Home > Curiosity > Curiosity (22nd Issue)

Curiosity (22nd Issue)

     0votes

গৌৰাঙ্গদ্বীপ শইকীয়া, ৬ষ্ঠ শ্ৰেণী, শ্ৰীসত্য সাই বিদ্যা বিহাৰ, গোলাঘাট।

প্ৰশ্নঃ মুকলি আকাশৰ ৰং নীলা কিয়?

উত্তৰঃ সূৰ্যৰ ৰশ্মি পৃথিৱী আহি পাওঁতে বিভিন্ন গেছ আৰু বায়ুত থকা বিভিন্ন কণাত ঠেকা খাই
চাৰিওফালে সিঁচৰিত হৈ পৰে। নীলা ৰং আটাইতকৈ চুটি আৰু সূক্ষ্ম ঢৌৰূপে বিচ্ছুৰিত হয়;
সেইবাবে আনবোৰ ৰঙতকৈ বেচিকৈ সিঁচৰিত হয়। সেয়েহে আমি সৰহভাগ সময় আকাশখন নীলা
দেখোঁ।

পাহী পাঠক, ৯ম শ্ৰেণী, বাধাকৰা হাইস্কুল, উত্তৰ লক্ষীমপুৰ।

প্ৰশ্নঃ সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ সময়ত সূৰ্যটো আৰু চাৰিওকাষৰ আকাশখন ৰঙা কিয় হয়?

উত্তৰঃ সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ সময়ত সূৰ্যটো যেতিয়া দূৰ দিগন্তত পৃথিৱীৰ পৰা বহু আঁতৰত
থাকে, সূৰ্যৰ ৰশ্মি বহুদূৰ ভ্ৰমণ কৰিহে আমাৰ চকুত পৰে। সেয়েহে নীলা, বেগুণীয়া আৰু
সেউজীয়াৰ দৰে চুটি ঢৌ-বিশিষ্ট ৰশ্মিবোৰ বহুবাৰ বিচ্ছুৰিত হৈ চাৰিওফালে সিঁচৰিত হৈ পৰাৰ
ফলত কেৱল ৰঙা, কমলা আৰু হালধীয়াৰ দৰে দীঘল ঢৌ-বিশিষ্ট ৰশ্মিবোৰহে আহি আমাৰ চকুত
পৰে। সেইবাবে, সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ সময়ত সূৰ্যটো আৰু চাৰিওকাষৰ আকাশখন ৰঙচুৱা
দেখি।

চিম্পী বৰা, ৯ম শ্ৰেণী, বাধাকৰা হাইস্কুল, উত্তৰ লক্ষীমপুৰ।

প্ৰশ্নঃ বৈদ্যুতিক বাল্ব এটাই কেনেকৈ পোহৰ দিয়ে?

উত্তৰঃ বাল্ব এটাৰ ভিতৰত থকা ফিলামেণ্টডাল বৈদ্যুতিক ৰোধ বিশিষ্ট। সেয়েহে ইয়াৰ মাজেদি
বিদ্যুৎ প্ৰবাহিত হ’লে তাপ আৰু পোহৰ শক্তি উৎপাদিত হয় আৰু ফলত আমি পোহৰ পাওঁ।

যুৱৰাজ দাস, ৬ষ্ঠ শ্ৰেণী, শ্ৰীসত্য সাই বিদ্যা বিহাৰ, গোলাঘাট।

প্ৰশ্নঃ সেউজগৃহ গেছ মানুহৰ বাবে কিয় অপকাৰী?

উত্তৰঃ সেউজগৃহ গেছবোৰে তাপ শোষণ কৰে আৰু পৃথিৱীপৃষ্ঠৰ পৰা তাপ বিচ্ছুৰিত হৈ মহাকাশলৈ
বিস্তাৰিত হোৱাত বাধা দিয়ে। ফলত জলবায়ুৰ পৰিৱৰ্তন ঘটায়। আনহাতে, এই গেছবোৰে
বায়ুমণ্ডল দূষিত কৰি জীৱদেহত শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৃষ্টি কৰে।

Leave a Reply