1. Multidrug resistant TB মানে কি? Ms. Purobi Nath, Class XI, Genius Academy,
North Lakhimpur
Ans. সম্প্ৰতি যক্ষ্মা ৰোগৰ কাৰকবোৰে ক্ৰমান্বয়ে চিকিৎসাৰ বাবে সাধাৰণতে ব্যৱহৃত দৰৱসমূহৰ বিপক্ষে প্ৰতিৰোধী ক্ষমতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আটাইতকৈ সঘনাই ব্যৱহৃত আইচ’নিয়াজিদ্ আৰু ৰিফাম্পিচিন্ নামৰ দৰৱ দুবিধৰ প্ৰতিৰোধী এনে কাৰকসমূহক বহু-ঔষধ-প্ৰতিৰোধী [Multi-drug-resistant (MDR)] মাইক’বেক্টেৰিয়াম্ টিউবাৰকুল’চিচ্ বোলা হয়।
2. Reproductive clone মানে কি? Manjil Pratim Nath, Class XII
Brilliant Academy, North Lakhimpur
Ans. ৰিপ্ৰদাক্টিভ্ ক্ল’নিং হ’ল এনে এক প্ৰক্ৰিয়া, যাৰ জড়িয়তে এটা জীৱৰ সৈতে আনুবংশিকভাৱে সাইলাখ একে আন এটা জীৱ সৃষ্টি কৰিব পৰা যায়। ভ্ৰূণ এটাক আদি অৱস্থাতে দুটা ভাগত বিভক্ত কৰি অথবা পূৰ্ণবয়স্ক জীৱৰ শাৰীৰিক কোষৰ কোষকেন্দ্ৰটো কেন্দ্ৰহীন ডিম্ব এটাৰ ভিতৰত সংস্থাপন কৰি এনে ক্ল’নৰ সৃষ্টি কৰিব পাৰি।
3. বংশগতিত মাইট’কন্দ্ৰিয়াৰ ভূমিকা কি?
Jyotishman Bhattacharjee, Class XI
Brilliant Academy, Mangaldai
Ans. প্ৰায় সকলো স্তন্যপায়ী প্ৰাণীৰ ক্ষেত্ৰত কোষৰ মাইট’কন্দ্ৰিয়াবোৰ কেৱল মাতৃকোষ অৰ্থাৎ ডিম্বকোষৰ জড়িয়তেহে এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ স্নানান্তৰিত হয়। মানুহৰ ক্ষেত্ৰতো পুৰুষৰ শুক্ৰকোষৰ পৰা মাইট’কন্দ্ৰিয়া পিছৰ প্ৰজন্মলৈ বিস্তাৰিত হোৱাৰ কোনো প্ৰমাণ এতিয়ালৈকে পোৱা হোৱা নাই। সেইবাবে, মাইট’কন্দ্ৰিয়াই প্ৰকৃতাৰ্থত এটা প্ৰজন্মৰ পৰা তাৰ পিছৰ প্ৰজন্মলৈ বংশ পৰিচয় কঢ়িয়ায়।
4. বিলাহী পকিলে কিয় ৰঙা হয়? Prabaljyoti Boro, Class IX
Don Bosco High School, Mangaldai
Ans. বিলাহী পকিবলৈ ধৰিলে প্ৰথমে তাৰ ৰং সেউজীয়াৰ পৰা হালধীয়া হৈ অৱশেষত ৰঙা হৈ পৰে। প্ৰকৃততে ই পত্ৰহৰিৎ বা ক্ল’ৰ’ফিল ভাগি লাইক’পেন নামৰ এক কেৰ’টিনয়ড জাতীয় পদাৰ্থলৈ ৰূপান্তৰিত হোৱাৰ বাবে হয়। পকা অৱস্থাত বিলাহীত থকা ইয়েই হ’ল মূল ৰংযুক্ত উপাদান, যাৰ ৰং ৰঙা। সেয়েহে পকা বিলাহীৰ ৰং ৰঙা হয়।