Home > Curiosity > Curiosity(28th Issue)

Curiosity(28th Issue)

     0votes

ময়ুখ দত্ত, অষ্টম শ্ৰেণী, শ্ৰী সাই বিদ্যা বিহাৰ, গোলাঘাট

প্ৰশ্ন: আপেল এটা কাটিলে কিছু সময়ৰ পাছত মুগা বৰণৰ হৈ যায় কিয়?

উত্তৰ: উৎসেচক বা এন্‌জাইমৰ দ্বাৰা সংঘটিত ৰাসায়নিক বিক্ৰিয়াৰ ফলত আপেল এটা কাটিলে কিছু সময়ৰ পাছত মুগা বৰণৰ হৈ যায়। আপেলত প’লিফিনল অক্সিদেজ নামৰ এক উৎসেচক আৰু আন কেতবোৰ প’লিফিনল জাতীয় পদাৰ্থ থাকে। সাধাৰণ অৱস্থাত এই পদাৰ্থসমূহৰ মাজত কোনো বিক্ৰিয়া নহয়। আপেল এটা কাটিলে ভিতৰৰ কোষবোৰ নষ্ট হয় আৰু ফলত এই পদাৰ্থবোৰ বায়ুমণ্ডলীয় অক্সিজেনৰ সংস্পৰ্শলৈ আহে। অক্সিজেনৰ সংস্পৰ্শত প’লিফিনল অক্সিদেজ আৰু আন প’লিফিনল জাতীয় পদাৰ্থসমূহৰ মাজত ৰাসায়নিক বিক্ৰিয়া হৈ আপেলটোৰ কলাবোৰ মুগা বৰণৰ হৈ পৰে।

 

প্ৰিয়াঙ্কী শইকীয়া, অষ্টম শ্ৰেণী, শ্ৰী সাই বিদ্যা বিহাৰ, গোলাঘাট

প্ৰশ্ন: পিয়াঁজ কাটোঁতে আমাৰ চকুপানী ওলাই কিয়?

উত্তৰ: পিয়াঁজত কেতবোৰ উৎসেচক আৰু এচিদ থাকে। পিয়াঁজ এটা কাটিলে এনে পদাৰ্থবোৰ বায়ুৰ সংস্পৰ্শলৈ আহে আৰু ফলত ইবিলাকৰ মাজত বিক্ৰিয়া ঘটি চিন-প্ৰপানেথিয়েল-এচ-অক্সাইদ (syn-propanethial-S-oxide) নামৰ এক যৌগৰ উৎপত্তি হয়। এই যৌগবিধ উদ্বায়ু আৰু সহজে চালফাৰ গেছলৈ ৰূপান্তৰিত হৈ বাষ্পায়িত হয়। এই যৌগবিধৰ কাৰণেই পিয়াঁজ কাটোঁতে আমি চকুত পোৰণি অনুভৱ কৰোঁ। ফলত আমাৰ শৰীৰৰ সুৰক্ষা পদ্ধতিৰ এক স্বাভাৱিক উপায় হিচাবে চকুৰ পৰা পানী ওলাবলৈ ধৰে।

 

কপিঞ্জল কিৰণ গগৈ, অষ্টম শ্ৰেণী, প্ৰাগজ্যোতিকা ইংলিচ স্কুল, তিতাবৰ

প্ৰশ্ন: দুটা যঁজা শিশুৰ হাতৰ আঙুলিৰ চাপ একে হয়নেকি?

উত্তৰ: নহয়, দুটা যঁজা শিশুৰ হাতৰ আঙুলিৰ চাপ একে নহয়। দুটা যঁজা শিশুৰ কোষত থকা জিনম যদিও সম্পূৰ্ণ একে, হাতৰ আঙুলিৰ চাপ কেৱল জিনৰ ওপৰত নিৰ্ভৰ নকৰে। মাকৰ গৰ্ভত থকাৰ সময়ত জন্মৰ আগতেই শিশু এটাৰ হাতৰ আঙুলিৰ চাপ সৃষ্টি হয়। মাকৰ গৰ্ভত ভ্ৰূণটোৰ অৱস্থান, পৰিপুষ্টি, তেজৰ চাপ আৰু আনকি কিমান খৰকৈ গৰ্ভস্থিত ভ্ৰূণটোৰ বিকাশ হৈছে আদি নানান কাৰকে হাতৰ আঙুলিৰ চাপ গঠন প্ৰক্ৰিয়াত প্ৰভাৱ বিস্তাৰ কৰে। ভ্ৰূণ এটা প্ৰায় ছয় মাহমান হওঁতেই হাতৰ আঙুলিৰ চাপ সম্পূৰ্ণকৈ বিকশিত হয়, কিন্তু জন্মৰ পাছতহে ই অধিক স্পষ্ট হৈ পৰে।

Leave a Reply