Home > School Zone > জিনীয়ভাৱে পৰিৱৰ্তিত জীৱ (Genetically Modified Organism)

জিনীয়ভাৱে পৰিৱৰ্তিত জীৱ (Genetically Modified Organism)

**** 3votes

বৰ্তমান যুগত জৈৱপ্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব বিকাশে আমাৰ জীৱন ধাৰণ প্ৰক্ৰিয়াত এক বিপ্লৱৰ সূচনা কৰিছে। জিনীয়ভাৱে পৰিৱৰ্তিত জীৱ হ’ল এনে এবিধ জীৱ যাৰ জিনসমূহ জিনীয় আভিযান্ত্ৰিক (genetic engineering) পদ্ধতিৰ দ্বাৰা সালসলনি কৰি নতুবা অন্য প্ৰজাতিৰ জীৱৰ পৰা আহৰণ কৰা জিন সংযোজন কৰি নতুন কিছুমান চৰিত্ৰ প্ৰদান কৰা হয়। বৈজ্ঞানিকভাৱে সৃষ্ট প্ৰথম জিনীয়ভাৱে পৰিৱৰ্তিত (genetically modified)  নিগনি সৃষ্টি কৰা হৈছিল ১৯৭৩ চনত। পৰবৰ্তী কালত ১৯৮৩ চনত পোন প্ৰথমবাৰৰ বাবে জিনীয়ভাৱে পৰিৱৰ্তিত উদ্ভিদ সৃষ্টি কৰা হৈছিল।

পদ্ধতিগতভাৱে GMO সৃষ্টিত প্ৰয়োজন হোৱা পদ্ধতিসমূহ হ’ল জিনীয় উৎপৰিবৰ্তন (Mutation), সংযোজন (Insertion) তথা বিলোপন (Deletion)। জিন সংযোজন প্ৰক্ৰিয়াত সাধাৰণতে জিন সমূহ বেলেগ প্ৰজাতিৰ পৰা আহৰণ কৰা হয় আৰু কৃত্ৰিমভাৱে জীৱটোৰ জিনম (Genome)ত সংযোজিত কৰা হয়। ইয়াৰ বাবে ব্যৱহাৰ কৰা কেইটামান মাধ্যম হ’ল- ভাইৰাচ, Syringe, Gene gun তথা Electroporation -ৰ দ্বাৰা জিন সংযোজন প্ৰযুক্তি।  হাৰ্বাৰ্ট বয়াৰ (Herbert Boyer) আৰু ষ্টেন্‌লি কহেন (Stanley cohen) নামৰ বৈজ্ঞানিকদ্বয়ে ১৯৭৩ চনত পোনপ্ৰথমবাৰৰ বাবে জিনীয়ভাৱে পৰিৱৰ্তিত বেক্টেৰিয়া এবিধ সৃষ্টি কৰিছিল, য’ত তেওঁলোকে অন্য এবিধ বেক্টেৰিয়াৰ পৰা কেনামাইচিন (Kanamycin) নামৰ প্ৰতিজৈৱিক (antibiotic) প্ৰতিৰোধী এবিধ জিন সংযোজন কৰাত সফল হৈছিল। ইয়াৰ ফলত সেই পৰিৱৰ্তিত বেক্টেৰিয়া বিধে কেনামাইচিনৰ ক্ৰিয়া বিফল কৰিব পৰা গুণ অৰ্জন কৰিছিল। সেই একেই বছৰতে অৰ্থাৎ ১৯৭৩ চনত ৰুদল্ফ জিনিস্ক (Rudolf Jaenisch) নামৰ বৈজ্ঞানিকজনে বহিৰাগত জিন সংযোজন কৰি পোন প্ৰথমবাৰৰ বাবে জিনীয়ভাৱে পৰিৱৰ্তিত তথা Transgenic নিগনি সৃষ্টি কৰাত সফল হৈছিল।

উদ্ভিদৰ ক্ষেত্ৰত প্ৰথম সৃষ্ট GMO হ’ল এন্টিবায়’টিক প্ৰতিৰোধী ধপাত (১৯৮২) আৰু বিশ্বৰ ভিতৰত চীনদেশে পোন প্ৰথমবাৰৰ কাৰণে ১৯৯২ চনত ভাইৰাচ প্ৰতিৰোধী ধপাত গছৰ বাণিজ্যিকৰণ কৰিছিল। বাণিজ্যিকভাৱে উপলব্ধ প্ৰথম GM প্ৰাণী হ’ল গ্ল’ফিছ (Glofish) নামৰ এবিধ জেব্ৰা ফিছ্‌ (Zebra fish) যাৰ দেহত এবিধ Fluorescent gene সংযোজন কৰা হৈছিল |

GMO সমূহ প্ৰধানকৈ ব্যৱহৃত হোৱা কেইটামান ক্ষেত্ৰ হ’ল জীৱবিজ্ঞানৰ গৱেষণা, কৃষিখণ্ড, ঔষধ উৎপাদন, ইত্যাদি |

১) ঔষধৰ উৎপাদনঃ মানুহ তথা পশু-পক্ষীৰ বাবে প্ৰয়োজনীয় কেতবোৰ দৰব যেনে- ইনচুলিন, তেজ গোট মৰাৰ বাবে প্ৰয়োজনীয় blood clotting factors, শাৰীৰিক বৃদ্ধিৰ বাবে প্ৰয়োজনীয় হৰম’ন (growth hormone) ইত্যাদি সাধাৰণতে GM বেক্টেৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰা হয়। তদুপৰি বিভিন্ন ধৰণৰ উৎসেচক (Enzyme) যেনে- আল্‌ফা এমাইলে’জ্‌ (Alpha-amylase), কাইম’চিন (Chymosin) আদিৰ উৎপাদনৰ বাবেও  GM বেক্টেৰিয়া ব্যৱহাৰ কৰা হয়।

GMO ৰ সহায়ত মানৱ জাতিৰ কাৰণে প্ৰয়োজনীয় বহুতো জীৱনদায়িনী ঔষধৰ উৎপাদন অতি কম খৰচতে কৰিব পৰাটো বৰ্তমান সম্ভৱপৰ হৈ উঠিছে। সৌ সিদিনালৈকে এনেবোৰ ঔষধৰ বাবে আমি অন্য জীৱ (যেনেঃ গাহৰি)ৰ  ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছিল।

২) কৃষিখণ্ডঃ GM বহুলভাৱে ব্যৱহৃত এটা খণ্ড হ’ল কৃষি আৰু ইয়াৰ মূল উদ্দেশ্য হ’ল শস্যসমূহত কিছুমান নতুন চৰিত্ৰ/গুণ প্ৰদান কৰা যিবোৰ সাধাৰণতে প্ৰাকৃতিগতভাবে উপলব্ধ শস্যত পোৱা নাযায় | কৃষিত GM প্ৰযুক্তি ব্যৱহাৰৰ কেইটামান উল্লেখযোগ্য উদাহৰণ হ’ল কীট-পতংগ প্ৰতিৰোধী (Insect resistant) আৰু অপতৃণ প্ৰতিৰোধী (Herbicide resistant) শস্য। ইয়াৰ ভিতৰত কীট-পতংগ প্ৰতিৰোধী ক্ষমতা সম্পন্ন কপাহ (Bt- cotton), বেঙেনা (Bt-Brinjal), বিলাহী (Bt-tomato) আদি উল্লেখযোগ্য। উল্লেখিত শস্যসমূহ্ত সাধাৰণতে Bacillus thuringiensis নামৰ এবিধ বেক্টেৰিয়াৰ পৰা সংগ্ৰহ কৰা Bt-toxin নামৰ এবিধ বিহৰ জিন সংযোজন কৰি শস্যসমূহক কীট পতংগ প্ৰতিৰোধী ক্ষমতা সম্পন্ন (Insect resistant) কৰা হৈছে। যাৰ দ্বাৰা শস্যসমূহত কীট-পতংগনাশক দৰৱ (Insecticide)ৰ অপপ্ৰয়োগ তথা আৰ্থিক লোকচানৰ পৰা কৃষক সকলক বহু পৰিমাণে  সকাহ দিয়াতো সম্ভৱ হৈছে। তদুপৰি GM  প্ৰযুক্তি প্ৰয়োগেৰে শস্যসমূহৰ গুণগত মানদণ্ড অৰ্থাৎ খাদ্যপ্ৰাণ আৰু প্ৰটিনৰ পৰিমাণ বৃদ্ধি কৰিব পৰাটো সম্ভৱপৰ হৈছে। এইক্ষেত্ৰত অধিক পৰিমাণৰ Vitamin A যুক্ত Golden rice নামৰ চাউলবিধৰ নাম বিশেষভাৱে উল্লেখযোগ্য, কাৰণ এইবিধ চাউলৰ ব্যবহাৰৰ জৰিয়তে উন্নয়নশীল দেশসমূহত শিশুসমূহৰ মাজত ভিটামিন এ (Vitamin A) ৰ অভাৱ দূৰ কৰাত বহু পৰিমাণে কাৰ্যকৰী হৈছে।

দুষ্পাপ্য তথা বিলুপ্তপায় উদ্ভিদৰ সংৰক্ষণৰ ক্ষেত্ৰতো জিনীয় পৰিৱৰ্তন পদ্ধতিয়ে উল্লেখযোগ্য অৰিহণা আগবঢ়াইছে। তদুপৰি এই পদ্ধতিৰ  দ্বাৰা পৰিৱৰ্তিত পৰিৱেশৰ লগত খাপ খাই পৰা উদ্ভিদ তথা শস্য সৃষ্টিও সম্ভৱপৰ হৈ উঠিছে, যাৰ দ্বাৰা অদূৰ ভৱিষ্যতে গোলকীয় উষ্ণতা বৃদ্ধিৰ লগত খাপ খাব পৰাকৈ অধিক শস্য উৎপাদন কৰিব পৰা হ’ব বুলি আশা কৰিব পাৰি।

৩) গৱেষণাঃ GM প্ৰাণীৰ বহুলভাৱে ব্যৱহৃত অন্য এক দিশ হ’ল মানুহৰ বিভিন্ন বেমাৰৰ আৰ্হি (Model) প্ৰস্তুত কৰা তথা সেইবোৰৰ চিকিৎসাৰ গৱেষণা। অন্যহাতে বিভিন্ন ধৰণৰ দৰৱৰ পৰীক্ষণ প্ৰক্ৰিয়াতো GM প্ৰাণীসমূহৰ প্ৰয়োগ বৰ্তমান সম্ভৱ হৈ উঠিছে। বৰ্তমানলৈকে GM পদ্ধতিৰ সহায়ত GM এন্দুৰ, নিগনি, শহাপহু, ভেড়া, গাহৰি ইত্যাদি জীৱৰ সৃষ্টিত বৈজ্ঞানিকসকল সফল হৈছে। তাৰে ভিতৰত  অংগ সংৰোপন (Organ transplantation) পৰীক্ষাত GFP সংযোজিত GM গাহৰিৰ ব্যৱহাৰ উল্লেখযোগ্য। সেইদৰে GM মেকুৰীৰ ব্যৱহাৰ কৰি বৰ্তমান HIV/AIDS ৰ গৱেষণা কৰাত বিজ্ঞানীসকল সফল হৈছে ।

এনেদৰে জিনীয়ভাৱে পৰিৱৰ্তিত জীৱৰ উৎপাদনেৰে অনাগত দিনত জীৱবিজ্ঞানীসকলে জীৱবিজ্ঞানকে আদি কৰি চিকিৎসা তথা কৃষিখণ্ডলৈ এক বৈপ্লবিক পৰিৱৰ্তন আনিব পাৰিব বুলি আশা কৰা হৈছে, যাৰ প্ৰভাৱ হ’ব সুদূৰপ্ৰসাৰী। যদিও জিনীয় পৰিৱৰ্তন পদ্ধতি আজিও তুলনামূলকভাৱে প্ৰাথমিক অৱস্থাত আছে আৰু তুলনামূলকভাৱে ই এক ব্যয়বহুল প্ৰচেষ্টা বুলি ধৰি লোৱা হয়, তথাপিও বিজ্ঞানৰ অগ্ৰগতিৰ বাবে এই জিনীয় পৰিৱৰ্তনৰ পদ্ধতিয়ে অদূৰ ভৱিষ্যতে এক নতুন দিগন্ত মুকলি কৰিব বুলি সকলোৱে আশাবাদী, যিয়ে জীৱবিজ্ঞানৰ জগতখনলৈ ন ন সম্ভাৱনা মুকলি কৰিব। কামনা কৰোঁ সেই দিন সোনকালে আহক।

 

Leave a Reply