Home > Curiosity > Twelfth Issue

Twelfth Issue

     0votes

প্ৰশ্ন: জীৱৰ বংশগতিত DNA-ৰ ভূমিকা কি? –           লাটু বৰা, উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ
                                                                           জিনিয়াচ একাডেমী, উত্তৰ লক্ষীমপুৰ।

উত্তৰ: একোটা জীৱৰ দৈহিক গঠন আৰু সমস্ত কৰ্মকাণ্ড নিয়ন্ত্ৰিত হয় কোষকেন্দ্ৰত থকা ডি, এন্‌, এ অৰ্থাৎ deoxyribonucleic acid এৰে গঠিত বংশগতিসূত্ৰৰ দ্বাৰা। ডি, এন্‌, এ গঠিত হয় চাৰিবিধ নিউক্লিয়’টাইদৰ দ্বাৰা। আনহাতে, এই চাৰিবিধ নিউক্লিয়’টাইদৰ মূল পাৰ্থক্য হ’ল ইহঁতক গঠন কৰা চাৰিবিধ নাইট্ৰ’জেনযুক্ত আধাৰ, যাৰ নাম হ’ল- এডিনিন্‌, গুৱানিন্‌, চাইট’চিন্‌ আৰু থাইমিন্‍।  সকলো জীৱৰে শাৰীৰিক গঠন আৰু কাৰ্য্যৰ একক হ’ল প্ৰ’টিন। সংশ্লেষিত প্ৰ’টিনৰ গঠন অৰ্থাৎ এমাইন’ এচিদৰ শৃংখল নিৰ্ভৰ কৰে প্ৰ’টিনবিধৰ সংশ্লেষণ নিয়ন্ত্ৰণ কৰা জিনৰ নিউক্লিয়’টাইদ শৃংখলৰ ওপৰত। আনহাতে, এই শৃংখল পুৰুষানুক্ৰমে এটাৰ পৰা আনটো প্ৰজন্মলৈ বিস্তাৰিত হয়। উচ্চস্তৰৰ জীৱৰ ক্ষেত্ৰত, এনে বিস্তাৰণ ৫০:৫০ হাৰত মাতৃ আৰু পিতৃ উভয় পক্ষৰ বাবে সমানুপাতিকভাৱে হয়। এনেদৰে DNA-ই জীৱৰ বংশগতি নিয়ন্ত্ৰণ কৰে।


প্ৰশ্ন: ইন্‌ব্ৰিডিং মানে কি? ইয়াৰ মুখ্য উদ্দেশ্য কি? –     মানসজ্যোতি বৰা, উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ, ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, উত্তৰ লক্ষীমপুৰ।

উত্তৰ: ওচৰ সম্পৰ্কীয় মানুহ বা জন্তুৰ মাজত ঘটা যৌন সম্পৰ্কৰ দ্বাৰা সন্তান জন্ম দিয়া প্ৰক্ৰিয়াটোকে ইন্‌ব্ৰিডিং বোলা হয়। একোটা প্ৰজাতি বা বংশৰ মূল্যবান অথবা উপকাৰী কেতবোৰ গুণ বংশানুক্ৰমে সংৰক্ষণ কৰিবলৈ এই পদ্ধতি প্ৰয়োগ কৰিব পাৰি।


প্ৰশ্ন: বিভিন্ন ৰোগ নিৰ্ণয় অথবা জিনীয় অভিযন্ত্ৰণত PCR পদ্ধতিয়ে কেনে ভূমিকা পালন কৰে?

                                                                  অৰুণজ্যোতি শইকীয়া, উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ,                                                                                                                                              উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়।

উত্তৰ: PCR হ’ল পৰীক্ষাগাৰত কৃত্ৰিমভাৱে DNA ৰ হুবহু নকল সৃষ্টি কৰি সংখ্যা বৃদ্ধি কৰা এক পদ্ধতি। এই পদ্ধতি প্ৰয়োগ কৰি নগন্য পৰিমাণৰ DNA ৰ পৰা বহু নিযুত DNA ৰ সৃষ্টি কৰিব পাৰি আৰু পৰৱৰ্ত্তী পৰ্য্যায়ত বিভিন্ন কৌশলেৰে একোবিধ জীৱাণুৰ বৈশিষ্ট্য সম্বলিত DNA চিনাক্ত কৰি তেনে জীৱাণুৰ দ্বাৰা সৃষ্ট ৰোগ নিৰূপণ কৰিব পাৰি। আনহাতে, জিনীয় অভিযন্ত্ৰণ (Genetic engineering) প্ৰক্ৰিয়াতো কেইবাটাও পৰ্য্যায়ত PCR পদ্ধতিৰ প্ৰয়োগ হয়।


প্ৰশ্ন: DNA ফিংগাৰপ্ৰিণ্টিং কি? –                                  খিলনজিৎ নাথ, উচ্চতৰ মাধ্যমিক ২য় বৰ্ষ, ব্ৰহ্মপুত্ৰ ভেলী একাডেমী, উত্তৰ লক্ষীমপুৰ।

উত্তৰ: DNA ফিংগাৰপ্ৰিণ্টিং হ’ল – জীৱকোষৰ পৰা DNA আহৰণ তথা পৃথকীকৰণ কৰি তাত থকা নিউক্লিয়’টাইদসমূহৰ বিন্যাস বা শৃংখলৰ বৈশিষ্ট নিৰূপণ কৰা। এনে পদ্ধতি প্ৰয়োগ কৰি দুই ভিন্ন উৎসৰ পৰা সংগৃহীত DNA ৰ নিউক্লিয়’টাইদসমূহৰ বিন্যাস তুলনা কৰি একে হয়নে নহয় তাক নিৰ্দ্ধাৰণ কৰিব পাৰি। বৰ্ত্তমানে এই পদ্ধতি ফৰেনচিক্‌ বিজ্ঞানত বহুলভাৱে প্ৰয়োগ কৰা হয়। ইয়াৰ দ্বাৰা অপৰাধী ধৰা পেলোৱাৰ লগতে শিশুৰ জৈৱিক পিতৃ-মাতৃ নিৰূপণ কৰাটোও সম্ভৱ হয়।

Leave a Reply