Home > School Zone > ইব’লা ভাইৰাছ ৰোগৰ বিষয়ে জানো আহাঁ

ইব’লা ভাইৰাছ ৰোগৰ বিষয়ে জানো আহাঁ

     0votes

আজিৰ পৰা কেইবছৰমান আগেয়ে সমগ্ৰ বিশ্বতে আতঙ্কৰ সৃষ্টি কৰিছিল এটি বিশেষ নামে, সেইয়া আছিল ইবলা ভাইৰাছ ৰোগ, যাৰ ভয়ত ত্ৰাসিত হৈ পৰিছিল সমগ্ৰ বিশ্ব  যাৰ বাবে ত্ৰস্তমান হৈ স্বয়ং আন্তঃৰাষ্ট্ৰীয় বিশ্ব স্বাস্থ্য সংস্থাইও সমগ্ৰ বিশ্বজুৰি জৰুৰী অৱস্থাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হৈছিল  আমাৰ দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও এইক্ষেত্ৰত উদ্বিগ্ন হৈ পৰিছিল আৰু সেই সময়ত পশ্চিম আফ্ৰিকাৰ দেশসমূহত আতঙ্কৰ সৃষ্টি কৰা ইবলা ভাইৰাছৰ সংক্ৰমণৰ পৰা আমাৰ দেশক ৰক্ষা কৰিবলৈ সম্ভপৰ প্ৰায় সকলো ব্যস্থা হাতত লবলৈ বাধ্য হৈছিল 

ইবলা ভাইৰাচ ৰোগ বা ইবলা ভাইৰাচ জ্বৰ হল এক ভয়ংকৰ ৰক্তক্ষৰণ হোৱা ৰোগ, যি ৰোগ মূলত: মানুহ আৰু বান্দৰৰ দেহত হোৱা দেখা যায়  এই ৰোগটো প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল ১৯৭৬ চনত আফ্ৰিকা মহাদেশৰ ছুডান আৰু কংগো দেশত আৰু তাৰ পিছত ছাহাৰা মৰুভূমিৰ উপকন্ঠৰ অঞ্চলতো ৰোগটোৰ প্ৰাদূৰ্ভা দেখিবলৈ পোৱা গৈছিল আৰু পিছলৈ  উক্ত অঞ্চলৰে এখন নৈ ইবলাৰ নামেৰে এই ৰোগটোৰ নামকৰণ কৰা হয় । ১৯৭৬ চনৰ প্ৰথম আৱিষ্কাৰৰ পৰা ২০১৩ চনলৈ, প্ৰতি বছৰে মাত্ৰ এহেজাৰৰো কম সংখ্যক লোকৰ দেহতহে এই ৰোগটো দেখা পোৱা গৈছিল যদিও ২০১৪ চনত আফ্ৰিকা মহাদেশৰ গিনি, ছিয়েৰা লি, লাইবেৰিয়া আৰু নাইজেৰিয়াত এই ৰোগটোৱে সংহাৰী ৰূপ লৈছিল ।

ইবলা ভাইৰাছ ৰোগ সাধাৰতে ইবলা শ্ৰেণীৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হলে হয়  এই ৰোগ ঘাইকৈ স্বাস্থ্য কৰ্মীসকলৰ মাজত আৰু ৰোগক্ৰান্ত লোকৰ সংস্পৰ্শলৈ অহা ব্যক্তিৰ মাজত সংক্ৰমিত হোৱা দেখ যায়  ৰোগৰ লক্ষ আক্ৰান্ত হোৱাৰ দুইৰ পৰা তিনিদিনৰ ভিতৰত ফুটি উঠে আৰু লক্ষসমূহৰ ভিতৰত অতিপাত জ্বৰ, ডিঙিৰ বিষ, মাংসপেশীৰ বিষ, মূৰৰ বিষৰ লগতে বমি বমি ভা হোৱা, তেজযুক্ত বমি হোৱাৰ লগতে যকৃৎ আৰু বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস হোৱা আদিয়েই প্ৰধান  ইয়াৰ লগতে দেহৰ অন্তৰ্ভাগত তথা আন অংশসমূহত প্ৰচূৰ ৰক্তক্ষৰণ হোৱা দেখ যায়  এই ৰোগত আক্ৰান্ত হলে দেহৰ বিভিন্ন তন্ত্ৰ যেনে পাচনতন্ত্ৰ, ৰেচনতন্ত্ৰ, ৰক্তপৰিবহনতন্ত্ৰ আদিৰ কাৰ্যক্ষমতা লোপ পোৱাৰ লগতে মৃত্যুৰ হাৰ ৫০ ৰ পৰা ৯০ শতাংশ  হয়  এই ৰোগৰ এইড্‌ছৰ সৈতে সামঞ্জস্য থকা বুলি এইবাবেই কোৱা হয় যে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হলে আক্ৰান্ত লোকজনৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা এইড্‌ ৰোগত হোৱাৰ দৰেই বিকল হৈ পৰে 

সুস্থ মানুহৰ দেহলৈ এই ভাইৰাছৰ প্ৰৱেশ ঘটে ঘাইকৈ আক্ৰান্ত ৰোগীৰ তেজ বা দেহৰ আন জুলীয়া পদাৰ্থৰ সংস্পৰ্শৰ দ্বাৰা বহল অৰ্থত এনেবোৰ ৰোগীৰ মাজত মানুহৰ উপৰিও বিভিন্ন প্ৰজাতিৰ বান্দৰ তথা বাদুলী আদিও থাকে  বাদুলীবোৰে নিজে আক্ৰান্ত নোহোৱাকৈ বাহক হিচাবে এই ৰোগৰ ভাইৰাছবোৰ এঠাইৰ পৰা আনঠাইলৈ বিয়পাত সহায় কৰে  কিন্তু যদিহে এবাৰ এই ৰোগৰ ভাইৰাছ মানুহৰ দেহলৈ সংক্ৰমিত হয়, তেন্তে ই এজনৰ পৰা আন এজনৰ দেহলৈ সোঁচৰে আৰু সংক্ৰমত সহায়ক হৈ পৰে  আক্ৰান্ত পুৰুষৰ ক্ষেত্ৰত বৰ্যত এই ভাইৰাছ নিৰ্গমন হয় আৰু বৰ্যৰ দ্বাৰা প্ৰায় দুমাহ মানলৈ এই ৰোগ বিয়পোৱাত সহায় কৰে  এই ৰোগৰ প্ৰকৃত চিনাক্তকৰণ কৰিবলৈ হলে একে লক্ষণযুক্ত আন ৰোগসমূহ যেনে মেলেৰিয়া, কলেৰা আৰু আন ভাইৰাছজনিত ৰক্তক্ষৰণযুক্ত ৰোগসমূহৰ পৰা পৃথক কৰাত প্ৰাধান্য দিয়াতো উচিত, কাৰণ এনেবোৰ ৰোগৰ লক্ষণও কমবেছি পৰিমাণে ইবলা ভাইৰাছ ৰোগৰ সৈতে একেই  এই ৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত ৰক্ত পৰিবহনতন্ত্ৰ আক্ৰান্ত হোৱা আৰু লগতে তেজৰ অণুচক্ৰিকাসমূহ আক্ৰান্ত হোৱা বাবে তেজ গোট নমৰাটো অন্যতম প্ৰধান লক্ষণ । এনে ৰোগীৰ ৪০ ৰ পৰা ৫০ শতাংশৰ ক্ষেত্ৰতেই বেজীৰদ্বাৰা সৃষ্ট বিন্ধা সমূহৰ পৰা তথা দেহৰ বিভিন্ন অংশ যেনে নাক, মুখগহ্বৰ, যোনিদ্বাৰ আদিৰ শ্লেষ্মা আৱৰণী সমূহৰ পৰা অহৰহ ৰক্তক্ষৰণ হোৱা দেখিবলৈ পোৱা যায়  এনে ৰক্তক্ষৰণৰ লক্ষণসমূহ দেখাৰ ৫ ৰ পৰা ৭ দিনৰ ভিতৰত আন লক্ষণসমূহ যেনে ছালৰ তলত ৰক্তক্ষৰণ, চকু ৰঙা পৰা, তেজ মিহলি বমি, আক্ৰান্ত ৰোগীয়ে কাঁহিলে তেজ নিৰ্গত হোৱা, পায়খানাত শাঁও পৰা ইত্যাদিও দৃষ্টিগোচৰ হবলৈ ধৰে । পাচনতন্ত্ৰতো প্ৰচূৰ ৰক্তক্ষৰ দেখিবলৈ পোৱা যায়  আক্ৰান্ত ৰোগীৰ আৰোগ্যৰ সম্ভাৱনা খুবেই ক্ষীণ হয় আৰু দেহৰ বিভিন্ন তন্ত্ৰ তথা অংগপ্ৰত্যংগ বিকল হোৱাৰ হেতুকে ৰোগৰ লক্ষ দেখা দিয়াৰ ৭ ৰ পৰা ১৬ দিনৰ ভিতৰত মৃত্যু অধাৰিত হৈ পৰে

আজিৰ তাৰিখলৈ ইবলা ৰোগৰ ভাইৰাছ কেনেদৰে বিয়পে সেই কথা স্পষ্ট হোৱা নাই যদিও এই কথা বিশ্বাস কৰা হৈছে যে আক্ৰান্ত ৰোগীৰ লগত সংস্পৰ্শৰদ্বাৰা তথা আক্ৰান্ত ৰোগীৰ দেহৰ তেজপুঁজ তথা আন জুলীয়া পদাৰ্থৰ সংস্পৰ্শৰ দ্বাৰা এই ৰোগ সুস্থ মানুহৰ দেহলৈ সংক্ৰমিত হয়  মানুহৰ ক্ষেত্ৰত এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা বা চিকিৎসালয় দুষিত বীজাণুযুক্ত সামগ্ৰীৰ প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা এই ৰোগ বিয়পে  আক্ৰান্ত ৰোগীৰ বৰ্যও এই ৰোগৰ অন্যতম বাহক আৰু বৰ্যত প্ৰায় ৫০ দিনলৈ এই ৰোগৰ ভাইৰাছ সক্ৰিয় হৈ থাকে । চকুৰ দ্বাৰা তথা আক্ৰান্ত ৰোগীৰ লগত যৌন সংগমত ব্ৰতী হোৱা, চুমা খোৱা আদিৰ পৰা এই ৰোগ বিয়পে । কিন্ত্ত যিহেতু এই ৰোগৰ ভাইৰাছ বতাহত সংক্ৰমিত নহয় বা বতাহৰ দ্বাৰা নিবিয়পে, সেয়েহে অদ্যপিও এইৰোগে সমগ্ৰ বিশ্বজুৰি এক মহামাৰীৰ ৰূপ লোৱাগৈ নাই । অন্যহাতে আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত ততাতৈয়াকৈ ৰোগৰ লক্ষণ দৃষ্টিগোচৰ হোৱাৰ হেতুকে এই ৰোগত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰি এই ৰোগ তথা ৰোগৰ ভাইৰাছ আন সুস্থ ব্যক্তিৰ দেহলৈ ব পৰা সংক্ৰম প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যস্থা হাতত লব পাৰি  চিকিৎসা কৰ্মীসকলৰ ক্ষেত্ৰত উন্নত মানৰ প্ৰতিৰোধক তথা সুৰক্ষা ব্যস্থা, যেনে পৰিশোধিত ৰবৰৰ হাতমোজা, মুখা, এপ্ৰন আদি গ্ৰহ নকৰিলে অতি সহজে এই ৰোগ সেইসকলৰ দেহলৈ বিয়পিব পাৰে  আফ্ৰিকা মহাদেশত এইৰোগৰ প্ৰাদূৰ্ভা ঘটা এইটোও এটা অন্যতম কাৰণ, কিয়নো তেনেবোৰ ঠাইত চিকিৎসা কৰ্মীসকলে বিশ্বমানৰ সতৰ্কতা গ্ৰহ নকৰাৰ হেতুকে তথা পৰিশোধিত বেজী, চিৰিঞ্জ আদি ব্যবহাৰ নকৰাৰ বাবে আক্ৰান্ত ৰোগীৰ দেহৰ পৰা সুস্থ মানুহৰ দেহলৈ এনে ৰোগ বেছিকৈ সংক্ৰমিত হোৱাৰ তথ্য আহিছে । যদিও বতাহত এই ৰোগ নিবিয়পে, তথাপিও কিন্ত্ত এই প্ৰমা পোৱা গৈছে যে পৰীক্ষাগাৰত সৃষ্ট ০.৮ ৰ পৰা ১.২ মাইক্ৰমিটাৰৰ অনুকণা সমূহে এই ৰোগৰ ভাইৰাছ কঢ়িয়াব পাৰে আৰু যাৰ বাবে এই ভাইৰাছ জৈৱিক অস্ত্ৰত ব্যবহৃত হব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছে  অন্যহাতে আফ্ৰিকা মহাদেশৰ বিভিন্ন প্ৰজাতিৰ বাদুলীয়ে খোৱা বিভিন্ন ফলসমূহ সম্পূৰ্ণ জীন নোযোৱাৰ হেতুকে মলত্যাগ কৰাৰ পিছত সেইবোৰকে আকৌ বিভিন্ন প্ৰজাতিৰ বান্দৰ, গৰিলা, চিম্পাজীসমূহে খাদ্য হিচাবে গ্ৰহণ কৰাৰ ফলস্বৰূপে উক্ত ইবলা ভাইৰাচ বাদুলীৰ দেহৰ পৰা সিহঁতৰ দেহলৈ সংক্ৰমিত হয়, কিয়নো বাদুলীসমূহ এই ভাইৰাছৰ অন্যতম বাহক, কিন্ত্ত সিহঁত নিজে আক্ৰান্ত নহয়  বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, কীটপতংগ, চৰাই আদিও এই ৰোগৰ ভাইৰাছৰ অন্যতম বাহক বুলি তথ্য আহিছে  ইবলা ভাইৰাছ মানুহৰ উপৰিও কুকুৰ, গাহৰি আদিৰ দেহলৈও সংক্ৰমিত হব পাৰে যদিও কুকুৰৰ ক্ষেত্ৰত ৰোগৰ লক্ষণ প্ৰকাশিত নহয় যদিও গাহৰিৰ ক্ষেত্ৰত লক্ষণসমূহ প্ৰকট হয় 

এই ৰোগ প্ৰতিৰোধৰ অন্যতম উপায় হৈছে বান্দৰ তথা গাহৰিৰ দেহৰ পৰা মানুহৰ দেহলৈ এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ কৰা এইক্ষেত্ৰত আক্ৰান্ত ৰোগীৰ চিনাক্তকৰণ আৰু মৃতদেহবোৰ বিজ্ঞানসন্মত উপায়েৰে সৎকাৰ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত । খাদ্যৰ বাবে যোগাৰ কৰা গাহৰিৰ মাংস ৰান্ধোতে ভালদৰে সিজোৱা উচিত আৰু হাত ভালদৰে ধুই পৰিস্কাৰ কৰা উচিত যাতে ভাইৰাছবোৰক ধ্বংস কৰিব পাৰি তদুপৰি, সূৰ্য্যৰ প্ৰত্যক্ষ পোহৰেও এই ভাইৰাছ কিছু পৰিমাণে্বংস কৰিবলৈ সক্ষম হয় বুলি জনা গৈছে 

ৰোগ চিনাক্তকৰণৰ ক্ষেত্ৰত আক্ৰান্ত ৰোগীৰ অতীত বুৰঞ্জী, সাধাৰতে কোন ঠাইৰ পৰা পৰিভ্ৰমণ কৰি আহিছে, বন্যজন্ত্তৰ সৈতে সংস্পৰ্শ সম্পৰ্কে অধ্যয়ন আদিৰ ওপৰত যথোচিত গুৰুত্ব প্ৰদান কৰা উচিত । ৰোগ চিনাক্তকৰণৰ ক্ষেত্ৰত এই ভাইৰাছবিধৰ চিনাক্তকৰণত ধ্যান দিয়াটো নিতান্ত্ প্ৰয়োজন  আক্ৰান্ত ৰোগীৰ তেজৰ নমুনাত উক্ত ভাইৰাছৰ আৰ.এন.. চিনাক্তকৰ, প্ৰতিদেহ (antibody) চিনাক্তকৰ আদিয়ে ৰোগ চিনাক্তকৰত যথেষ্টখিনি সহায় কৰে  অন্যহাতেদি, আধুনিক পদ্ধতি যেনে কলাকৰ্ষণ পদ্ধতিৰ প্ৰয়োগ, পলিমৰাইজ্‌দ চেইন ৰিয়েকশ্ব্যন (PCR), এলিছা (ELISA) আদিৰ দ্বাৰা এই ইবলা ভাইৰাছক চিনাক্তকৰণ কৰাতো সম্ভপৰ হৈছে । কিন্ত্ত ৰোগৰ প্ৰাদূৰ্ভা বেছি হলে এই ভাইৰাছ চিনাক্ত হোৱাৰ পিছতো ইয়াক প্ৰতিৰোধ কৰাটো ইমান সহজসাধ্য নহয় 

ইবলা ভাইৰাছ ৰোগ এবিধ অতিশয় সংক্ৰামক ৰোগ ইয়াক প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক থকাৰ লগতে সম্ভপৰ সকলো সুৰক্ষা ব্যবস্থা গ্ৰহ কৰিব লাগে  মৃত ৰোগীৰ তেজৰ নমুনা আদি সংগ্ৰহ কৰোতে যথেষ্ট সাধানতা অৱলম্বন কৰাৰ লগতে প্ৰকৃত সুৰক্ষা ব্যস্থা, যেনে পৰিশোধিত ৰবৰৰ হাত মোজা, মুখা, এপ্ৰন আদি ব্যহাৰ কৰাতো বাঞ্চনীয়  যদিও ঠাই বিশেষে পানীৰ সমস্যা থাকে, তথাপিও কিন্ত্ত এই ৰোগৰ ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ হলে হাত দুখন পৰিস্কাৰ কৰি ধোৱাৰ ওপৰত যথোচিত গুৰুত্ব প্ৰদান কৰাটো নিতান্ত প্ৰয়োজনীয়  শৱদেহ সৎকাৰৰ সময়ত পৰম্পৰাগত পদ্ধতি প্ৰয়োগ কৰাতকৈ বিজ্ঞানসন্মত উপায়েৰে শৱদেহ সৎকাৰ কৰাটো অন্য এক গুৰুত্বপূৰ্ণ দিশ  অন্যহাতে সংক্ৰমণ ৰোধ কৰিবলৈ আক্ৰান্ত ৰোগীক কিছুদিনৰ বাবে সুস্থ লোকৰ পৰা আচুতীয়াকৈ ৰাখি নিৰীক্ষত ৰাখিব লাগে যিটোক চিকিৎসা বিজ্ঞানৰ পৰিভাষাত কোৱা হয় quarantine  এনেবোৰ ব্যবস্থা গ্ৰহণেৰে ৰোগৰ সংক্ৰমণ তথা প্ৰসাৰ কিছুদূৰ হলেও ৰোধ কৰিব পৰা যায়

এই কথা উনুকিয়াই থোৱা উচিত যে আজিৰ তাৰিখলৈ ইবলা ৰোগৰ কোনো চিকিৎসা পদ্ধতি উদ্ভান হোৱা নাই  তথাপিও কিন্ত্ত ৰোগৰ লক্ষৰ ওপৰত ভিত্তি কৰি কিছু চিকিৎসা প্ৰদান কৰা হয় যেনে আক্ৰান্ত ৰোগীৰ শৰীৰৰ পানীভাগ কমি যোৱাৰ হেতুকে তথা শৰীৰৰ বিভিন্ন দ্ৰৱীভূত লৱণ বিনষ্ট হোৱাৰ হেতুকে ৰোগীক পৰ্য্যাপ্ত পৰিমাণৰ পানী তথা চেলাইনৰ যোগান ধৰা প্ৰয়োজন  তদুপৰি, ৰক্তক্ষৰণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় হোৱা দৰ তথা মাংসপেশী আদিৰ বিষৰ পৰা পৰিত্ৰা পাবৰ বাবে বেদনানাশক দৰৱ আদি প্ৰয়োগ কৰা হয়  এই ভাইৰাছৰ সংক্ৰমণে যিহেতু ৰোগীৰ দেহৰ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বিকল কৰি পেলায়, তেনেস্থলত আন বেক্টেৰিয়া, ভেকুঁৰ আদিয়ে যাতে ৰোগীৰ দেহত প্ৰৱেশ কৰি আন আনুষগিক আহুকালৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ বাবে যথোচিত ব্যস্থা হাতত লব লাগে  অন্যহাতে এই ৰোগৰ কোনো প্ৰতিষেধক ছিটাও আৱিষ্কাৰ হোৱা নাই যদিও কোনো কোনো ক্ষেত্ৰত ডি.এন.. ভেক্‌চিন্‌, এডিনভাইৰাছ ভেক্‌চিন্‌ আদি সুস্থ মানুহৰ দেহত প্ৰয়োগেৰে দেহৰ ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বৃদ্ধি কৰি ইবলা ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি  কিন্ত্ত এনে উপায়েৰে দেহত ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বৃদ্ধি কৰিবলৈ অতি কমেও ছমাহ মান সময়ৰ প্ৰয়োজন হয় । শেহতীয়াকৈ আমেৰিকাৰ আগশাৰীৰ ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠান মেপ ৱায় এ পৰীক্ষামূলকভাৱে কিছু ঔষধ প্ৰস্ত্তত কৰি এই ৰোগ মহামাৰী ৰূপত দেখা দিয়া দেশসমূহলৈ বিনামূলীয়াকৈ প্ৰেৰ কৰিছে যদিও ইয়াৰ ফলাফল কেনে হব তাৰ বাবে হয়তো কিছুদিন বাট চাব লাগিব 

ইবলা ভাইৰাছৰ সংক্ৰমণে সময়ে সময়ে সমগ্ৰ বিশ্বতে হৈছৈ ৰ সৃষ্টি কৰি আহিছে  এইক্ষেত্ৰত ভাৰতৰ স্থান অতি স্পৰ্শকাতৰ কিয়নো আফ্ৰিকা মহাদেশ এইৰোগৰ প্ৰাদূৰ্ভা ঘ্টা দেশসমূহত কৰ্মসূত্ৰে থকা ভাৰতীয় লোকৰ সংখ্যাই অধিক হোৱাৰ হেতুকে সেইসকল লোকৰ দেহত এই ভাইৰাছৰ উপস্থিতিৰ পূৰ্ণ সম্ভাৱনা আছে  তেনেস্থলত উক্ত লোকসকলে স্বদেশলৈ প্ৰত্যাৰ্তন কৰাৰ সময়তে শৰীৰত ইবলা ভাইৰাছ কঢ়িয়াই লৈ অনাৰ শংকা আছে  যদিহে আমাৰ দেশ তথা ভাৰত উপমহাদেশত এই ৰোগৰ প্ৰাদূৰ্ভা ঘট, তেনেহলে ই কেনে এক অকল্পনীয় ভয়ঙ্কৰ পৰিবেশৰ সূচনা কৰিব তাক দোহৰাৰ প্ৰয়োজন নাই  যিহেতু এইটো এটা অতি ভয়ঙ্কৰ মাৰাত্মক সংক্ৰামক ৰোগ, তেনেস্থলত সন্ত্ৰাসবাদী সকলে ইয়াক জৈৱিক অস্ত্ৰ হিচাবে ব্যহাৰ কৰিব পাৰে বুলিও আতঙ্কৰ সৃষ্টি হৈছে  সেয়েহে আমাৰ কেন্দ্ৰীয় চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰালয়ে এই ৰোগৰ ভাইৰাছ যাতে আফ্ৰিকা মহাদেশৰ পৰা ভাৰতীয় উপমহাদেশত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে সম্ভপৰ সকলো ব্যস্থা হাতত লোৱাতো অতিশয় প্ৰয়োজনীয়  এই ৰোগৰ ক্ষেত্ৰত জনস্বাস্থ্যৰ প্ৰতি দৃষ্টি ৰাখি সৰ্বসাধাৰণক এক আভাস দিবলৈ এতিয়াৰ পৰাই যথোচিত গুৰুত্ প্ৰদান কৰা উচিত 

Download PDF

 বিৰাজ কুমাৰ শৰ্মা, সহকাৰী অধ্যাপক, শল্য চিকিৎসা আৰু ৰঞ্জন ৰশ্মি বিভাগ
ডাঃ অঞ্জনজ্যোতি নাথ, সহকাৰী অধ্যাপক, অনুজীৱ বিজ্ঞান বিভাগ
লক্ষীমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়
জহিং, উত্তৰ লখিমপুৰ-৭৮৭০৫১
ইমেইলঃ  birajsarma704@gmail.com
         drnath76@gmail.com

Leave a Reply