Home > School Zone > প্রতিষেধক – ডাঃ দীপ প্রকাশ শইকীয়া

প্রতিষেধক – ডাঃ দীপ প্রকাশ শইকীয়া

*****1vote

প্ৰতিষেধক (Vaccine) মানৱ সভ্যতাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ উদ্ভাৱন আৰু ই হ’ল ৰোগ প্ৰতিৰোধৰ এক ফলপ্ৰসু উপায়। সাধাৰণতে প্ৰতিষেধক সমূহ হৈছে কিছুমান জৈৱিক প্ৰস্তুতি, যাৰ ৰোগ সৃষ্টিকাৰী বীজাণুৰ লগত সাদৃশ্য আছে আৰু ই দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰে।

প্ৰস্তুতকৰণ প্ৰণালীৰ ওপৰত ভিত্তি কৰি প্ৰতিষেধক সমূহক প্ৰচলিত (Conventional) আৰু জিনীয়ভাৱে পৰিৱৰ্ত্তিত (Genetically Modified) নামৰ দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি। প্ৰচলিত (Conventional) প্ৰতিষেধক সমূহ হ’ল দুৰ্বলকৃত (attenuated) বা মৃত (killed) বীজাণুৰ পৰা প্ৰস্তুত কৰা, অন্যহাতেদি, জিনীয় অভিযান্ত্ৰিক (Genetic Engineering) প্ৰণালী প্ৰয়োগ কৰি বীআণুৰ ৰোগ সৃষ্টি কৰিব পৰা ক্ষমতা হ্ৰাস কৰি প্ৰস্তুত কৰা প্ৰতিষেধকসমূহ Genetically-engineered vaccine-ৰ অন্তৰ্ভুক্ত।

প্ৰাচীন কালত পোনপ্ৰথমে চীন দেশত Vaccination বা টীকাকৰণ পদ্ধতিৰ আৰম্ভ হৈছিল। চীনাসকলে লক্ষ্য কৰিছিল যে বসন্ত বা বৰ আই ৰোগত আক্ৰান্ত ব্যক্তিসকলে পৰৱৰ্ত্তী সময়ত এইৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল আৰু তেওঁলোকে এক ধৰণৰ ৰোগ প্ৰতিৰোধী ক্ষমতা লাভ কৰিছিল। পৰৱৰ্ত্তী কালত তেওঁলোকে বসন্ত ৰোগত আক্ৰান্ত ৰোগীৰ গাৰ শুকাই যোৱা ঘাৰ পৰা শুকান জোলাৰ চোকোৰা সংগ্ৰহ কৰি অন্য নিৰোগী ব্যক্তিৰ শৰীৰত ঘঁহি দি তেওঁক বৰ আই বা বসন্তৰোগৰ প্ৰতিৰোধী ক্ষমতা সম্পন্ন কৰি তোলাত সফল হৈছিল। এই পদ্ধতিক পাচলৈ variolation বা inoculation বোলা হৈছিল। লাহে-লাহে এই পদ্ধতি খৃষ্টপূৰ্ব ২০০ মানত ভাৰতবৰ্ষলৈ আৰু তাৰ পাছত অষ্টদশ শতিকাত ইউৰোপলৈ প্ৰসাৰিত হ’ল। এই পদ্ধতিৰ অন্যতম এক সমস্যা আছিল এই যে ৰোগাক্ৰান্ত ব্যক্তিৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা শুকান জোলাৰ চোকোৰাত থকা বীজাণু বা ভাইৰাছ অপৰিৱৰ্ত্তিত অৱস্থাত আছিল আৰু এই পদ্ধতি প্ৰয়োগ কৰিলে ব্যক্তিজন কেতিয়াবা ৰোগাক্ৰান্ত হোৱাৰ সম্ভাৱনা আছিল।

তাৰ পৰৱৰ্ত্তী সময়ত অৰ্থাৎ ইংৰাজী ১৯৭৬ চনত Edward Jenner নামৰ এজন ইংৰাজ চিকিৎসকে চাৰা নেলমেছ নামৰ এগৰাকী গো-পালিকাৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা গো-বসন্ত ৰোগৰ ঘাৰ চোকোৰাৰ নমুনা জেমছ্ ফিফ্ নামৰ এজন ৮ বছৰীয়া ল’ৰাৰ গাত বেজী দি সুমুৱাই দিলে। কিছুদিনৰ পাছত ল’ৰাজনৰ গাত বৰ আই ৰোগত আক্ৰান্ত ৰোগীৰ শৰীৰৰ পৰা সংগ্ৰহ কৰা একে ধৰণৰ নমুনা সুমুৱাই দি দেখিলে যে ল’ৰাজন তেতিয়াও সুস্থ হৈয়ে আছে; অৰ্থাৎ ল’ৰাজনে বসন্তৰোগ প্ৰতিৰোধী ক্ষমতা অৰ্জন কৰিছে। এই সকলো তথ্য লিপিৱদ্ধ কৰি Jenner-এ ১৮৯৮ চনত এখন পুস্তিকা প্ৰকাশ কৰিলে। লেটিন ভাষাৰ গাই গৰুক ভেক্কা (Vacca) বোলা হয় আৰু সেইবাবে জেনাৰে আৱিষ্কাৰ কৰা পদ্ধতিটোক পৰৱৰ্ত্তী কালত বিজ্ঞানী লুই পাষ্টুৰে ভেক্‌চিনেশ্বন্ (Vaccination) বুলি নামকৰণ কৰিলে, যাক অসমীয়া ভাষাত টীকাকৰণ বোলা হয়। পৰৱৰ্ত্তী কালত ভেক্‌চিনেশ্বন পদ্ধতিয়ে সকলোতে সমাদৰ বা স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল আৰু লাহে-লাহে এই পদ্ধতিটো সমগ্ৰ বিশ্বতে এক প্ৰতিষ্ঠিত পদ্ধতিৰূপে পৰিগণিত হ’ল।

Live attenuated প্ৰতিষেধকসমূহ প্ৰস্তুতকৰণৰ বাবে সাধাৰণতে ৰোগ সৃষ্টিকাৰী বীজাণুসমূহ কিছুমান অস্বাভাৱিক পোষক বা প্ৰতিকূল পৰিৱেশত ৰখা হয়, যাতে লাহে-লাহে সিহঁতৰ বেমাৰ সৃষ্টি কৰিব পৰা ক্ষমতা হ্ৰাস পায়। কিন্তু জন্তু বা মানুহৰ শৰীৰত সুমুৱাই দিলে ৰোগ প্ৰতিৰোধী ক্ষমতা সৃষ্টি কৰিব পৰা সামৰ্থ্য বৃদ্ধি হয়। অৱশ্যে ইহঁত জীৱিত অৱস্থাতে থাকে। অন্যহাতে, মৃত প্ৰতিষেধকত ব্যৱহৃত বীজাণুবোৰক সম্পূৰ্ণ মাৰি পেলোৱা হয়। বীজাণুসমূহ মাৰিবলৈ ভিন-ভিন পদ্ধতি, যেনে – তাপ, ৰাসায়নিক পদাৰ্থ অথবা বিকিৰিত ৰশ্মি আদি প্ৰয়োগ কৰা হয় যাতে সিহঁতৰ মৃত্যু ঘটে, কিন্তু ৰোগ প্ৰতিৰোধী ক্ষমতা সৃষ্টি কৰিব পৰা ক্ষমতা অটুট থাকে। কিন্তু এনেধৰণৰ প্ৰচলিত প্ৰতিষেধকসমূহৰ ক্ষেত্ৰত বহুতো অসুবিধা দেখা যায়। উদাহৰণ স্বৰূপে, live attenuated বীজাণুসমূহে কেতিয়াবা জিনীয় উৎপৰিৱৰ্ত্তন (Genetic mutation)ৰ দ্বাৰা ৰোগ সৃষ্টি কৰিব পৰা ক্ষমতা পুনৰ অৰ্জন কৰি শৰীৰত ৰোগৰ সৃষ্টি কৰিব পাৰে। তদুপৰি, এনে পৰিৱৰ্ত্তিত (mutated) বীজাণুসমূহ পৰিৱেশলৈ বিয়পি পৰি আন বহুতো সমস্যাৰ সৃষ্টি কৰিব পাৰে।

এই সকলোবোৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ অৰ্থে বৰ্ত্তমান সময়ত প্ৰতিষেধকসমূহ ৰোগৰ বীজাণুসমূহৰ (জীৱিত বা মৃত) ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰাৰ পৰিৱৰ্ত্তে সিহঁতৰ অংশ বিশেষ (Sub-unit) বা নিউক্লিক্‌ এচিদ (nucleic acid) আহৰণ কৰি তাৰ পৰা প্ৰস্তুত কৰা হয়। এনেদৰে প্ৰস্তুত কৰা প্ৰতিষেধকসমূহ প্ৰয়োগ কৰি মানুহ বা জন্তুৰ দেহত ৰোগ প্ৰতিৰোধী ক্ষমতা সৃষ্টি কৰিব পাৰি, অথচ ইয়াৰ পৰা কেতিয়াও ৰোগ সৃষ্টি হ’ব নোৱাৰে। ই সম্ভৱ হৈ উঠিছে মূলতঃ জিনীয় সংযোজন পদ্ধতি (Recombinant DNA technology)ৰ দ্বাৰা, যাৰ বাটকটীয়া আছিল Paul Berg নামৰ এজন আমেৰিকান জৈৱ-ৰসায়ন বিজ্ঞানী। এই পদ্ধতিত সাধাৰণতে প্ৰতিজন (antigen) সৃষ্টিৰ বাবে প্ৰয়োজনীয় সংকেত বহনকাৰী জিন (Gene) বেক্টেৰিয়াৰ গাত থকা প্লাজ্‌মিদৰ DNA ৰ মাজত সুমুৱাই দিয়া হয়। তাৰ পাছত এই সংযোজিত প্লাজ্‌মিদবোৰৰ পৰা DNA vaccine প্ৰস্তুত কৰা হয়, যিয়ে টীকা গ্ৰহণকাৰী ব্যক্তিৰ দেহত antigenic protein প্ৰস্তুত কৰি তাৰ বিৰুদ্ধে প্ৰতিদেহ (antibody) সৃষ্টি কৰিব পাৰে। আন এক বিকল্প পদ্ধতিত সংযোজিত প্লাজ্‌মিদসমূহ E. coli বেক্টেৰিয়াৰ গাত সুমুৱাই দি সংযোজিত প্ৰটিনবিধ অধিক পৰিমাণত প্ৰস্তুত কৰি পাছত এনে প্ৰটিন উপযুক্ত পদ্ধতিৰে বিশুদ্ধকৰণ কৰি তাক প্ৰতিষেধকৰূপে ব্যৱহাৰ কৰা হয়। এনে প্ৰতিষেধকৰ উপযোগিতা হ’ল ৰোগ সৃষ্টি কৰিব পৰা ক্ষমতাৰ সম্পূৰ্ণ বিলুপ্তি, সংৰক্ষণৰ বাবে শীতলিকৰণৰ অপ্ৰয়োজনীয়তা আৰু কম খৰচী প্ৰস্তুতকৰণ ব্যৱস্থা।

তদুপৰি, Recombinant DNA technology-ৰ অভূতপূৰ্ব বিকাশৰ ফলত বৰ্তমান সময়ত বীজাণুসমূহৰ antigen-সমূহ আনকি খাদ্য-শস্য বা ফল-মূলতো প্ৰস্তুত কৰিব পৰা হৈছে। ভৱিষ্যতে এনে পদ্ধতিৰে প্ৰস্তুত কৰা খাদ্য বা ফল-মূল খাইও মানুহে ৰোগ প্ৰতিৰোধী ক্ষমতা লাভ কৰিবলৈ সক্ষম হ’ব। এনেধৰণে প্ৰস্তুত কৰা চিটাক ভক্ষনীয় চিটা (Edible vaccine) বোলা হয়।

আজিলৈকে বিভিন্ন ৰোগ সৃষ্টি কৰিব পৰা বীজাণুৰ বিৰুদ্ধে বিজ্ঞানীসকলে প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে যদিও আমাৰ পৰিৱেশৰ আন বহুতো অচিনাক্ত বীজাণু আছে যি আমাৰ দেহত ৰোগ সৃষ্টি কৰি মৃত্যু ঘটাব পাৰে। গতিকে, গৱেষণাৰ বিভিন্ন পদ্ধতিৰ সহায়ত এনে বীজাণুসমূহ চিনাক্ত কৰি তাৰ বিৰুদ্ধে কাৰ্য্যক্ষম প্ৰতিষেধক সৃষ্টি কৰিব পাৰিলেহে আমি এখন সুস্থ সমাজ গঢ়ি তুলিবলৈ সক্ষম হ’ম।

 

ডাঃ দীপ প্রকাশ শইকীয়া
সহকাৰী অধ্যাপক
পশু জৈৱ-প্ৰযুক্তি বিভাগ
পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়
খানাপাৰা, গুৱাহাটী-২২

Leave a Reply