Home > School Zone > বিশ্ব পৰিৱেশ দিৱস আৰু পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰ

বিশ্ব পৰিৱেশ দিৱস আৰু পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰ

****½2votes

 

ডাঃ অভিজিৎ ডেকা

সহকাৰী অধ্যাপক, ৰোগ নিৰূপন বিভাগ

পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা, গুৱাহাটী

৯৮৬৪৫৩১২৪৭

Email id: abhijit.deka@aau.ac.in

 

               প্ৰকৃতিৰ গুৰুত্বৰ বিষয়ে মানুহক সোঁৱৰাই দিবলৈ প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বতে ইয়াৰ উদযাপনৰ দ্বাৰা পৃথিৱীবাসীক প্ৰকৃতিৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ অমূল্য অৱদানৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলোৱা হয়। সম্প্ৰতি কৰ’না ভাইৰাছৰ প্ৰাদুৰ্ভাৱ আৰু সকলো মানুহ ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ ফলত পৰিৱেশ আৰু পৃথিৱী সামান্যভাৱে উপকৃত হোৱা দেখা গৈছে। কৰ’না ভাইৰাছ-জনিত লক ডাউনৰ মাজত মানৱৰ কাৰ্যকলাপ সীমিত হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰকৃতিয়ে নিজকে পৰিষ্কাৰ কৰি ল’বলৈ আৰু ইয়াৰ হৃত স্থান পুনৰুদ্ধাৰ কৰিবলৈ সুযোগ পাইছে।

           প্ৰকৃতি আৰু সেউজৰ তাৎপৰ্য সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বাবে ৰাষ্ট্ৰসংঘই আয়োজন কৰা বিশ্ব পৰিৱেশ দিৱস হৈছে এক বৃহৎ বাৰ্ষিক অনুষ্ঠান। ৰাষ্ট্ৰসংঘৰ সভাই ১৯৭২ চনত মানৱ পৰিৱেশৰ ওপৰত ষ্টকহোম সন্মিলনৰ প্ৰথম দিনা বিশ্ব পৰিৱেশ দিৱস অনুষ্ঠিত কৰিছিল। ১৯৭৪ চনত,  ইয়াক “কেৱল এক পৃথিৱী” বিষয়বস্তুৰে উদযাপন কৰা হৈছিল। তেতিয়াৰ পৰা, বিভিন্ন আয়োজক দেশে ইয়াক উদযাপন কৰি আহিছে। বিশ্ব পৰিৱেশ দিৱস প্ৰথমবাৰৰ বাবে ১৯৭৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত উদযাপন কৰা হৈছিল।

          বিশ্ব পৰিৱেশ দিৱসৰ ২০২০ চনৰ বিষয়বস্তু আছিল “জৈৱ বৈচিত্ৰ্য উদযাপন কৰক” আৰু ২০২১ৰ বিষয়বস্তু হৈছে পৰিস্থিতি তন্ত্ৰ পুনৰুদ্ধাৰ (Ecosystem  Restoration) আৰু এইবাৰ আমাৰ প্ৰতিৱশী দেশ পাকিস্তান এই বিশেষ দিনটোৰ বাবে বিশ্বব্যাপী আয়োজক আছিল। এই দিনটোত পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা এক দশক উদযাপনৰ শুভাৰম্ভণ কৰা হ’ল।

          বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ মূল উদ্দেশ্য হ’ল পৰিৱেশৰ গুৰুত্বৰ বিষয়ে সকলোকে সজাগ কৰা আৰু মানুহক সোঁৱৰাই দিয়া যে প্ৰকৃতিক তেওঁলোকৰ উত্তৰপুৰুষীয় সম্পত্তি ৰূপে বিবেচনা কৰাটো বন্ধ কৰা দৰকাৰ। ৰাষ্ট্ৰসংঘৰ মতে, এই দিনটোৱে আমাক পৰিৱেশৰ সংৰক্ষণ আৰু ইয়াক উন্নীত কৰাৰ ক্ষেত্ৰত সম্প্ৰদায়, উদ্যোগ আৰু ব্যক্তিগত পৰ্য্যায়ত এক সচেতনতা সৃষ্টি আৰু দায়িত্বশীল আচৰণ গ্ৰহণ আৰু বিস্তাৰ কৰাৰ সুযোগ প্ৰদান কৰে। পৰিৱেশে আমাক দিয়া সকলো সম্পদক সন্মান কৰিবলৈ আৰু ইয়াক সুৰক্ষিত কৰিবলৈ সংকল্পৱদ্ধ হোৱাৰ বাবে এই দিৱসটো সমগ্ৰ বিশ্বতে উদযাপন কৰা হয়। এই দিনটোত,  চৰকাৰ আৰু সাধাৰণ নাগৰিকসকলে সজাগতা সৃষ্টিৰ বাবে পৰিৱেশ সম্পৰ্কীয় একোটা নিৰ্দিষ্ট  সমস্যাৰ সমাধানৰ বাবে তেওঁলোকৰ প্ৰচেষ্টা অব্যাহত ৰখাত গুৰুত্ব দিয়ে।

পৰিস্থিতি তন্ত্ৰপুনৰুদ্ধাৰ (Ecosystem Restoration)

          “পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ” এই বাক্যাংশ যোৱা কেইমাহমানত বিজ্ঞানী, বিষয়া আৰু পৰিৱেশ কৰ্মীসকলৰ মুখত যথেষ্ট পৰিমাণে উচ্চাৰিত হৈ আহিছে। এই বছৰৰ ৫ জুন  বিশ্ব পৰিৱেশ দিৱসত ৰাষ্ট্ৰসংঘৰ উদ্যোগত পৰিস্থিতিতন্ত্ৰ পুনৰুদ্ধাৰ বিষয়ত এটা বিশেষ দশক উদযাপন কৰাৰ এক আনুষ্ঠানিক শুভাৰম্ভণি ঘোষণা কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে প্ৰাকৃতিক পৃথিৱীৰ অৱনতি বন্ধ কৰা আৰু ইয়াক উন্নীত কৰাৰ বাবে ১০ বছৰ ধৰি প্ৰচেষ্টা অব্যাহত ৰখা। পৰিস্থিতিতন্ত্ৰ হৈছে এনে এক স্থান য’ত উদ্ভিদ, প্ৰাণী আৰু অন্যান্য জীৱবোৰে তেওঁলোকৰ চাৰিওফালৰ পৰিৱেশৰ সৈতে একাত্ম হৈ জীৱন-চক্ৰ অতিবাহিত কৰে। এটা পৰিস্থিতিতন্ত্ৰ ডাঙৰ হ’ব পাৰে, যেনে অৰণ্য, বা সৰু হ’ব পাৰে, যেনে পুখুৰী। মানৱ সমাজৰ বাবে গুৰুত্বপূৰ্ণ উপাদান, যেনে পানী, খাদ্য, নিৰ্মাণ সামগ্ৰী আৰু অন্যান্য বহুতো অত্যাৱশ্যকীয় সামগ্ৰী পৰিৱেশে প্ৰদান কৰে। ইয়াৰ লগে লগে জলবায়ু সুৰক্ষা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ দৰে বিস্তৃত লাভালাভও প্ৰদান কৰে। কিন্তু শেহতীয়া দশকবোৰত,  সম্পদৰ প্ৰতি মানৱৰ ক্ষুধাই বহুতো পৰিৱেশতন্ত্ৰক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে।

         ইয়াত কেতবোৰ মুখ্য প্ৰকাৰৰ পৰিৱেশতন্ত্ৰ আৰু সেইবোৰ পুনৰুজ্জীৱিত কৰিবলৈ কৰিব পৰা কিছুমান কাৰ্যৰ বিষয়ে উল্লেখ কৰা হ’ল।

১] কৃষিভূমি: অত্যধিক ব্যৱহাৰ, খহনীয়া,  অতিৰিক্ত সাৰ আৰু কীটনাশকে বহুতো কৃষিভূমি পৰিশ্ৰান্ত কৰি তুলিছে। সেইবোৰ পুনৰুদ্ধাৰ কৰাৰ উপায়বোৰৰ ভিতৰত আছে – খেতি হ্ৰাস কৰা, অত্যধিক ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা, আৰু ভিন্ন প্ৰজাতিৰ উদ্ভিদকে ধৰি অধিক বৈচিত্ৰ্যপূৰ্ণ শস্যৰ খেতি কৰা। এই পদক্ষেপবোৰে মাটিত কাৰ্বন  (Carbon) ভঁড়ালবোৰ পুনৰ নিৰ্মাণ কৰিব পাৰে, যাৰ ফলত সেইবোৰ অধিক উৰ্বৰ হৈ পৰে; ফলত দেশবোৰে ভূমিৰ অত্যধিক ব্যৱহাৰ নকৰাকৈ তেওঁলোকৰ বৰ্ধিত জনসংখ্যাক খাদ্যৰ যোগান ধৰিব পাৰে। কৃষিভূমিৰ পুনৰুদ্ধাৰে বন্যপ্ৰাণীৰ বাবেও বাসস্থান সৃষ্টি কৰে।

২] অৰণ্য: ভূমি আৰু সম্পদৰ বাবে মানৱৰ লোভ পৰিতৃপ্ত কৰিবলৈ অৰণ্য আৰু হাবিবোৰ ধ্বংস কৰা হৈছে। বিভিন্ন কাৰক, যেনে কাঠৰ ব্যৱহাৰ, খৰি, প্ৰদূষণ, অনিষ্টকাৰী কীট আৰু বনজুইয়ে অতিৰিক্ত ক্ষতি সাধন কৰিছে। বন পৰিৱেশতন্ত্ৰ পুনৰুদ্ধাৰ কৰাৰ অৰ্থ হৈছে বনাঞ্চলত পুনৰ ৰোপণ কৰা আৰু চাপ হ্ৰাস কৰা, যাতে গছবোৰৰ প্ৰাকৃতিকভাৱে পুনৰ বৃদ্ধি হয়। খাদ্য প্ৰণালীবোৰ বনৰ ক্ষতিৰ এক মুখ্য চালক। মানুহে কেনেদৰে বিকশিত হয় আৰু খাদ্য গ্ৰহণ কৰে তাক পুনৰ বিবেচনা কৰিলে অৰণ্যৰ ওপৰত চাপ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে। অৱনমিত আৰু অব্যৱহৃত কৃষিভূমি বন পুনৰুদ্ধাৰৰ বাবে আদৰ্শ ক্ষেত্ৰ হ’ব পাৰে। ব্যস্ত খেতিপথাৰ আৰু গাৱঁৰ অন্তৰ্ভুক্ত বননিসমূহ পৰিচৰ্যা কৰি এই কাৰ্যত অগ্ৰসৰ হ’ব পৰা যায়।

৩] হ্ৰদ আৰু নদী: সুৰক্ষিত আৰু প্ৰচুৰ পানীৰ ব্যৱহাৰ এতিয়া ক্ৰমশঃ এক বিলাসিতা ৰূপে পৰিগণিত হৈছে। প্ৰদূষণ, অত্যধিক মাছ ধৰা আৰু আন্তঃগাঁথনিৰ লগতে জলসিঞ্চন, উদ্যোগ আৰু ঘৰৰ বাবে অতিৰিক্ত পানী আহৰণৰ ফলত অলুণীয়া পানীৰ পৰিৱেশতন্ত্ৰ বিঘ্নিত হৈছে। ইয়াৰ পুনৰুদ্ধাৰৰ অৰ্থ হৈছে প্ৰদূষণ বন্ধ কৰা, আৱৰ্জনা হ্ৰাস কৰা আৰু শোধন কৰা,  পানী আৰু মাছৰ চাহিদা নিয়ন্ত্ৰণ কৰা, আৰু জলপৃষ্ঠৰ ওপৰৰ তথা তলৰ গছ-গছনি পুনৰুজ্জীৱিত কৰা।

৪] ঘাহনি আৰু তৃণভূমি: ঘাঁহনি আৰু তৃণভূমিসমূহৰ অত্যধিক ব্যৱহাৰ আৰু ক্ষয়, কৃষিভূমিলৈ ৰূপান্তৰণ আৰু হানিকাৰক প্ৰজাতিৰ তৃণ আদিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। মানুহে অলাগতিয়াল গছ-গছনি পৰিষ্কাৰ কৰি আৰু স্থানীয় ঘাঁহ পুনৰ সংযোজন কৰি এইবোৰৰ প্ৰত্যাৱৰ্তনত সহায় কৰিব পাৰে। হেৰুওৱা উদ্ভিদ আৰু প্ৰাণীবোৰ পুনৰ প্ৰতিষ্ঠা নোহোৱালৈকে পুনঃসংস্থাপন আৰু সুৰক্ষিত কৰিব ৰাখিব পাৰি। এই পৰিৱেশতন্ত্ৰবোৰ স্থিৰভাৱে পৰিচালনা কৰাৰ পৰিকল্পনাত পশুপালক আৰু অন্যান্য ব্যৱহাৰকাৰী সকলে এটা ডাঙৰ ভূমিকা ল’ব পাৰে।

৫] পৰ্বতাঞ্চল: পাহাৰীয়া অঞ্চলৰ ভূমি খেতি বা ঘৰ সজাৰ বাবে ব্যৱহাৰ কৰিলে বিপদজনক খহনীয়া আৰম্ভ হ’ব পাৰে আৰু এইবোৰ অঞ্চলৰ নদীবোৰ উৎসতে প্ৰদূষিত হ’ব পাৰে। বৰ্ধিত উষ্ণতাই প্ৰজাতি, পৰিৱেশতন্ত্ৰ আৰু তাত বসবাস কৰা লোকসকলক খাপ খুৱাই সহবাস কৰিবলৈ বাধ্য কৰিছে। অৰণ্য পুনৰুজ্জীৱিত কৰাৰ লগতে হিমস্খলন, ভূমিস্খলন আৰু বানপানীৰ বিৰুদ্ধে এইবোৰে প্ৰদান কৰা সুৰক্ষা পুনৰুদ্ধাৰ কৰি এই প্ৰৱণতাৰ প্ৰতিৰোধ কৰিব পাৰি। বিষয়াসকলে নদী আৰু অন্যান্য বাসস্থান খণ্ডিত হোৱা পৰিহাৰ কৰিবলৈ বান্ধ আৰু ৰাস্তাৰ পৰিকল্পনা কৰিব পাৰে। জলবায়ু পৰিৱৰ্তনৰ ক্ষেত্ৰত কৃষি-বনৰ দৰে কৃষি কৌশল অধিক স্থিতিস্থাপক ৰূপে পৰিগণিত হ’ব পাৰে।

৬] মহাসাগৰ আৰু উপকূল: সামুদ্ৰিক পৰিৱেশতন্ত্ৰবোৰ প্ৰদূষণ, জলবায়ু পৰিৱৰ্তন আৰু অত্যধিক শোষণৰ দ্বাৰা ধ্বংসৰ সন্মুখীন হৈছে। কিন্তু তাৰ সমাধান বিপদাশংকাৰ দৰেই সহজ। চৰকাৰ আৰু জড়িত সম্প্ৰদায়বোৰে মাছ ধৰা আৰু মেংগ্ৰোভ  (mangroves) সংগ্ৰহ প্ৰক্ৰিয়া অধিক বহনক্ষম কৰি তুলিব পাৰে। তেওঁলোকে নৰ্দমা আৰু অন্যান্য আৱৰ্জনা সঠিকভাৱে শোধন আৰু প্লাষ্টিকৰ আৱৰ্জনা পানীত প্ৰৱেশ কৰাটো বন্ধ কৰিব পাৰে। প্ৰবাল প্ৰাচীৰ (coral reefs), মেংগ্ৰোভ আৰু সাগৰীয় ঘাঁহবোৰ সাৱধানে প্ৰতিপালন আৰু সক্ৰিয়ভাৱে পুনৰুদ্ধাৰ কৰিব লাগিব যাতে মহাসাগৰে বিশ্বব্যাপী কৌটি কৌটি জনতাক প্ৰদান কৰা জীৱিকাৰ সমৰ্থন অব্যাহত ৰাখিব পাৰে।

৭] নগৰাঞ্চল: চহৰ আৰু চহৰীয়া অঞ্চলসমূহ ক্ৰমান্বয়ে মৰুভূমিৰ দৰে লগা হৈ গৈছে। ঘৰ,  ৰাস্তা আৰু কাৰখানাৰ মাজত গছ-গছনিৰ বাবে মাথোঁ সামান্য ঠাইহে আছে। আৱৰ্জনা আৰু প্ৰদূষণে জলপথ, মাটি আৰু বায়ুক বিপদত পেলায়। কিন্তু নগৰ অঞ্চলবোৰৰ পুনৰুদ্ধাৰৰ বিশাল সম্ভাৱনা আছে। নাগৰিক গোট আৰু পৌৰ কৰ্তৃপক্ষই জলপথ পৰিষ্কাৰ কৰিব পাৰে, মৌমাখি-অনুকূল উদ্ভিদ বিকশিত হ’বলৈ দিব পাৰে আৰু উদ্যান, বিদ্যালয় আৰু অন্যান্য ৰাজহুৱা স্থানত নগৰীয়া বনানি আৰু অন্যান্য বন্যপ্ৰাণীৰ বাসস্থান সৃষ্টি কৰিব পাৰে। চহৰসমূহত ঘাঁহনি বাঢ়িবলৈ দিলে প্ৰকৃতি উন্নীত হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। সছিদ্ৰ ফুটপাথ আৰু নগৰীয়া আৰ্দ্ৰ-ভূমিয়ে বানপানী আৰু প্ৰদূষণৰ পৰা সুৰক্ষা দিয়ে। দূষিত ঔদ্যোগিক এলেকাবোৰ পুনৰ্বাসিত কৰিব পাৰি, আৰু প্ৰকৃতি আৰু মনোৰঞ্জনৰ স্থানলৈ পৰিৱৰ্তন কৰিব পাৰি।

বিঃ দ্ৰঃ – প্ৰৱন্ধটো যুগুত কৰোঁতে সন্মিলিত ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত “A beginner’s guide to ecosystem restoration” (https://www.unep.org/news-and-stories/story/beginners-guide-ecosystem-restoration) শীৰ্ষক লিখনিটোৰ সহায় লোৱা হৈছে।

 

Download pdf

Leave a Reply