Home > Curiosity > Curiosity(26th issue)

Curiosity(26th issue)

     0votes

এই সংখ্যাত Curiosity শিতানৰ প্ৰশ্নসমূহ কৰিছে মৰিয়নি জাতীয় বিদ্যাপীঠ
ছাত্ৰ-ছাত্ৰীসকলে


প্ৰশ্নকৰ্ত্তাঃ শ্ৰীমতী মাধুৰিমা গগৈ, নৱম শ্ৰেণী।

প্ৰশ্নঃ কিছুমান ফুল দিনত ফুলে আৰু ৰাতি মৰহি যায়। কিন্তু তাৰ পৰিৱৰ্ত্তে কিছুমান ফুল ৰাতিহে ফুলে কিয়?

উত্তৰঃ লাখ লাখ বছৰ ধৰি চলি থকা প্ৰাকৃতিক বিৱৰ্তন প্ৰক্ৰিয়াৰ মাজেৰে উদ্ভিদে তাৰ প্ৰজননৰ বাবে প্ৰয়োজনীয় পৰাগযোগ প্ৰক্ৰিয়াৰ অনুকূল হোৱাকৈ ফুল ফুলাৰ উপযুক্ত সময় নিৰ্ধাৰণ কৰিবলৈ সক্ষম হয়। সেই অনুসৰি, কিছুমান ফুল ৰাতিহে ফুলে, কিয়নো এনেবোৰ ফুলৰ পৰাগযোগ ঘটোৱা কীট-পতঙ্গসমূহ ঘাইকৈ ৰাতিহে বিচৰণ কৰে।

প্ৰশ্নকৰ্ত্তাঃ সংগীতা হাজৰিকা, নৱম শ্ৰেণী

প্ৰশ্নঃ গধূলি হোৱাৰ সময়ত আকাশখন ৰঙা ৰঙৰ দৰে হৈ যায় কিয়?

উত্তৰঃ সূৰ্যাস্ত আৰু সূৰ্যোদয়ৰ সময়ত সূৰ্যটো যেতিয়া দূৰ দিগন্তত পৃথিৱীৰ পৰা বহু আঁতৰত
থাকে, সূৰ্যৰ ৰশ্মি বহুদূৰ ভ্ৰমণ কৰিহে আমাৰ চকুত পৰে। সেয়েহে নীলা, বেগুণীয়া আৰু
সেউজীয়াৰ দৰে চুটি ঢৌ-বিশিষ্ট ৰশ্মিবোৰ বহুবাৰ বিচ্ছুৰিত হৈ চাৰিওফালে সিঁচৰিত হৈ পৰাৰ
ফলত কেৱল ৰঙা, কমলা আৰু হালধীয়াৰ দৰে দীঘল ঢৌ-বিশিষ্ট ৰশ্মিবোৰহে আহি আমাৰ চকুত
পৰিবহি পাৰে। সেইবাবে, কাহিলি পুৱা আৰু গধূলি সময়ত সূৰ্যটো আৰু চাৰিওকাষৰ আকাশখন ৰঙচুৱা
দেখি।

প্ৰশ্নকৰ্ত্তাঃ ত্ৰিদিশা লাহন, নৱম শ্ৰেণী।

প্ৰশ্নঃ কুলি চৰাই কেৱল বসন্ত ঋতুতহে আহে কিয়?

উত্তৰঃ অসমৰ জলবায়ুত বসন্ত কালচোৱা হ’ল কুলি চৰাইৰ প্ৰজননৰ বাবে উপযুক্ত সময়। সাধাৰণতে মতা কুলি চৰাইৰ কাকলিৰ প্ৰাৱল্যৰ ওপৰত ভিত্তি কৰি মাইকী কুলি চৰায়ে প্ৰজননৰ বাবে নিজৰ সংগী বাচনি কৰে। সেয়েহে, প্ৰজননৰ বাবে উপযুক্ত বসন্ত ঋতুৰ কালচোৱাত মতা কুলি চৰাইবোৰে মাইকী চৰাইক আকৰ্ষণ কৰিবলৈ জোৰকৈ কুউ-কুউ কৰি মাতে।

প্ৰশ্নকৰ্ত্তাঃ অনুপ কৰ্মকাৰ, নৱম শ্ৰেণী

প্ৰশ্নঃ মানুহে সপোন কিয় দেখে আৰু শুই উঠাৰ পাছত সপোনটো পাহৰি যায় কিয়?

উত্তৰঃ মানুহে সপোন কিয় দেখে – এই কথাটো এতিয়াও সম্পূৰ্ণৰূপে জ্ঞাত নহয়। এই বিষয়ে বিজ্ঞানীসকলে একাধিক সূত্ৰ বা ব্যাখ্যা আগবঢ়াইছে। আমি যেতিয়া সাৰে থাকোঁ, তেতিয়া আমাৰ চিন্তাবোৰ আমাৰ মগজুৱে যুক্তিৰে বিচাৰ কৰে। আমি যেতিয়া শুই থাকোঁ, আমাৰ মগজু তেতিয়াও সক্ৰিয় হৈ থাকে কিন্তু আমাৰ চিন্তা বা সপোনবোৰৰ প্ৰায়েই কোনো অৰ্থ নাথাকে। বোধকৰো ইয়াৰ কাৰণ হ’ল শুই থকা অৱস্থাত চিন্তাবোৰ যুক্তিৰে বিচাৰ কৰিব পৰা ক্ষমতা নাথাকে, কিয়নো মগজুৰ এই কাম নিয়ন্ত্ৰণ কৰা অংশটো নিস্ক্ৰিয় হৈ থাকে। যদিও কোনো গ্ৰহণযোগ্য প্ৰমাণৰ অভাৱ, সপোনবোৰ সাধাৰণতে মানুহ এজনৰ সাম্প্ৰতিক সময় বা অতীতৰ অভিজ্ঞতাৰ ওপৰত প্ৰতিষ্ঠিত হয়।

আনহাতে, সপোনত দেখা কথাবোৰ মনত পেলাব পৰা ক্ষমতা সকলোৰে একে নহয়। ২০১৬ চনত প্ৰকাশিত এক গৱেষণা পত্ৰ অনুসৰি মানুহৰ মগজুত উপলব্ধ এচিটিল‌্ক’লিন আৰু নৰ্-এপিনেফ্ৰিন নামৰ দুই হ’ৰমনৰ মাত্ৰা শুই থকা আৰু সাৰে থকা অৱস্থাত বেলেগ-বেলেগ; সেয়েহে সাৰ পোৱাৰ পাছত সপোনবোৰ মনত পেলোৱাটো কঠিন হয়। মানুহ এজনৰ জীৱন-শৈলী, শোৱাৰ অভ্যাস আৰু মগজুৰ প্ৰাকৃতিক অৱস্থা আদি বিভিন্ন কাৰকে সপোন মনত পেলাব পৰা ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলায়।

২০১৪ চনত কৰা এক গৱেষণাৰ পৰা উপলব্ধ তথ্য অনুসৰি যিবিলাক মানুহে সপোনৰ কথা বেছিকৈ মনত ৰাখিব পাৰে, তেওঁলোকৰ মস্তিষ্কৰ human temporoparietal junction (TPJ) নামৰ অংশটোত শুই থকা অৱস্থাত তেজৰ চলাচল বেছি হয় আৰু সেয়েহে এই প্ৰক্ৰিয়াটোৰ সৈতে সপোনত দেখা কথাবোৰ দীৰ্ঘস্থায়ী সোঁৱৰণিলৈ ৰূপান্তৰিত হোৱাৰ সম্বন্ধ থকা বুলি ধাৰণা কৰা হৈছে।

প্ৰশ্নকৰ্ত্তাঃ প্ৰিয়ালক্ষ্মী বৰঠাকুৰ, সপ্তম শ্ৰেণী।

প্ৰশ্নঃ পানীৰ ৰং নাই কিয়? 

উত্তৰঃ পানীৰ ৰং পৰিৱেশ অনুসৰি বেলেগ বেলেগ হয়। কম পৰিমাণৰ পানীৰ যদিও কোনো ৰং নাথাকে, বিশুদ্ধ পানী সামান্য নীল বৰণীয়া হয় আৰু এই নীলা ৰং পানীৰ গাঢ়তা অনুসৰি কম-বেছি হয়। পানীয়ে নীলা ৰঙৰ বাহিৰে আন ৰঙৰ ৰশ্মি শোষণ কৰিব নোৱাৰে আৰু সেয়ে পোহৰৰ সকলো ৰশ্মি প্ৰতিফলিত কৰা বাবে ই সাধাৰণতে ৰংহীনৰূপে আমাৰ চকুত ধৰা দিয়ে। আনহাতে, পানীত দ্ৰৱীভূত হৈ থকা খনিজ পদাৰ্থৰ পৰিমাণ অনুসৰি অশুদ্ধ পানীৰ ৰং ভিন ভিন হ’ব পাৰে।

Leave a Reply