলত ভেগাচ্‌ স্নায়ুয়ে এই সংকেত মগজুৰ হাইপ’থেলামাচত অৱস্থিত ভোকৰ অনুভূতিৰ স্নায়ৱিক কেন্দ্ৰলৈ কঢ়িয়াই লৈ যায় ফলত আমাৰ ভোক লাগে

প্ৰশ্নঃ বৰফ পানীত কিয় ওপঙি থাকে? দোলনমণি পাঠক, ৮ম শ্ৰেণী, বাধাকৰা উচ্চ বিদ্যালয়, লখিমপুৰ

উত্তৰঃ পানীৰ ঘনত্ব (১.০০) বৰফতকৈ (০.৯৩১) অধিক সেয়েহে, বৰফৰ চপৰা এটাই যিমানখিনি পানী অপসাৰিত কৰে তাৰ ওজন বৰফৰ চপৰাটোতকৈ অধিক হয় গতিকে বৰফৰ চপৰাটো পানীত ওপঙি থাকে

প্ৰশ্নঃ আকাশখন দেখিবলৈ নীলা কিয়? লক্ষীৰাণী শইকিয়া, ৯ম শ্ৰেণী, বাধাকৰা উচ্চ বিদ্যালয়, লখিমপুৰ

উত্তৰঃ বায়ুমণ্ডলত আহি প্ৰৱেশ কৰা সূৰ্যৰ ৰশ্মি বায়ুত থকা গেছ আৰু ধূলিকণাত ঠেকা খাই চাৰিওফালে বিচ্চুৰিত হয় নীল বৰণীয়া ৰশ্মি আন ৰশ্মিতকৈ অধিক বিচ্চুৰিত হয়, কাৰণ ই আটাইতকৈ সৰু আৰু চুটি ঢৌৰূপে গতি কৰে সেয়েহে, সৰহভাগ সময়ত আমি আকাশখন নীলা দেখোঁ

প্ৰশ্নঃ আমাৰ দেহৰ তেজ কিয় ৰঙা? যুৱৰাজ দাস, ৫ম শ্ৰেণী, শ্ৰী সত্য চাই বিদ্যা বিহাৰ, গোলাঘাট

উত্তৰঃ আমাৰ তেজত থকা লোহিত ৰক্ত কণিকাবোৰৰ কাৰণেই তেজৰ ৰং ৰঙা হয় লোহিত ৰক্ত কণিকাবোৰত হিম’গ্ল’বিন নামৰ এক প্ৰ’টিন জাতীয় কণা থাকে, যি অক্সিজেনৰ সৈতে যুক্ত হ’ব পাৰে হিম’গ্ল’বিনে দেহৰ বিভিন্ন স্থানলৈ অক্সিজেন কঢিয়াই লৈ ফুৰে হিম’গ্ল’বিন আকৌ গ্ল’বিন নামৰ এবিধ প্ৰ’টিন আৰু হিম নামৰ লোৰ অণুৰে গঠিত এক যৌগ

প্ৰশ্নঃ আমি কিয় অসুস্থ হওঁ? ঈশা হাজৰিকা, ৫ম শ্ৰেণী, শংকৰদেৱ শিশু নিকেতন, গোলাঘাট

উত্তৰঃ অসুস্থতা ঘাইকৈ দুই প্ৰকাৰৰ – শাৰীৰিক আৰু মানসিক অসুস্থতা শাৰীৰিক অসুস্থতা বিভিন্ন কাৰকৰ ফলত হ’ব পাৰে; তাৰ ভিতৰত মূল কাৰকবোৰ হ’ল – বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ আদি বিভিন্ন জীৱাণুৰ দ্বাৰা সংঘটিত আক্ৰমণ, দেহত থাকিবলগীয়া নিৰ্দ্দিষ্ট পৰিমাণৰ নানান খনিজ পদাৰ্থ, ভিটামিন বা অন্যান্য ৰাসায়নিক পদাৰ্থৰ অভাৱ, বিহজাতীয় ৰাসায়নিক দ্ৰৱ্যৰ পৰা হোৱা বিষক্ৰিয়া, দেহত হোৱা শাৰীৰিক আঘাত, প্ৰতিকূল পৰিৱেশৰ প্ৰভাৱ ইত্যাদি আনহাতে, মানসিক অসুস্থতাৰ মূল কাৰণ হ’ব পাৰে বিভিন্ন কাৰণত উদ্ভৱ হোৱা অত্যধিক মানসিক চাপ কেতবোৰ শাৰীৰিক অথবা মানসিক ৰোগ জন্মগতও হ’ব পাৰে

প্ৰশ্নঃ বৰফ পানী থকা গিলাচ এটাৰ বাহিৰৰ পৃষ্ঠত কিয় পানীৰ টোপাল বিৰিঙি উঠে?

গীতাৰ্থ বৈশ্য, ৫ম শ্ৰেণী, শ্ৰী সত্য চাই বিদ্যা বিহাৰ, গোলাঘাট

উত্তৰঃ বৰফযুক্ত ঠাণ্ডা পানীয়ে গিলাচটোৰ বেৰখন চেঁচা কৰি তোলে বায়ুমণ্ডলত থকা জলীয় বাষ্প যেতিয়া গিলাচটোৰ বাহিৰৰ চেঁচা পৃষ্ঠৰ সংস্পৰ্শলৈ আহে, তেতিয়া ঘনীভূত হৈ পানীৰ টোপাললৈ ৰূপান্তৰিত হয় ফলত গিলাচটোৰ বাহিৰৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি উঠে

প্ৰশ্নঃ গাখীৰৰ ৰং বগা কিয়? অয়নজ্যোতি কৌশিক, ৫ম শ্ৰেণী, শ্ৰী সত্য চাই বিদ্যা বিহাৰ, গোলাঘাট

উত্তৰঃ গাখীৰত থকা কেজিন নামৰ প্ৰ’টিনে কেলচিয়াম আৰু ফচ্‌ফেট্‌ অণুৰ লগ হৈ মাইচেলিচ্‌ নামৰ এক সূক্ষ্ম কণাৰ সৃষ্টি কৰে পোহৰৰ ৰশ্মি এই মাইচেলিচ্‌ কণাবোৰত ঠেকা খালে পোহৰত থকা সকলো ৰঙৰ ৰশ্মি প্ৰতিফলিত কৰে আৰু কোনো ৰঙৰ ৰশ্মি শোষণ নকৰে সকলো ৰঙৰ ৰশ্মি একেলগে প্ৰতিফলিত হোৱাৰ ফলত আমি গাখীৰৰ ৰং বগা দেখোঁ

Leave a Reply