Home > School Zone > কৃষি খণ্ডত সেউজ গৃহ/প্লাষ্টিক গৃহৰ ভূমিকা

কৃষি খণ্ডত সেউজ গৃহ/প্লাষ্টিক গৃহৰ ভূমিকা

     0votes

 

জ্যোতিস্মিতা বৰা

 

কৃষি বিজ্ঞান কেন্দ্ৰ, বাক্সা

অসম কৃষি বিশ্ববিদ্যালয়

Email: jyotimaina@gmail.com

Mobile No. 9864703814

 

         সেউজ গৃহ অথবা প্লাষ্টিক গৃহ সকলোৰে জ্ঞাত এটা ঘৰ/গৃহ, য’ত বায়ুমণ্ডলৰ সকলোবোৰ কাৰক নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি, যেনে: পোহৰ, আৰ্দ্ৰতা, উষ্ণতা ইত্যাদি। সেউজ গৃহ বা এনে প্লাষ্টিক গৃহ এটাৰ ভিতৰত বিশ্বৰ যিকোনো ঠাইতে যিকোনো সময়তে অনুকূল বাতাবৰণৰ সৃষ্টি কৰি যিকোনো শাক-পাচলিৰ উৎপাদন কৰিব পৰা যায়। দৈনন্দিন জীৱনত শাক-পাচলিৰ লগতে ফুল খেতিৰো ব্যৱহাৰিক চাহিদা সমাজত দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰিছে। সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে অধিক উন্নত পদ্ধতিৰে ভিন ভিন খেতি চাহিদা অনুসৰি এই সেউজ গৃহ বা প্লাষ্টিক গৃহসমূহত কৰিবলৈ লৈছে।

         সেউজ গৃহ/গ্ৰীন হাউছ বা প্লাষ্টিক গৃহ নামটো ‘গ্ৰীন হাউছ গেছ’ৰ পৰাই উৎপত্তি হোৱা বুলি ক’ব পাৰি। পৃথিৱীৰ বায়ুমণ্ডলত থকা জলীয় বাষ্প, কাৰ্বন ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন আৰু অ’জন প্ৰভৃতি গেছসমূহক একেলগে ‘গ্ৰীন হাউছ গেছ’ বুলি কোৱা হয়। দিনৰ ভাগত সূৰ্যৰ ৰশ্মিবোৰ যেতিয়া বায়ুমণ্ডলৰ মাজাৰে পৃথিৱীলৈ আহে, এই ৰশ্মিবোৰে পৃথিৱীৰ উপৰিভাগ উত্তপ্ত কৰি তোলে। পৃথিৱীৰ উপৰিভাগত খুন্দা খাই এই ৰশ্মিবোৰ পুনৰ বিকীৰিত হৈ বায়ুমণ্ডললৈ গুচি যায়। কিন্তু পৃথিৱীৰপৰা বিকীৰিত তাপখিনি বায়ুমণ্ডলত থকা ‘গ্ৰীন হাউছ’ গেছসমূহে গ্ৰহণ কৰি কিছু অংশ পুনৰ পৃথিৱীলৈ ঘূৰাই পঠিয়ায়। এই প্ৰক্ৰিয়াটোকে ‘গ্ল’বেল ৱাৰ্মিং’ বুলি কোৱা হয়।

          গ্ৰীন হাউছ বা সেউজ গৃহবোৰত সূৰ্যৰপৰা অহা ৰশ্মিখিনিয়ে ঘৰটোৰ ভিতৰৰ মজিয়াত খুন্দা খাই ওপৰলৈ বিকীৰিত হৈ ওলাই যাব খোজে যদিও সম্পূৰ্ণভাৱে ওলাই যাব নোৱাৰে বাবে ঘৰটোৰ ভিতৰতে ৰৈ যায়। ইয়াৰ ফলত ঘৰটোৰ ভিতৰভাগ বাহিৰতকৈ গৰম হৈ থাকে। সেউজগৃহৰ ভিতৰৰ বতৰ বাহিৰৰ বায়ুমণ্ডলৰ বতৰৰ তুলনাত কিছু ভিন্ন হোৱা দেখা যায়। বাহিৰত অৰ্থাৎ মুকলিত স্বাভাৱিকভাৱে বৰষুণ পৰাৰ বিপৰীতে সেউজ গৃহৰ ভিতৰত বৰষুণৰ পানী পৰিব নোৱাৰে। আনহাতে, মুকলি আকাশৰ তলৰ বায়ুমণ্ডলৰ তুলনাত সেউজ গৃহৰ ভিতৰৰ বায়ুমণ্ডলত ৰ’দ-বতাহ, সূৰ্যৰ পোহাৰ আদিৰ পৰিমাণ কম হয়। যেতিয়া মুকলি ঠাইত খেতি কৰা হয়, তেতিয়া পোহৰ, উষ্ণতা, আৰ্দ্ৰতা, কাৰ্বন-ডাই-অক্সাইড আদি বায়ুমণ্ডলৰ কাৰকবোৰ নিয়ন্ত্ৰণ কৰিব নোৱাৰি। কিন্তু সেউজ গৃহৰ ভিতৰত খেতি কৰিলে শস্যৰ বৃদ্ধিৰ সৈতে জড়িত বতৰৰ বিভিন্ন কাৰকবোৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰি ল’ব পাৰি। যিবোৰ গ্ৰীন হাউছ বা সেউজ গৃহ উন্নত প্ৰযুক্তি সম্পন্ন, তেনেবোৰ গৃহতহে বায়ুমণ্ডলৰ বিভিন্ন কাৰকবোৰ নিয়ন্ত্ৰণৰ সুবিধা থাকে। এই সেউজ গৃহ বা প্লাষ্টিক গৃহবোৰ তিনিটা ভাগত ভাগ কৰিব পাৰি। যেনেঃ

(১) অতি খৰচীঃ এই সেউজ গৃহত উচ্চ প্ৰযুক্তি সম্পন্ন আৰু বায়ুমণ্ডলৰ প্ৰায়বোৰ কাৰক, যেনেঃ পোহৰ, উষ্ণতা, আপেক্ষিক আৰ্দ্ৰতা আদি সকলোবোৰ নিয়ন্ত্ৰণৰ সুবিধা থাকে। এনে সেউজ গৃহ নিৰ্মাণ কৰিবলৈ কেইবা লাখ টকা ব্যয় কৰিব লগা হয়।

(২) মধ্যম খৰচীঃ এই সেউজ গৃহবোৰৰ ভিতৰত পানী, পোহৰ, উষ্ণতা, আপেক্ষিক আৰ্দ্ৰতা আদি বায়ুমণ্ডলৰ কিছুমান কাৰকৰহে নিয়ন্ত্ৰণৰ সুবিধা থাকে, কিছুমানৰ নাথাকে। মধ্যম খৰচী সেউজ গৃহ প্ৰস্তুত কৰোঁতে প্ৰায় ৮-৫ লাখ টকা খৰচ হয়।

(৩) কম খৰচীঃ কম খৰচী সেউজ গৃহবোৰ বাঁহ বা কাঠৰ খুটাৰ ওপৰত প্লাষ্টিক বা পলিথিনৰ চাল দি সজা হয়। কম খৰচতে এই গৃহ সাজিব পাৰি। অৱশ্যে, সেউজ গৃহটোত ব্যৱহাৰ কৰা প্লাষ্টিকখন খুব টান; প্ৰায় ২০০ মাইক্ৰ’ণ ডাঠ এই পলিথিনখনে সূৰ্যৰপৰা অহা ৰশ্মিৰ ৮৫-৯০ শতাংশহে ঘৰটোৰ ভিতৰলৈ সোমাবলৈ দিয়ে। সূৰ্যৰপৰা যিবোৰ ‘ইউ ভি’ (আল্ট্ৰা ভায়’লেট) অৰ্থাৎ অতি বেগুণীয়া ৰশ্মি আহে, সেই ৰশ্মিবোৰ এই পলিথিনখনে ধৰি ৰাখে বাবে ঘৰটোৰ ভিতৰত কৰা শাক-পাচলিৰ আকাৰ তথা অন্যান্য গুণাগুণ নষ্ট নহয়। অসমৰ প্ৰায়বোৰ কৃষকে যিহেতু আৰ্থিক অক্ষমতাৰ বাবে খৰচী গ্ৰীন হাউছবোৰ ব্যৱহাৰ কৰিবলৈ অপাৰগ, সেয়েহে অসমত কম খৰচী সেউজ গৃহ বা প্লাষ্টিক গৃহ বিশেষকৈ ব্যৱহাৰ কৰা হয়। এনে প্লাষ্টিক গৃহত গোটেই বছৰ ধৰি বিভিন্ন সময়ত লাভজনক আবতৰীয়া শাক-পাচলি বা ফুলৰ খেতি কৰিব পৰা যায়।

         সেউজ গৃহ বা প্লাষ্টিক গৃহৰ সুবিধাসমূহ চমুকৈ এনেধৰণৰ –

(১) এনে গৃহৰ ভিতৰত কৰা খেতি ডৰা খৰাং, বতাহ-ধুমুহা আদিৰ দ্বাৰা ক্ষতিগ্ৰস্ত নহয়।

(২) এনে গৃহৰ ভিতৰত উন্নত মানদণ্ডৰ শস্য গোটেই বছৰ জুৰি আবৰতৰীয়াকৈ খেতি কৰিব পাৰি। এনে উৎপাদিত শস্যৰ বজাৰত মূল্যও অধিক।

(৩) গোটেই বছৰ জুৰি এই গৃহৰ ভিতৰত শাক-পাচলিৰ লগতে বিভিন্ন ফুলৰ খেতিও কৰিব পৰা যায়।

         বৰ্তমান সময়ৰ জলবায়ুৱে কৃষিকাৰ্যত বিস্তাৰ প্ৰভাৱ পেলোৱা দেখা যায়। খৰাং, বানপানী আদিয়ে বিভিন্ন সময়ত শস্যৰ যথেষ্ট ক্ষতি কৰে। সেয়েহে, সেউজ গৃহ অথবা প্লাষ্টিক গৃহৰ গুৰুত্ব কৃষকসকলৰ মাজত দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে। সেউজ গৃহ এটা যিহেতু যথেষ্ট ধন ব্যয় কৰি সজা হয়, সেয়েহে এনে ঘৰত কৰা খেতিৰপৰা যাতে অধিক লাভ পোৱা যায় তাৰ প্ৰতি সদায় মন দিয়া উচিত। সেয়েহে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কৃষকসকলে অধিক উন্নত পদ্ধতিৰে ভিন ভিন খেতি চাহিদা অনুসৰি এই সেউজ গৃহ বা প্লাষ্টিক গৃহসমূহত কৰিবলৈ লৈছে। আনহাতে, এনে শস্যবোৰৰপৰা যাতে অধিক উৎপাদন পাব পাৰি, তাৰ বাবে উন্নত বা বৰ্ণ-সংকৰ জাতৰ বীজ নিৰ্ভাচন কৰি ল’ব লাগে আৰু লগতে মাটি, সাৰ, পানী তথা বেমাৰ-আজাৰ, কীট-পতংগ আদি নিয়ন্ত্ৰণ কৰাৰো যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

 

Download pdf

Leave a Reply