বিশ্ব পৰিৱেশ দিৱস আৰু গোহালিত গৰু
ড° মহেশ গগৈ
বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ
ফোনঃ ৯৩৬৫৪৮২৬৩০
কৃষকৰ অতি মৰমৰ সম্পদ হালোৱা গৰুহালকো বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সাঙুৰি লোৱাৰ সময় সমাগত। বাপতি-সাহোন ৰঙালী বিহুৰ মাদকতা আমাৰ মনত এতিয়াও লাগি আছে আৰু বিহুৰ কেইদিনত গাঁৱৰ হুঁচৰিযোৰাই গৃহস্থৰ পদুলিত যথাৰীতি “ভঁৰালত ধান, গোহালিত গৰু, বাৰীত তামোল-পাণ, পুখুৰীত মাছ আৰু ঘৰৰ আগে-পিছে দুটি ভঁৰাল হওক” বুলি শুভকামনা জনোৱাৰ পিছতহে ঘূৰানাম ধৰে।
সি যি কি নহওক, ইউ এন ই পিৰ তত্বাৱধানত ১৯৭৩ চনৰপৰা প্ৰত্যেক বছৰে পালন কৰি অহা বিশ্ব পৰিৱেশ দিৱসৰ বাবে একোটা বিষয় নিৰ্বাচিত কৰি দিয়ে আৰু চলিত বৰ্ষ (২০২৩)ৰ বাবে বাছি দিয়া সময়োপযোগী বিষয়টো হ’ল – ‘প্লাষ্টিক প্ৰদূষণ এৰাই চলক (Beat Plastic Pollution)’। উল্লেখিত বিষয়টো গুৰুত্বপূৰ্ণ হিচাপে এই বাবেই বিবেচিত হৈছে যে জৈৱ-অবিয়োজনীয় (Non-biodegradable) প্লাষ্টিকৰ সামগ্ৰী মানুহে বাচ-বিচাৰ নকৰাকৈ ব্যৱহাৰ কৰিবলৈ লোৱাৰ বাবে মাটি-পানী-বায়ুৰ স্বাভাৱিক অৱস্থা দ্ৰুত হাৰত সলনি হ’বলৈ লাগিছে। প্লাষ্টিক জাবৰে আমাৰ ঘৰ-বাৰীবোৰ কদৰ্যময় কৰি পেলাইছে। ৰাষ্টাই-ঘাটে প্লাষ্টিকৰ দ’ম বান্ধিছে আৰু নলা-নৰ্দমাত প্লাষ্টিক আৱৰ্জনা গোট খাই পানী ওলাই যোৱাৰ বাট বন্ধ কৰি দিছে। আনকি এজাক বৰষুণ দিলেই গুৱাহাটীকে ধৰি অসমৰ প্ৰায়বোৰ চহৰতে আজিকালি কৃত্ৰিম বান হ’বলৈ ধৰিছে। তাৰে এক বুজন পৰিমাণৰ প্লাষ্টিক আৱৰ্জনা বৰষুণৰ পানীয়ে উটুৱাই নিয়ে। সেইদৰে পানীৰ সোঁতত উটি যোৱা প্লাষ্টিক আৱৰ্জনাবোৰ নৈ-বিল-জলাশয়ত জমা হৈ জলজ পৰিস্থিতি-তন্ত্ৰৰ চৰিত্ৰ সলাই পেলাইছে। ইফালে সাগৰৰ তলিত নিতৌ হাজাৰ-হাজাৰ টন পেলনীয়া প্লাষ্টিক গোট খাই তাত বাস কৰা প্ৰাণী আৰু উদ্ভিদবোৰৰ জীৱনলৈ ভাবুকি মাতি আনিছে।
প্লাষ্টিক আৱৰ্জনাৰ কু-প্ৰভাৱৰ কথা কৈ থাকিলে এখন মহাভাৰত হ’ব। তৎসত্ত্বেও এই কথা উনুকিয়াই থ’ব বিচাৰোঁ যে পানীৰ লগত মিহলি হৈ থকা প্লাষ্টিকৰ ক্ষুদ্ৰ আঁহবোৰ (Microplastic) নিতৌ মানুহৰ শৰীৰত প্ৰৱেশ কৰিছে। পানীৰ লগত আহি মানৱদেহৰ ভিতৰত সংগোপনে ঠাই লোৱা প্লাষ্টিক আঁহবোৰে দেহৰ বিপাক কাৰ্যত বিৰূপ প্ৰভাৱ পেলোৱাৰ খবৰ গৱেষণা পত্ৰিকাবোৰত সবিস্তাৰে প্ৰকাশ পাই আহিছে। সাতে-সোতৰই মিলি প্লাষ্টিক প্ৰদূষণে গোটেই বিশ্বতে এক ভয়াবহ সমস্যাৰ সৃষ্টি কৰিছে আৰু পাৰিপাৰ্শ্বিকতা বিনষ্ট কৰিছে। সেয়ে আমি সজাগ হ’বৰ হ’ল। পৰাপক্ষত, পলিথিন বেগ, প্লাষ্টিকৰ সামগ্ৰী বা প্লাষ্টিকেৰে নিৰ্মিত সামগ্ৰী পৰিহাৰ কৰি চলিবলৈ প্ৰয়াস কৰিব লাগে আৰু আন দহজনকো প্লাষ্টিক প্ৰদূষণ এৰাই চলিবলৈ আহ্বান জনাব লাগে। এই সমস্যাটোৰ গুৰুত্ব উপলব্ধি কৰি দৈনন্দিন জীৱনত আমি সকলোৱে চাৰি আৰ (4 R), যেনেঃ ১) প্লাষ্টিক সামগ্ৰী ল’বলৈ অস্বীকাৰ (Refuse), ২) তেনে সামগ্ৰীৰ ব্যৱহাৰ কমোৱা (Reduce), ৩) পুনৰ ব্যৱহাৰ কৰা (Reuse) আৰু ৪) পুনৰাবৰ্তন (Recycle) নীতি সচেতনভাৱে মানি চলাৰ অভ্যাস কৰিব লাগে। তেহে এদিন প্লাষ্টিক-মুক্ত পৃথিৱী এখন পোৱাৰ আশা কৰিব পাৰিমহক।
বিশ্ব পৰিৱেশ দিৱসৰ সৈতে গোহালিটো বা গৰু-গাই কেইজনীৰ সম্পৰ্ক ক’ত বুলি কোনোবাই প্ৰশ্ন কৰিব পাৰে। তাৰ উত্তৰটো হ’ব এনেকুৱা – বৰ্জিত খাদ্য পলিথিন মোনাত ভৰাই যেতিয়া কোনোবা অবিবেচক লোকে পথৰ দাঁতিলৈ দলিয়াই দিয়ে, তেতিয়া খাদ্য খোৱাৰ তাগিদাতে মুকলিকৈ চৰি ফুৰা গৰুৱে পলিথিন মোনাখনৰ সৈতে সেই খাদ্য ভক্ষণ কৰে। নিৰ্বোধ গৰুৱে পলিথিন খায় যদিও হজম কিন্তু কৰিব নোৱাৰে। কিছু সময়ৰ পাছতে পলিথিন মোনাই পাচন নলীৰ কোনোবা অংশত সোপা মাৰি ধৰি অভেদ্য প্ৰাচীৰ সৃষ্টিৰে বায়ু চলাচলত বাধা আৰোপ কৰে। পেট ফুলি অৱশেষত গৰুটো মৰি থাকে। এতিয়া ভাৱকচোন, কাৰ্যক্ষম বলধটো বা খীৰতী গাইজনীৰ তেনে দুৰ্দশা হ’লে কেনে এক দুখ লগা পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে। তেতিয়া নিশ্চয় দুৰ্দশাগ্ৰস্ত কৃষকজনৰ বা সেই মানুহ ঘৰৰ অৱস্থা মূৰত সৰগ ভাগি পৰাৰ নিচিনা হয়। উল্লেখ নিষ্প্ৰয়োজন যে আমাৰ ৰাজ্যৰ শতকৰা আশীজন লোক কৃষিজীৱি আৰু খেতি কৰিবলৈ গৰুহাল এতিয়াও প্ৰয়োজনীয় হিচাপে বিবেচিত হৈ আহিছে। আগতে যেনিবা পাঁচখন হাল বাইছিল আৰু সেইদৰে খেতিৰ মাটিও আছিল দহপুৰা। তেতিয়াৰ খেতিয়কে এফাকি প্ৰবচন বেদৰ বাক্য হিচাপে মানি চলিছিল – ‘যাৰ নাই ধান, তাৰ নাই মান; যাৰ নাই গৰু, সি সবাতোকৈ সৰু’। সেইবাবে তেতিয়া খেতিয়কসকল স্বাৱলম্বী হ’ব পাৰিছিল। তদুপৰি, খেতি পথাৰত গোবৰ সাৰ প্ৰয়োগ কৰি নিজৰ স্বাস্থ্য সবল কৰি ৰখাৰ লগতে মাটিৰ উৰ্বৰা শক্তি অটুত থকাত সহায় কৰিছিল। জৈৱিক কৃষিয়ে প্ৰাধান্য বিস্তাৰ কৰা সময়খিনিতে গোহালিটো বা পোহনীয়া গৰু-গাইকেইজনীৰ গুৰুত্ব বাঢ়িছে; কাৰণ – গৰুৰ গোবৰ-মূত্ৰ উৎকৃষ্ট সাৰ আৰু কীটনাশক। হেনজানি, পাৱাৰ টিলাৰৰ সলনি কৃষকসকলে পুনৰ গৰুহালেৰে মাটি চহাই খেতি কৰিবলৈ ল’লে খুউব ভাল হয়। সুবিধা থকাসকলে এগোহালি গৰু পুহিব লাগে আৰু গোহালিটোৰ কাষতে চালি এখন বনাই গোবৰ-জাবৰবোৰ কিছুদিন গোটাই থৈ পঁচিবলৈ দিয়াৰ পাছতহে খেতিত প্ৰয়োগ কৰিব লাগে।
মানুহৰ দ্বাৰা সৃষ্ট প্লাষ্টিক প্ৰদূষণ কমাবলৈ মানুহেই চেষ্টা কৰিব লাগিব। জনসংখ্যা বৃদ্ধিয়েই যে পৰিৱেশ প্ৰদূষণৰ অন্যতম মূল কাৰণ সেয়া বুজাত কাৰোৱে অসুবিধা নহয়। বৰ্তমান পৃথিৱীৰ মুঠ জনসংখ্যাই আঠ হাজাৰ নিযুতৰ সংখ্যা স্পৰ্শ কৰিবলৈ বেছি দিন নাই। ইফালে পৃথিৱী গ্ৰহত স্থলভাগৰ পৰিমাণ ২৯ শতাংশ, তাৰে ৩৩ শতাংশ মাটিত মৰুভূমি আৰু ২৪ শতাংশ পৰ্বত-পাহাৰে ভৰা। তুলনা কৰিলে বুজা যায় যে আমাৰ ৰাজ্যত কৃষিৰ উপযোগী সমতল ভূমি এতিয়াও পৰ্যাপ্ত পৰিমাণে আছে। বিচাৰ্যৰ বিষয়টো হ’ল এয়ে যে খেতি কৰিবলৈ সুবিধা থকাৰ পাছতো অসমীয়া মানুহে পাল মাৰি খেতি কৰা বা নিজে নকৰি আনক খেতি মাটিখিনি গটাই দিয়া কামটো ভাল হোৱা নাই। সঁচাকৈ প্ৰাকৃতিক প্ৰদূষণতকৈ বেছি ভয়াবহ হিচাপে চিহ্নিত হোৱা ই এক সামাজিক সমস্যা। অচিৰেই তাৰ প্ৰতিকাৰৰ ব্যৱস্থা হাতত ল’বৰ হ’ল।