Home > School Zone > ৰাজ্যিক ফলবিধক ‘জাতি-নেমু’ বুলি ক’লেহে আসোঁৱাহ নাথাকিব

ৰাজ্যিক ফলবিধক ‘জাতি-নেমু’ বুলি ক’লেহে আসোঁৱাহ নাথাকিব

*****1vote

ড০ মহেশ গগৈ

বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ

ফোন: ৯৩৬৫৪৮২৬৩০

Email: mohesh.gogoi@rediffmail.com

অসমৰ মাটিত হোৱা নিৰ্দিষ্ট লক্ষণবিশিষ্ট নেমুবিধক ৰাজ্য চৰকাৰে জাতীয় ফল হিচাবে ঘোষণা কৰি এটা বৰ লেখত ল’বলগীয়া কাম কৰিলে। আগতে আমাৰ জাতীয় ফুল, চৰাই, গছ আৰু জন্তু আছিল যদিও ফল নাছিল। এতিয়া সেই অভাৱটো পূৰণ হ’ল আৰু বাৰীত আলৈ-আথানি হৈ ডাঙৰ হোৱা নেমু গছকেইজোপাই অকণমান বেছিকৈ গুৰুত্ব পাব বুলি আশা কৰিব পাৰি। প্ৰচুৰ অৰ্থনৈতিক সম্ভাৱনা নিহিত হৈ থকা অসমৰ নেমুৱে দেশৰ ভিতৰে-বাহিৰে সমাদৰ পালে স্বাভাৱিকতে খেতিয়কসকল উৎসাহিত হ’ব। নেমু হিচাপেই হওক বা ফলৰ পৰা তৈয়াৰ কৰা মূল্য সংযোজিত দ্ৰব্যই হওক, বজাৰত বেচিলে নেমু উদ্যোগৰ লগত জড়িত হোৱা লোকসকলৰ উপাৰ্জন বাঢ়িব, তেতিয়া ৰাজ্যখনৰ অৰ্থনীতিত নিশ্চিতভাবে যোগাত্মক প্ৰভাৱ পৰিব। চৰকাৰে ইতিমধ্যে অসমৰ জাতীয় ফল হিচাবে ঘোষণা কৰা ডিম্বাকৃতিৰ এই ফলবিধৰ নাম ‘কাজি নেমু’ বুলি কৈছে যদিও নামটো যথাযথ হোৱা নাই যেন লাগে। তাৰ কাৰণ আছে। কিন্তু সেই কথা ব্যাখ্যা কৰাৰ আগতে নেমুৰ গুণাগুণৰ বিষয়ে চমু আভাস এটা দি ল’লে উক্ত বিষয়টো বুজিবলৈ পাঠকবৃন্দৰ সুবিধা হ’ব বুলি ভাবিছোঁ।

ইতিপূৰ্বে বাতৰি কাকত (Gogoi, 2020), গৱেষণা পত্ৰিকা (Gogoi, 2021) ত প্ৰকাশিত লেখা আৰু ‘নেমু খেতি-সঠিক পৰিচালনাৰ বাবে কেতবোৰ দিহা’ (Gogoi, 2023) নামৰ হাতপুথিখনত নেমুটোৰ গঠনৰ লগতে পুষ্টিগুণৰ বিষয়ে বিতংভাবে আলোচনা কৰা হৈছে। তাত উল্লেখ কৰা আটাইবোৰ কথা পুনৰ দোহাৰিবলৈ বিচৰা নাই, মাথোঁ ক’ব বিচাৰোঁ যে নেমু এবিধ সৰল-মঙহাল শ্ৰেণীৰ ফল আৰু এইবিধ ফলক ‘হেছপেৰিডিয়াম’ বুলি কয়। ইয়াৰ বহি:স্তক-মধ্যস্তক লগ লাগি ফলটোৰ বাকলিখন তৈয়াৰ হয়। লক্ষণীয়ভাবে অন্ত:স্তকখন ভিতৰলৈ সোমাই গৈ কেইবাটাও কোঠালিৰ সৃষ্টি কৰে আৰু সেই কোঠালিবোৰত ৰসৰ মোনা থাকে। নেমুৰ ৰসত এছ্‌কৰ্বিক এচিড (ভিটমিন-‘চি’), চাইট্ৰিক এচিড, মেলিক এচিড, ছুক্ৰজ, চেনি, গ্লাইক’চাইড, পেকটিন, এন্থুছায়’নিন, বিটা-কেৰৰ্টিন, চৰ্বি আৰু তেল থাকে। ইফালে নেমুৰ বাকলিখনত কেইবাবিধো প্ৰতিজাৰক (antioxidant) পদাৰ্থ, যেনে- পেকটিন, এন্থুছায়’নিন, বিটা-কেৰ’টিন, হেছ্‌পেৰিডিন, লিম’নিন আৰু নেৰিঞ্জিন থাকে। সেয়ে নেমুৰ ৰস খালে আমাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। বিচাৰ্যৰ কথটো এয়ে যে উল্লেখিত পদাৰ্থবোৰ পূৰঠ নেমু এটাত পৰ্যাপ্ত পৰিমাণে থকাৰ বাবে ফলটো কাটিলে এক ফুৰফুৰীয়া গোন্ধ ওলায়। সেই গোন্ধটো অনন্য। একমাত্ৰ অসমৰ থলুৱা জাতৰ নেমুত (Citrus limon L. Burm f.) হে এনেকুৱা আকৰ্ষণীয় গোন্ধ বা সুগন্ধি (aroma) উপলব্ধ হয়। প্ৰসংগক্ৰমে উল্লেখনীয় যে কোকৰাঝাৰ বিজ্ঞান মহাবিদ্যালয়ত কেন্দ্ৰীয় চৰকাৰৰ জৈৱপ্ৰযুক্তি বিভাগ (Department of Biotechnology, Govt. of India) ৰ অৰ্থ সাহায্যত ২০২৩ চনৰ পৰা চলি থকা গৱেষণা প্ৰকল্প- Scientific approaches to develop biopesticide for controlling Citrus diseases and standardize the products obtained from Citrus limon L. Burm f. ৰ অগ্ৰগতি আশাব্যঞ্জক বুলি ক’ব পাৰি। ইতিমধ্যে বিশুদ্ধ জাতৰ নেমুৰ পুলি তৈয়াৰ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও পোক-পৰুৱা নিয়ন্ত্ৰণৰ বাবে জৈৱিক কীটনাশক এবিধৰ পৰীক্ষণ চলি আছে। পুৰঠ নেমুৰ গুড়ি স্থানীয় ভাবে প্ৰস্তুত কৰা জৈৱিক চাহৰ লগত মিহলি কৰি তৈয়াৰ কৰা নেমু-চাহে (Lemon-tea) আলহী-অতিথিসকলৰ পৰা সমাদৰ পাইছে। উল্লেখ্য, যোৱা ছয় মাহত সেইটো প্ৰকল্পৰ কৰ্মতালিকা অনুযায়ী ৫০ (পঞ্চাছ) জনৰো অধিক ব্যক্তিক (কৃষক, শিক্ষক, উদ্যোগী আৰু ছাত্ৰ-ছাত্ৰী) প্ৰশিক্ষণ দিয়া হ’ল। প্ৰশিক্ষণৰ অন্তত তেখেতসকলে প্ৰদৰ্শন কৰা যোগাত্মক চিন্তা আৰু কামে উদ্যোক্তাসকলক উৎসাহিত কৰিছে।

ইতিমধ্যে সফলভাবে সমাপন কৰা প্ৰশিক্ষণ দুটাত আলোচনা আগবঢ়াওঁতে এই নিবন্ধৰ লেখকে Assam lemon টোক ‘জাতি-নেমু’ বুলিহে বৰ্ণনা কৰিছিলোঁ আৰু কিতাপতো সেইদৰেই লিখিছোঁ। ‘কাজি’ (Kaji) হ’ল ‘কাগ্‌জি’ (Kagzi) ৰ অসমীয়া ৰূপ আৰু এই শব্দটো পাৰ্চী (আৰবিক) ভাষাৰ ‘কাগজ’ (Kagaz) ৰ পৰা আহিছে, যাৰ অৰ্থ বগা-পাতল ছালৰ ফল। সচৰাচৰ ইয়াক Sour Lime (Citrus aurantifolia Swin.) ফলবিধতহে পৰ্যবেক্ষণ কৰা হয়, নেমুত (Sour Lemon) নহয়। The earlier workers considered the limes, the lemons and the citron within the same species, Citrus medica Linn. Roxbourgh (1832) placed limes under a separate species C. acida which had been accepted by Lushington (1910) and Brandis (1874). Swingle (1913) established the position of the lime as an independent species and called it as Citrus aurantifolia (Christm.) Swin. On the other hand, Swingle (1943) reported that the lemons were variously named by different taxonomists, C. medica var. limon, Linn; C. limon (Linn.) Burman f.; C. limonia (vulgaris), Risso (1813); C. limonum, Brandis (1874); C. medica, Roxburgh (1832). The oldest name Citrus limon (Linn.) Burman, has been accepted as true sour lemons without any contradiction (Tanaka, 1937; Swingle, 1943 and Webber, 1943) । এতেকে দেখা গ’ল যে Sour Lime আৰু Sour Lemon দুই ভিন্ন প্ৰজাতিৰ ছাইট্ৰাছ উদ্ভিদ।

সি যি নহওক, স্থানীয় জলবায়ুৰ লগত খাপ খোৱা বা অসমৰ মাটিত গজা উদ্ভিদ প্ৰজাতি কিছুমানৰ লক্ষণ সম্পূৰ্ণ সুকীয়া। সেই উদ্ভিদবোৰৰ স্থানীয় নামৰ আগত ‘জাতি’ শব্দটো বহুৱাই জাতীয়-জীৱনৰ বাবে একোটাহঁত সম্পদলৈ ৰূপান্তৰ কৰি লয়, যেনে- জাতি-বাঁহ, জাতি-পাণ, জাতি-কল, জাতি-লাউ, জাতি-বেত ইত্যাদি। সেই দিশটোলৈ লক্ষ্য কৰি বিশেষ লক্ষণবিশিষ্ট অসমৰ নেমু প্ৰজাতিবিধক ‘জাতি-নেমু’ বুলি ক’লে বেছি শুৱাব যেন লাগে। পৰিশেষত ক’ব পাৰি যে বৈজ্ঞানিক নামৰ লগতে এটা আসোঁৱাহ নথকা থলুৱা নাম হ’লেহে অসমৰ জাতীয় ফলবিধক সকলোৱে আদৰি ল’ব।

References:

Brandis, D. (1874). The Forest Flora of North – West and Central India. A Constable and Co. Ltd., London. pp. 50-56.

 

Gogoi, M. (2020). Nemukhetir Jugedi Swaniyojanar Sambhabona. Niyomiya Barta (Date 20/8/2020). p.7.

 

Gogoi, M. (2021). Assam lemon: A magical fruit. BioNE 19.

 

Gogoi, M. (2023). Nemu Kheti (2nd Edition). Purbayon Publications., Guwahati. pp. 14-19.

 

Lushington, A.W. (1910). The genus Citrus. Indian Forester 36: 323 – 353.

 

Risso, J. A. (1813) Essai Sur L’historie Naturelle Des Orangers Bigaradiers, Limettiers, Cedratiers, Limoniers ou Citronniers, Cultives Dans Le Department Des Alpes Maritimes. A Paris, Chez G. Dufour ET CIE., Libraires, Rue Des Mathurins-Saint-Jacues, No. 7

 

Roxburgh, W. (1832). Flora Indica. Vol. III.

 

Swingle, W. T. (1913).  Citrus ichangensis, a promising hardy new species from South Western China and Assam. J. Agri. Res. 1:1-4.

 

Swingle, W.T.  (1943).  The botany of Citrus and its wild relatives of the orange Sub-Family. In: Webber, H.J. and Batchelor, L.D. (Eds.), Citrus   Industry. Vol. I.  pp. 129-474. (1st edition). University of California, USA.

 

Tanaka, T. (1937). Citrus fruits of India. Allahabad Farmer,11: 2

 

Webber, H.J. (1943). Cultivated varieties of Citrus. In: Webber, H.J. and Batchelor, L.D. (Eds.), The Citrus Industry. Vol. I. pp. 475-642. (1st edition). University of California, USA.

Download PDF 

 

Leave a Reply