Home > Curiosity > Curiosity(27th Issue)

Curiosity(27th Issue)

     0votes

এই সংখ্যাত Curiosity শিতানৰ প্ৰশ্নসমূহ কৰিছে মৰিয়নি জাতীয় বিদ্যাপীঠ
ছাত্ৰ-ছাত্ৰীসকলে


প্ৰশ্নকৰ্ত্তাঃ শ্ৰীমতী বৈশালী মজুমদাৰ, নৱম শ্ৰেণী।

প্ৰশ্নঃ বয়স হ’লে মানুহৰ চুলি পকে কিয়?

উত্তৰঃ চুলিৰ গ্ৰন্থিকোষ বা গুটিকা (hair follicle)ৰ ভিতৰত চলাচল কৰি থকা মেলান’চাইট কাণ্ডকোষ (melanocyte stem cells) বিলাকৰ বিকাশ হৈ পূৰ্ণাংগ বিকশিত মেলান’চাইট নামৰ কোষবিলাকে সৃষ্ট কৰা মেলানিন নামৰ এক ৰঙৰ বাবে চুলিৰ ৰং ক’লা হয়। বয়স বৃদ্ধি হোৱাৰ লগে লগে ক্ৰমশঃ এই মেলান’চাইট কাণ্ডকোষবোৰে চলন শক্তি হেৰুৱাই গ্ৰন্থিকোষৰ ভিতৰত একে ঠাইতে আৱদ্ধ হৈ পৰে আৰু মেলানিন উৎপন্ন কৰিব পৰা ক্ষমতা হেৰুৱাই পেলায়। ফলত ৰংহীন হে চুলিবোৰ বগা হৈ পৰে।

প্ৰশ্নকৰ্ত্তাঃ শ্ৰী শিশুদেৱ নায়ক, দশম শ্ৰেণী।

প্ৰশ্নঃ পুখুৰী, নদ, হ্ৰদ আদিৰ পানী সোৱাদবিহীন কিয়?

উত্তৰঃ পানীত দ্ৰৱীভূত হৈ থকা বিভিন্ন খনিজ লৱণ আৰু অন্যান্য দ্ৰৱণীয় পদাৰ্থৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰি পানীৰ সোৱাদ বেলেগ বেলেগ হয়। আনহাতে, বিশুদ্ধ পানী সোৱাদহীন হয়। গতিকে দ্ৰৱীভূত পদাৰ্থৰ মাত্ৰা অনুসৰি ভিন ভিন ঠাইৰ পুখুৰী, নদ বা হ্ৰদৰ পানী সোৱাদৰো সামান্য তাৰতম্য হ’ব পাৰে।

প্ৰশ্নকৰ্ত্তাঃ শ্ৰী মণিষা জাতপ, দশম শ্ৰেণী।

প্ৰশ্নঃ কিছুমান গছ পাতেৰে ভৰি থাকে আৰু কিছুমানত পাতেই নাথাকে কিয়?

উত্তৰঃ সাধাৰণতে পাত অবিহনে উদ্ভিদ বেছি দিন বাচি থাকিব নোৱাৰে, কাৰণ পাতত হোৱা সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ জড়িয়তে উদ্ভিদে নিজৰ খাদ্য উৎপাদন কৰে। গতিকে, পাতৰ অভাৱত পৰিপুষ্টি হীনতাৰ বাবে উদ্ভিদৰ মৃত্যু হয়। কিন্তু, কিছুমান উদ্ভিদ, যেনেঃ সাগৰফনা, কেক্টাচ্‌ আদি পাত নোহোৱাকৈও জীয়াই থাকিব পাৰে, কাৰণ এনেবোৰ উদ্ভিদৰ ৰূপান্তৰিত কাণ্ডই পাতৰ দৰে সালোক সংশ্লেষণ কৰিব পাৰে। আনহাতে, চাৰিওকাষৰ বায়ুমণ্ডল আৰু উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰিও উদ্ভিদৰ পাতৰ আকাৰ আৰু পৰ্য্যাপ্তি বেলেগ বেলেগ হ’ব পাৰে।

Leave a Reply