Home > Articles > গাইগৰুৰ অঋতু সমস্যাঃ এক আলোকপাত

গাইগৰুৰ অঋতু সমস্যাঃ এক আলোকপাত

****½5votes

নেকিবউদ্দিন আহমেদ*, কুতুবুদ্দিন আহমেদ,  দীপক কুমাৰ শৰ্মা, লক্ষ্যজ্যোতি দত্ত আৰু সম্পূৰ্ণ নন্দ যাদৱ

পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয়, খানাপাৰা – ৭৮১০২২, গুৱাহাটী, অসম

*ই-মেইল: nekibuddin.ahmed@aau.ac.in

চেউৰী গৰু এবাৰ প্ৰাপ্তবয়স্ক হোৱাৰ পাছত প্ৰতি ২১ দিনৰ মূৰে-মূৰে ঋতু-প্ৰৱেশ কৰে অথবা গৰম হয়। এই গৰম হোৱা কালচোৱাৰ ভিতৰত উপযুক্ত সময়ত পাল খুৱালে বা কৃত্ৰিম প্ৰজনন কৰালে গৰুজনীয়ে গৰ্ভধাৰণ কৰে আৰু প্ৰায় ২৮০ দিনৰ অন্তত পোৱালি প্ৰসৱ কৰে। যেতিয়া বিভিন্ন কাৰণত গাইগৰুজনীয়ে গৰম হোৱাৰ ক্ষমতা হেৰুৱায়, তেতিয়াই গাইজনীক অঋতু সমস্যাত (Anestrus) আক্ৰান্ত হোৱা বুলি কোৱা হয়।

গাইগৰুৰ অঋতু সমস্যা হৈছে এক সঘনাই দেখা দিয়া বিশেষ অনুৰ্বৰতাজনিত সমস্যা। প্ৰতি বছৰে এই অনুৰ্বৰতা সমস্যাৰ কাৰণে গো-পালক সকলে এক বৃহৎ পৰিমাণৰ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। এনে ধৰণৰ প্ৰজননজনীত সমস্যাৰ শীঘ্ৰে প্ৰতিকাৰ কৰিব নোৱাৰাৰ বাবে অৱশেষত বহুতো গো-পালক পশু পালন ব্যৱসায়ৰ পৰা আঁতৰি অহাও পৰিলক্ষিত হয়। সাধাৰণতে গো-পালনৰ দ্বাৰা লাভৱান হবলৈ এটা পোৱালি জন্ম হোৱাৰ পৰা আনটো পোৱালি জন্ম দিয়াৰ মাজৰ ব্যৱধান এবছৰতকৈ বেছি হোৱা উচিত নহয়। কিন্তু কেতিয়াবা দেখা যায় যে গৰুৰ অঋতুৰ বাবে এই ব্যৱধান এবছৰ অতিক্ৰম কৰে; যাৰ ফলত গো-পালকসকলে অধিক পৰিমাণৰ ধন আৰু পৰিশ্ৰম গাইজনীৰ পালনৰ নামত বিনিয়োগ কৰিবলগীয়া হয়। ফলস্বৰূপে, গো-পালকসকলে নিৰাশ হৈ অৱশেষত গো-পালন বৃত্তিৰ পৰা অব্যাহতি লʼবলগীয়া হয়।

গাইগৰুৰ অঋতু সমস্যাটো প্ৰধানকৈ প্ৰসৱোত্তৰ কালত (Post-partum period) দেখা যায়। সচৰাচৰ পোৱালি জন্ম দিয়াৰ ১.৫ মাহমানৰ পিছত গাইগৰুজনীয়ে পুনৰ ঋতু-প্ৰৱেশ কৰিব লাগে। পোৱালি জন্ম হোৱাৰ ১.৫ ৰ পৰা ২ মাহৰ ভিতৰত জৰায়ু পূৰ্বৰ স্বাভাৱিক অৱস্থালৈ উভতি আহি পুনৰ গৰ্ভধাৰণৰ বাবে উপযুক্ত হৈ উঠে। পোৱালি জন্ম হোৱাৰ ৩ মাহৰ ভিতৰত গাইজনী গৰম নহ’লে “প্ৰসৱোত্তৰ অঋতু” সমস্যাত (Post-partum anestrus) আক্ৰান্ত হোৱা বুলি কোৱা হয়।

চেউৰী গৰুৰ ক্ষেত্ৰত প্ৰাপ্তবয়স্ক হোৱাৰ সময়ত দেখুওৱা প্ৰথম ঋতুৰ পিছত যদি পৰৱৰ্ত্তী পৰ্যায়ত ঋতুচক্ৰ  বন্ধ হৈ পৰে, তেতিয়াও চেউৰীজনীক অঋতুত ভোগা (Post-pubertal anestrus) বুলি কোৱা হয়। সাধাৰণতে ইয়াৰ প্ৰধান কাৰণ হৈছে অপুষ্টি, জন্মগত জৰায়ুৰ ৰোগ, ইত্যাদি।

গাইগৰুৰ অঋতু সমস্যাটোক তলত দিয়াৰ ধৰণে দুটা ভাগত ভাগ কৰিব পৰা যায় –

১. প্ৰথম শ্ৰেণীৰ অঋতু (Class – I anestrus/Functional anestrus): যʼত ডিম্বাশয়ত এটা সক্ৰিয় পীতগ্ৰন্থি বা কৰ্পাচ লিউটিয়াম থাকে (Presence of functional corpus luteum)।

২. দ্বিতীয় শ্ৰেণীৰ অঋতু (Class – II anestrus/True anestrus): যʼত ডিম্বাশয়ত কোনো ধৰণৰ সক্ৰিয় পীতগ্ৰন্থি বা কৰ্পাচ লিউটিয়াম নাথাকে (Absence of functional corpus luteum)।

প্ৰথম শ্ৰেণীৰ অঋতু (Class – I anestrus/ Functional anestrus):

মলাশয়ৰ জৰিয়তে স্ত্ৰী জননতন্ত্ৰৰ পৰীক্ষা (Per rectal genital examination) কৰি প্ৰথম শ্ৰেণীৰ অঋতু সমস্যাটো নিৰূপণ কৰিব পৰা যায়। মলাশয়ৰ জৰিয়তে স্ত্ৰী জননতন্ত্ৰৰ অনুসন্ধান কৰোঁতে যিকোনো এটা ডিম্বাশয়ত এটা সক্ৰিয় পীতগ্ৰন্থি পোৱা যায়। তলত উল্লেখ কৰা বিভিন্ন কাৰণত গাইগৰুৰ প্ৰথম শ্ৰেণীৰ অঋতু সমস্যা পৰিলক্ষিত হয়।

ক) গৰ্ভধাৰণৰ বাবে হোৱা অঋতু: গৰ্ভধাৰণৰ বাবে হোৱা অঋতু হৈছে এক স্বাভাৱিক শাৰীৰিক অৱস্থা। বিভিন্ন সময়ত দেখা যায় যে গৰাকীৰ গাফিলতি আৰু অসাৱধানতাৰ বাবে গৰুজনীৰ কেতিয়া ঋতু হʼল আৰু কেতিয়া পাল খালে তাৰ কোনো তথ্যই হাতত নাথাকে। বহুক্ষেত্ৰত দেখা যায় যে গৰাকীয়ে গাইগৰুৰ অঋতু সমস্যা লৈ পশু চিকিৎসকৰ কাষ চাপে কিন্তু মলাশয়ৰ জৰিয়তে স্ত্ৰী জননতন্ত্ৰ পৰীক্ষা কৰিলে গৰুজনী গাভিনী হৈ থকা ধৰা পৰে।

খ) ডিম্বাশয়ত দীৰ্ঘস্থায়ী পীতগ্ৰন্থি থকাৰ বাবে হোৱা অঋতু (Anestrus due to persistent corpus luteum): বিভিন্ন জৰায়ুজনিত ৰোগতো ডিম্বাশয়ত এটা সক্ৰিয় আৰু দীৰ্ঘস্থায়ী পীতগ্ৰন্থি থকা পৰিলক্ষিত হয়। এই সক্ৰিয় পীতগ্ৰন্থিয়ে প্ৰজেষ্টেৰণ অন্তঃস্ৰাৱ (Progesterone hormone) নিঃসৰণ কৰি থাকে, যাৰ ফলত গৰুজনীয়ে ঋতুৰ লক্ষণসমূহ দেখুৱাব নোৱাৰে আৰু অঋতু সমস্যাত ভোগে। জৰায়ুৰ বিভিন্ন ৰোগ, যেনেঃ জৰায়ুত পূঁজ-পানী জমা হোৱা (Pyometra, Hydrometra, Mucometra), ভ্ৰূণ সম্পৰ্কীয় ৰোগ (Fetal maceration, Fetal mummification) ইত্যাদি ৰোগত গাইগৰুৰ অঋতু সমস্যা হোৱা পৰিলক্ষিত হয়।

গ) সুপ্ত ঋতু (Silent estrus): বিভিন্ন সময়ত দেখা যায় যে গৰুজনীয়ে বাহ্যিক ঋতুৰ লক্ষণসমূহ দেখুৱাব নোৱাৰে, কিন্তু মলাশয়ৰ জৰিয়তে জৰায়ুৰ আৰু ডিম্বাশয়ৰ পৰীক্ষা কৰিলে ডিম্বাশয়ত স্বাভাৱিক পীতগ্ৰন্থি (Normal corpus luteum) পোৱা যায়। ইয়াৰ পৰা বুজা যায় যে গৰুজনীৰ আভ্যন্তৰীণ ডিম্বস্ফোৰণ (Ovulation) স্বাভাৱিকভাৱে ঘটি আছে। এই অৱস্থাকে সুপ্ত ঋতু বুলি কোৱা হয়। বৰ্তমান সময়ত গাইগৰুৱে সুপ্ত ঋতুৰ সমস্যাটো অধিকভাৱে সন্মুখীন হোৱা দেখা যায়। তাৰ ফলত গৰুজনীক উচিত সময়ত প্ৰজনন কৰাব নোৱাৰি গৰাকীয়ে অধিক পৰিমাণৰ ধন আৰু পৰিশ্ৰম গৰুজনীৰ প্ৰতিপালনৰ নামত ব্যয় কৰিবলগীয়া হয়। সুপ্ত ঋতুৰ বিভিন্ন কাৰণসমূহ হৈছেঃ বংশগত কাৰণ, ওখোৰা-মোখোৰা গোহালিৰ মজিয়া, উপযুক্ত পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ অভাৱ,  অন্তঃস্ৰাৱৰ বিসংগতি (Hormonal imbalance), অত্যধিক গৰম বা শীতৰ চাপ ইত্যাদি।

দ্বিতীয় শ্ৰেণীৰ অঋতু (Class – II anestrus/ True anestrus):

প্ৰথম শ্ৰেণীৰ অঋতুৰ দৰে মলাশয়ৰ জৰিয়তে স্ত্ৰী জননতন্ত্ৰৰ পৰীক্ষা কৰি দ্বিতীয় শ্ৰেণীৰ অঋতু সমস্যাও নিৰ্ধাৰণ কৰিব পাৰি। দ্বিতীয় শ্ৰেণীৰ অঋতু দেখা দিয়া গাইগৰুৰ ডিম্বাশয় দুটাৰ আকাৰ যথেষ্ট সৰু আৰু ডিম্বাশয়ত কোনো প্ৰকাৰৰ পীতগ্ৰন্থি নাথাকে। এনে প্ৰকাৰৰ অঋতুত ভোগা গাইগৰুৰ ডিম্বাশয় দুটা নিস্ক্ৰিয় হৈ থাকে। তাৰ ফলত গৰুজনীয়ে ঋতু হ’বলৈ দৰকাৰী উপযুক্ত ডিম্বাশয়ৰ কাৰ্যকলাপ সম্পন্ন কৰিব নোৱাৰে আৰু অৱশেষত অঋতুত ভোগে।

যিহেতু দ্বিতীয় শ্ৰেণীৰ অঋতুত ডিম্বাশয় নিস্ক্ৰিয় হৈ থাকে, সেয়েহে ইয়াক “পৰম অঋতু” সমস্যা (True anestrus) বুলিও কোৱা হয়। তলত উল্লেখ কৰা বিভিন্ন কাৰণত গাইগৰুৰ দ্বিতীয় শ্ৰেণীৰ অঋতু সমস্যা হোৱা পৰিলক্ষিত হয়।

ক) অত্যধিক দুৰ্বলতাৰ বাবে হোৱা অঋতু (Anestrus due to debility): যিকোনো জটিল আৰু দীৰ্ঘদিন ধৰি চলি থকা স্বাস্থ্যজনিত সমস্যাই পোনপটীয়াকৈ প্ৰজনন ক্ষমতাৰ ওপৰত প্ৰভাৱ পেলায় আৰু অঋতু সমস্যাই দেখা দিয়ে।

শৰীৰৰ ভাৰসাম্য বজাই ৰাখিবলৈ উপযুক্ত পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ যোগান অত্যন্ত গুৰুত্বপূৰ্ণ। খাদ্যত উপযুক্ত মাত্ৰাত শৰ্কৰা, মাংসসাৰ, খনিজ লৱণ, খাদ্যপ্ৰাণ ইত্যাদিৰ উপস্থিতি অতিকৈ আৱশ্যকীয়। যদিহে ইয়াৰ ভিতৰৰ যিকোনো এবিধৰো স্বাভাৱিক মাত্ৰাৰ তাৰতম্য ঘটে, তেন্তে গাইগৰুৰ অঋতু সমস্যাই দেখা দিব পাৰে। অপুষ্টিৰ বাবে হোৱা অঋতু প্ৰধানকৈ চেউৰী গৰুৰ ক্ষেত্ৰত দেখা যায়। দেখা যায় যে পশু-পালকসকলৰ বেছি ভাগেই কেৱল গাভিনী অৱস্থা আৰু গাখীৰ দি থকা সময়খিনিতহে উপযুক্ত পৰিমাণৰ দানা-পানীৰ যোগান ধৰে আৰু চেউৰীজনীৰ উপযুক্ত যত্ন নলয়; যাৰ ফলত গৰুজনী অত্যধিক দুৰ্বল হৈ পৰে আৰু অৱশেষত জৰায়ু তথা ডিম্বাশয় নিস্ক্ৰিয় হৈ অঋতুত ভোগে। দীৰ্ঘদিন ধৰি চলি থকা বিভিন্ন ৰোগ (Chronic debilitating diseases) যেনেঃ যক্ষ্মা (Tuberculosis), ফাপৰে খোৱা (Mange) ইত্যাদিয়েও শৰীৰ অত্যধিক দুৰ্বল কৰে, যাৰ ফলত গাইগৰুৰ অঋতু সমস্যাই দেখা দিব পাৰে।

 

বিভিন্ন সময়ত গাইগৰুজনী পৰজীৱীৰ (Parasite) দ্বাৰা আক্ৰান্ত হয় আৰু দৈনিক পুষ্টিকৰ খাদ্যৰ যোগান ধৰা স্বত্তেও গৰুজনীৰ স্বাস্থ্যৰ অৱনতি ঘটে। এনেবোৰ কাৰণতো কেতিয়াবা অঋতু সমস্যা হোৱা পৰিলক্ষিত হয়। গাইগৰুৰ গাখীৰ দি থকা সময়খিনিতো অধিক পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ অত্যন্ত প্ৰয়োজন হয়। যদি খীৰতী গাই এজনীক উপযুক্ত পৰিমাণৰ পুষ্টিকৰ খাদ্যৰ যোগান ধৰা নহয়, তেন্তে গৰুজনীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু অৱশেষত অঋতু সমস্যা হোৱা দেখা যায়। বৃদ্ধাৱস্থাতো (Senility) গাইগৰুৰ শৰীৰৰ ওজন অত্যধিক হ্ৰাস পায় আৰু শাৰীৰিকভাৱে দুৰ্বল হয় যাৰ ফলত বৃদ্ধাৱস্থাত গাইগৰুৰ অঋতু সমস্যা হোৱা দেখা যায়। বতৰৰ প্ৰভাৱ (Seasonal influence) যেনে অত্যধিক গৰম বা শীতৰ চাপৰ বাবেও গাইগৰুৰ অঋতু সমস্যা হোৱা পৰিলক্ষিত হয়।

খ) ডিম্বাশয় পূটী (Cystic ovaries), যেনেঃ দীৰ্ঘস্থায়ী ডিম্বাথলী পূটী (Chronic Follicular cyst) আৰু পীতগ্ৰন্থি পূটী (Luteal cyst) আদি ৰোগ থাকিলেও গাইগৰুৰ অঋতু সমস্যা হোৱা দেখা যায়।

গ) তদুপৰি, বিভিন্ন জন্মগত ৰোগ, যেনেঃ ফ্ৰিমাৰ্টিনিজম (Freemartinism), ডিম্বাশয়ৰ বিকাশহীনতা (Congenital bilateral ovarian hypoplasia) ইত্যাদি কাৰণতো গৰুৰ অঋতু সমস্যা হয়।

ৰোগ নিৰ্ণয় (Diagnosis):

প্ৰজননজনিত তথ্য (Reproductive history) আৰু শাৰীৰিক পৰীক্ষাৰ (Clinical examination) ভিত্তিত গাইগৰুৰ অঋতু সমস্যাৰ কাৰণ নিৰ্ণয় কৰা হয়। মলাশয়ৰ জৰিয়তে স্ত্ৰী জননতন্ত্ৰৰ পৰীক্ষা কৰি অতি সহজে জৰায়ু তথা ডিম্বাশয়ৰ অৱস্থা নিৰ্ধাৰণ কৰিব পাৰি। মলাশয়ৰ জৰিয়তে স্ত্ৰী জননতন্ত্ৰৰ পৰীক্ষাৰো কিছুমান সীমাৱদ্ধতা আছে; তেনে ক্ষেত্ৰত আধুনিক পৰীক্ষা, যেনেঃ তেজত অন্তঃস্ৰাৱৰ পৰিমাণ (Hormonal estimation) আৰু আলট্ৰাছ’ন’গ্ৰাফীৰ (Ultrasonography) সহায়ত বিভিন্ন প্ৰজননজনিত ৰোগ তথা প্ৰজনন ক্ষমতাৰ বিষয়ে জানিব পাৰি। তদুপৰি, গোবৰ পৰীক্ষা কৰি শৰীৰত পৰজীৱীৰ উপস্থিতি নিৰ্ণয় কৰিব পাৰি।

গাইগৰুৰ অঋতুৰ চিকিৎসা (Treatment):

ওপৰত উল্লেখ কৰাৰ দৰে গাইগৰুৰ অঋতুৰ কাৰণ বিভিন্ন প্ৰকাৰৰ হ’ব পাৰে। সেয়েহে, কাৰণ অনুযায়ী ইয়াৰ চিকিৎসাও বিভিন্ন প্ৰকাৰৰ হয়। তলত উল্লেখ কৰাৰ দৰে গাইগৰুৰ অঋতু সমস্যাৰ চিকিৎসা কৰা হয়।

ক) গৰ্ভধাৰণৰ বাবে হোৱা অঋতু এক স্বাভাৱিক শাৰীৰিক অৱস্থা। এনে অৱস্থাত কোনো প্ৰকাৰৰ চিকিৎসাৰ প্ৰয়োজন নাই। তথাপিও গৰ্ভধাৰণকালত দেহত খনিজ লৱণ, শৰ্কৰা, মাংসসাৰ, খাদ্যপ্ৰাণ ইত্যাদিৰ অতি আৱশ্যক। সেয়েহে এনে অৱস্থাত গৰুজনীক পুষ্টিকৰ খাদ্যৰ লগতে দৈনন্দিন খনিজ লৱণ (Mineral mixture) প্ৰতিদিনে ৩০-৫০ গ্ৰামকৈ যোগান ধৰা উচিত। তদুপৰি, গৰ্ভধাৰণ নিশ্চিত হʼলে প্ৰয়োজন অনুসৰি কেলচিয়ামযুক্ত দৰৱ পশু চিকিৎসকৰ পৰামৰ্শ মতে যোগান ধৰা উচিত।

খ) জৰায়ুত পূঁজ-পানী জমা হোৱা, ভ্ৰূণ সম্পৰ্কীয় বিকাৰ ইত্যাদি ৰোগত আক্ৰান্ত হ’লে গাইগৰুৰ ডিম্বাশয়ত সক্ৰিয় পীতগ্ৰন্থি থাকে আৰু এই সক্ৰিয় পীতগ্ৰন্থিৰপৰা প্ৰজেষ্টেৰণ অন্তঃস্ৰাৱ (Progesterone hormone) নিঃসৰণ হৈ থাকে, যাৰ ফলত গৰুজনীয়ে বাহ্যিক ঋতুৰ লক্ষণবোৰ দেখুৱাব নোৱাৰে। এনে অঋতুৰ প্ৰধান চিকিৎসা হৈছে প্ৰষ্টাগ্লেণ্ডিন অন্তঃস্ৰাৱৰ (Prostaglandin F2 alpha hormone) বেজী।

গ) সুপ্ত ঋতুৰ সমস্যাত ভোগা গাইগৰুৰ প্ৰজনন অংগবোৰ যিহেতু সক্ৰিয় হৈ থাকে, এনে অঋতু সমস্যা নিৰ্ণয় কৰিবলৈ গৰাকীয়ে গৰুজনীক ভালদৰে আৰু সঘনাই নিৰীক্ষণ কৰা প্ৰয়োজন। তদুপৰি, নিয়মীয়াকৈ স্ত্ৰী জননতন্ত্ৰৰ পৰীক্ষা কৰি গৰুজনীৰ প্ৰজননৰ অৱস্থাৰ বিষয়ে জানিব পাৰি। পৰীক্ষা কৰি ডিম্বাশয়ত সক্ৰিয় পীতগ্ৰন্থি পোৱা গ’লে, তেনে ক্ষেত্ৰত বজাৰত উপলদ্ধ প্ৰষ্টাগ্লেণ্ডিন অন্তঃস্ৰাৱৰ বেজী দিলে ভাল ফলাফল পোৱা যায়।

তদুপৰি, গৰুজনীক পুষ্টিকৰ খাদ্যৰ যোগান ধৰিব লাগে আৰু কোলাহল নথকা তথা চাপ-মুক্ত পৰিৱেশত ৰাখিব লাগে।

ঘ) প্ৰায়ভাগ ক্ষেত্ৰতে, গাইগৰুৰ পৰম অঋতু সমস্যাৰ মূল কাৰণ হৈছে অপুষ্টি। এনে কাৰণত অঋতুৰ সমস্যা হ’লে গৰুজনীক দৈনিক পুষ্টিকৰ খাদ্যৰ লগতে খনিজ লৱণ প্ৰতিদিনে ৩০-৫০ গ্ৰামকৈ যোগান ধৰা উচিত। প্ৰজনন ক্ষমতাৰ বাবে দৰকাৰী ফচফৰাচৰ বেজী (Phosphorus injection) আৰু খাদ্যপ্ৰাণৰ বেজী (Vitamin injection) পশু চিকিৎসকৰ পৰামৰ্শমতে দিয়া উচিত। তদুপৰি, বজাৰত উপলদ্ধ বনৌষধি গুণ-সম্পন্ন গৰম অহা ঔষধ (Herbal heat inducer) প্ৰতিদিনে ৩ টাকৈ কেপছুল ২ দিনলৈ খুৱাব লাগে আৰু ১০ দিনৰ ভিতৰত গৰুজনী গৰম নহ’লে ১১ দিনৰ দিনাৰপৰা পুনৰ খুওৱা উচিত।

বহুক্ষেত্ৰত শৰীৰত পৰজীৱী  থাকিলেও ওপৰত উল্লেখিত চিকিৎসাৰ পিছতো গাইগৰুৰ অঋতু সমস্যা হয়। সেয়েহে অপুষ্টিজনিত অঋতুৰ চিকিৎসা আৰম্ভ কৰাৰ আগতে গোবৰৰ পৰীক্ষা কৰি শৰীৰত পৰজীৱীৰ উপস্থিতি নিৰ্ণয় কৰি উপযুক্ত কৃমিনাশক দৰৱ প্ৰয়োগ কৰা উচিত।

ঙ) ওপৰত উল্লেখিত চিকিৎসা তথা পুষ্টিকৰ খাদ্য যোগান ধৰাৰ পাছতো কেতিয়াবা ডিম্বাশয় নিস্ক্ৰিয় হৈ থকা পৰিলক্ষিত হয়। তেনে ক্ষেত্ৰত, গৰুজনীক অন্তঃস্ৰাৱৰ চিকিৎসা (Hormonal therapy) দিয়া হয়। এনে ক্ষেত্ৰত বজাৰত উপলদ্ধ যৌন গ্ৰন্থি উদ্দীপক অন্তঃস্ৰাৱৰ (Gonadotropin Releasing hormone) বেজী দিলে ভাল ফলাফল পোৱা যায়।

কেতিয়াবা আকৌ এটা যৌন গ্ৰন্থি উদ্দীপক অন্তঃস্ৰাৱৰ বেজী দিয়া পিছতো যদি গৰুজনীয়ে ঋতুৰ লক্ষণবোৰ নেদেখুৱায়, তেতিয়া মলাশয়ৰ জৰিয়তে স্ত্ৰী জননতন্ত্ৰৰ পৰীক্ষা কৰি ডিম্বাশয় নিস্ক্ৰিয় হৈ থকা নিশ্চিত হʼলে দ্বিতীয়টো যৌন গ্ৰন্থি উদ্দীপক অন্তঃস্ৰাৱৰ বেজী দিয়াটো দৰকাৰ হʼব পাৰে আৰু যদিহে ডিম্বাশয়ত পীতগ্ৰন্থি পোৱা যায়, তেনেহ’লে প্ৰষ্টাগ্লেণ্ডিন অন্তঃস্ৰাৱৰ বেজী দিলে গৰুজনীয়ে ২-৩ দিনৰ ভিতৰত ঋতুৰ লক্ষণসমূহ দেখুৱায়। অন্যথা, ১০-১৪ দিনৰ ভিতৰত স্বাভাৱিকভাৱেই গৰুজনীয়ে ঋতুৰ লক্ষণসমূহ দেখুৱাব পাৰে।

চ) দীৰ্ঘদিন ধৰি হৈ থকা বিভিন্ন জীৱাণুজনিত ৰোগ, যেনেঃ যক্ষ্মা আদিৰ বাবে অঋতুত ভুগিলে পশু চিকিৎসকৰ পৰামৰ্শ অনুযায়ী উচিত চিকিৎসা প্ৰদান কৰিব লাগে। এনে ক্ষেত্ৰত পলম কৰিলে গৰুৰ মৃত্যু হোৱাও পৰিলক্ষিত হয়।

ছ) বৃদ্ধাৱস্থাৰ (Senility) বাবে হোৱা অঋতুৰ কোনো নিৰ্দিষ্ট চিকিৎসা নাই। গৰাকীয়ে দৈনন্দিন পুষ্টিকৰ খাদ্যৰ যোগান ধৰি থাকিলেই গৰুজনী সুস্থভাৱে চলাফুৰা কৰি থাকে। বৃদ্ধাৱস্থাত গৰুজনীক প্ৰজনন নকৰোৱাই উচিত। কাৰণ এনে অৱস্থাত গৰ্ভধাৰণ কৰিলে স্বাস্থ্য সম্বন্ধীয় নানান সমস্যাই দেখা দিব পাৰে।

জ) বতৰৰ প্ৰভাৱৰ (Seasonal influence) ফলত হোৱা অঋতু হ’লে গৰুজনীক এক চাপহীন পৰিবেশত প্ৰতিপালন কৰাতো বাঞ্ছনীয়। তদুপৰি, দৈনন্দিন পুষ্টিকৰ খাদ্য আৰু পানীৰ যোগান ধৰা উচিত।

ঝ) ডিম্বাশয় পূটী (Ovarian cysts), যেনেঃ দীৰ্ঘস্থায়ী ডিম্বাথলী পূটী (Chronic Follicular cyst) আৰু পীতগ্ৰন্থি পূটী ( Luteal cyst) ইত্যাদিৰ ফলত হোৱা অঋতুত অন্তঃস্ৰাৱৰ চিকিৎসা (Hormonal therapy) প্ৰদান কৰা হয়।

দীৰ্ঘস্থায়ী ডিম্বাথলী পূটী (Chronic Follicular cyst)ৰ বাবে হোৱা অঋতুত গৰুজনীক বজাৰত উপলব্ধ যৌনগ্ৰন্থি উদ্দীপক অন্তঃস্ৰাৱৰ বেজী দিলে সমস্যাৰ পৰা হাত সাৰিব পাৰি।

তেনেদৰে, পীতগ্ৰন্থি পূটী (Luteal cyst)ৰ বাবে হোৱা অঋতুত গৰুজনীক প্ৰষ্টাগ্লেণ্ডিন অন্তঃস্ৰাৱৰ বেজী দিলে গৰুজনীৰ ঋতু-চক্ৰ নিয়মীয়া হোৱা দেখা যায়।

বহুক্ষেত্ৰত পশু চিকিৎসকসকলৰ এই দুই ধৰণৰ ৰোগ নিৰূপণত অসুবিধা হয়; তেতিয়া গৰুজনীক আৰম্ভণিতে যৌনগ্ৰন্থি উদ্দীপক অন্তঃস্ৰাৱৰ বেজী ২.৫ মি: লি:, ৭ দিনৰ দিনা প্ৰষ্টাগ্লেণ্ডিন অন্তঃস্ৰাৱৰ বেজী ২ মি: লি:, ৯ দিনৰ দিনা পুনৰ যৌনগ্ৰন্থি উদ্দীপক অন্তঃস্ৰাৱৰ বেজী ২.৫ মি: লি: দিয়া হয় আৰু ১০ দিনৰ দিনাখন গৰুজনীক কৃত্ৰিম প্ৰজনন কৰোৱা হয়।

ঞ) বিভিন্ন জন্মগত তথা বংশগত ৰোগ, যেনেঃ ফ্ৰিমাৰ্টিনিজিম (Freemartinism), ডিম্বাশয়ৰ বিকাশহীনতা (Congenital bilateral ovarian hypoplasia) ইত্যাদিৰ কোনো প্ৰকাৰৰ চিকিৎসা নাই। তেনে গৰু প্ৰজননৰ বাবে অনুপযোগী।

ওপৰৰ আলোচনাটোৰ পৰা দেখা যায় যে গাইগৰুৰ অঋতু সমস্যাৰ কাৰণ বিভিন্ন। বিশেষকৈ অপুষ্টি আৰু বিভিন্ন ধৰণৰ চাপ ইয়াৰ বাবে অধিক পৰিমাণে দায়ী। সেয়েহে অঋতুৰ পৰা বচাই ৰাখিবলৈ সৰুৰে পৰা মাইকী গৰুবোৰক দৈনন্দিন পুষ্টিকৰ খাদ্য তথা নিয়মীয়াকৈ কৃমিনাশক দৰৱ খুওৱা উচিত। তদুপৰি, অঋতু সমস্যা দেখা দিলে পলম নকৰি নিকতৱৰ্তী পশু চিকিৎসকৰ পৰামৰ্শ লোৱাতো অতি আৱশ্যক।

Download PDF

Leave a Reply