Home > School Zone > মাঙ্কিপক্স (Monkey Pox): এক সংক্ষিপ্ত বিৱৰণ আৰু বৰ্তমান পৰিস্থিতি

মাঙ্কিপক্স (Monkey Pox): এক সংক্ষিপ্ত বিৱৰণ আৰু বৰ্তমান পৰিস্থিতি

     0votes

সমগ্ৰ বিশ্বৰ ২০ খনতকৈও অধিক দেশত মাঙ্কিপক্স ৰোগাক্ৰান্ত লোক চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ বিস্তাৰ আৰু সংক্ৰমণৰ বিষয়ে সকলোৱে চিন্তিত হৈ পৰিছে, কিয়নো মানৱ সমাজে বিগত দুটা বছৰতকৈও অধিক সময় ধৰি চলি থকা কোভিড-১৯ অতিমাৰীৰ বিৰুদ্ধে সংগ্ৰাম এতিয়াও অব্যাহত ৰাখিছে। সম্প্ৰতি মাঙ্কিপক্সৰ সংক্ৰমণ বিশ্বজুৰি দ্ৰুত গতিত বৃদ্ধি হোৱাৰ ফলস্বৰূপে মানুহৰ মাজত গভীৰ ভয় আৰু শংকা ঘনীভূত হৈছে। লক্ষণীয়ভাৱে, চলিত সময়ত বেছিভাগ মাঙ্কিপক্সৰ ৰোগী নিয়মীয়াকৈ মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱ থকা ঠাই, যেনে মধ্য আৰু পশ্চিম আফ্ৰিকাৰ দেশবোৰৰ সলনি ইউৰোপৰ দেশসমূহত চিনাক্ত হৈছে। মাঙ্কিপক্স হৈছে বৰ্তমানে বিশ্বব্যাপী বিয়পি পৰা জনস্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ এক অতি গুৰুতৰ ৰোগ, কিয়নো ই পশ্চিম আৰু মধ্য আফ্ৰিকাৰ দেশবোৰক প্ৰভাৱিত কৰাৰ উপৰিও বিশ্বৰ অন্যান্য প্ৰান্তকো প্ৰভাৱিত কৰিছে। বৰ্তমানৰ প্ৰেক্ষাপটত, বিশ্ব স্বাস্থ্য সংস্থা (WHO) ই মাঙ্কিপক্সক বিশ্বব্যাপী স্বাস্থ্যজনিত এক জৰুৰী অৱস্থা বুলি ঘোষণা কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি চলিত বছৰত এতিয়ালৈকে ৭৫ খনতকৈও অধিক দেশৰ পৰা মাঙ্কিপক্সৰ ১৬,০০০ ৰো অধিক ঘটনা প্ৰতিবেদিত হৈছে আৰু নিশ্চিত সংক্ৰমণৰ সংখ্যা জুনৰ শেষৰ ফালৰ পৰা জুলাইৰ আৰম্ভণিলৈ ৭৭% বৃদ্ধি পাইছে।

১৯৭০ চনত মানৱ মাঙ্কিপক্স প্ৰথমবাৰৰ বাবে এটি ৯ মহীয়া শিশুৰ শৰীৰত চিনাক্ত কৰা হৈছিল ডেমক্ৰেটিক ৰিপাব্লিক অৱ কঙ্গোৰ এক অঞ্চলত, য’ত ১৯৬৮ চনত বৰ আই (Small Pox) নিৰ্মূল হোৱা বুলি ঘোষণা কৰা হৈছিল। ১৯৭০ চনৰ পৰা আফ্ৰিকাৰ ১১ খন দেশত মানুহৰ মাঙ্কিপক্সৰ ঘটনা প্ৰত্যক্ষ কৰা হৈছে । আফ্ৰিকাৰ বাহিৰত ২০০৩ চনত প্ৰথম মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱ আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল।

মাঙ্কিপক্স বা বানৰ-বসন্ত হৈছে এক ভাইৰাছজনিত উভচাৰী ৰোগ বা ‘জুন’চিছ’ (জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত ৰোগ), যাৰ লক্ষণবোৰ অতীতত বৰ আই (Small pox) ৰোগীৰ ক্ষেত্ৰত দেখা পোৱাৰ দৰে, যদিও ই নিদানিকভাৱে কম গুৰুতৰ। মাঙ্কিপক্স ভাইৰাছে (MPV) ইয়াৰ নাম বান্দৰৰ পৰা পাইছে, য’ত প্ৰথমতে সংক্ৰমণটো ধৰা পৰিছিল। মাঙ্কিপক্স ভাইৰাছ হৈছে এক ডি,এন,এ (DNA) ভাইৰাছ, যি পক্সভিৰিডি (Poxviridae) পৰিয়ালৰ অৰ্থ’পক্সভাইৰাছ (Orthopoxvirus) গণৰ অন্তৰ্ভুক্ত। ১৯৮০ চনত বৰ আই নিৰ্মূল কৰা আৰু পৰৱৰ্তী সময়ত বৰ আইৰ টিকাকৰণ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত মাঙ্কিপক্স ৰোগ জনস্বাস্থ্যৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ এক বসন্ত ৰোগ হিচাপে আত্মপ্ৰকাশ কৰিছে। মাঙ্কিপক্স মুখ্যতঃ মধ্য আৰু পশ্চিম আফ্ৰিকাত হয়, প্ৰায়ে ক্ৰান্তীয় বৰ্ষাৰণ্য অঞ্চলত হোৱা দেখা যায়। কিন্তু সম্প্ৰতি ই চহৰাঞ্চতো বিস্তাৰিত হোৱা পৰিলক্ষিত হৈছে। এই ভাইৰাছৰ বাহক জন্তুবোৰৰ ভিতৰত বিভিন্ন প্ৰকাৰৰ নিগনি আৰু অ-মানৱ নৰবানৰ অন্যতম।

সংক্ৰমিত জন্তুৰ তেজ, শাৰীৰিক তৰল, বা চৰ্ম (Cutenous) বা শ্লেষ্মা আবৰণ (Mucous membrane) ৰ ঘাৰ সৈতে পোনপটীয়া সংস্পৰ্শৰ পৰা পশুৰ পৰা মানুহলৈ (জুনোটিক) সংক্ৰমণ হ’ব পাৰে। মানুহৰ পৰা মানুহৰ সংক্ৰমণ, শ্বাস-প্ৰশ্বাসৰ নিঃসৰণ, সংক্ৰমিত ব্যক্তিৰ ছালৰ ঘা বা শেহতীয়াকৈ দূষিত বস্তুৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শৰ পৰাও হ’ব পাৰে।

মাঙ্কিপক্স সাধাৰণতে এক স্ব-সীমিত ৰোগ, যাৰ লক্ষণসমূহ ১ ৰ পৰা ৪ সপ্তাহলৈকে বৰ্তি থাকে। মাঙ্কিপক্সৰ লক্ষণসমূহক দুটা ভাগত ভগাব পাৰি। প্ৰথম – আক্ৰমণ পৰ্য্যায় (০-৫ দিন), যি সাধাৰণতে পানীলগা জ্বৰৰ দৰে লক্ষণৰে সৈতে আৰম্ভ হয়, যাৰ অন্য লক্ষণৰ ভিতৰত আছে জ্বৰ, মূৰৰ বিষ, পেশীৰ বিষ, ঠাণ্ডা লগা, ক্লান্তি আৰু ফুলা লসিকা গ্ৰন্থি । দ্বিতীয় পৰ্য্যায়ত (১-৩ দিন) ক্ৰমান্বয়ে চৰ্মত চোকোৰা হোৱা দেখা যায়, যি সমগ্ৰ শৰীৰত বিয়পি পৰিব পাৰে। চোকোৰাবোৰ বিকশিত হ’লে ৰোগীসকলক আটাইতকৈ সংক্ৰামক বুলি গণ্য কৰা হয়। সাধাৰণতে জ্বৰ হোৱাৰ ১-৩ দিনৰ ভিতৰত ছালৰ চোকোৰাবোৰ এৰিবলৈ ধৰে। চোকোৰাবোৰ গাৰ মূল অংশৰ সলনি মুখ আৰু হাত-ভৰিত অধিক ঘনকৈ হোৱা দেখা যায়। ই মুখমণ্ডল (৯৫% ভাগ ক্ষেত্ৰত), হাতৰ তলুৱা আৰু ভৰিৰ তলুৱাক প্ৰভাৱিত কৰে (৭৫% ভাগ ক্ষেত্ৰত)। লগতে প্ৰভাৱিত হয় মৌখিক শ্লেষ্মা আৱৰণ (৭৯% ক্ষেত্ৰত), জননাংগ (৩০% ক্ষেত্ৰত), আৰু চকুৰ আৰ্দ্ৰত্বক (conjuctiva) (২০% ক্ষেত্ৰত ), আৰু লগতে কৰ্ণিয়া। চোকোৰাবোৰ ক্ৰমান্বয়ে মেকুলা (Macula) (সমতল আধাৰথকা ঘা)ৰ পৰা পেপিউল (Papule) (সামান্য ডাঙৰ হোৱা দৃঢ় ঘা), পানী জোলা বা ভেচিকোল (Vesicle) (পৰিষ্কাৰ তৰলৰে ভৰ্তি ঘা), পেষ্টিউল (pustule) (হালধীয়া তৰলৰে ভৰ্তি ঘা), আৰু পৰৱৰ্ত্তী সময়ত ক্ৰমান্বয়ে শুকাই যোৱা আৰু সৰি পৰা ভূত্বকলৈ ৰূপান্তৰিত হয়। ঘাৰ সংখ্যা কেইবা হাজাৰলৈকে বৃদ্ধি হ’ব পাৰে। গুৰুতৰ ক্ষেত্ৰত, ছালৰ এক বৃহৎ অংশৰ খহনীয়া নোহোৱালৈকে ঘাবোৰ পৰষ্পৰে লগ লাগিব পাৰে। কিন্তু বৰ্তমানে বিশ্বত দেখা দিয়া মহামাৰীটোৰ ক্ষেত্ৰত লক্ষণবোৰ কিছু অনিয়মীয়া হোৱা দেখা গৈছে।

কেইবাটাও পৰ্যৱেক্ষণমূলক অধ্যয়নৰ জৰিয়তে বৰ আইৰ বিৰুদ্ধে টিকাকৰণে মাঙ্কিপক্স প্ৰতিৰোধ কৰাত প্ৰায় ৮৫% কাৰ্যকৰী হোৱা পৰিলক্ষিত হৈছিল। আগতীয়াকৈ বৰ আই টিকাকৰণ কৰা ৰোগীৰ ক্ষেত্ৰত এই ৰোগৰ লক্ষণসমূহ মৃদু হোৱা দেখা যায়। কিন্তু বৰ্তমান সময়ত, মূল (প্ৰথম প্ৰজন্মৰ) বৰ আই টিকাসমূহ সাধাৰণ ৰাইজৰ বাবে উপলব্ধ নহয়। ২০১৯ চনত মাঙ্কিপক্স প্ৰতিৰোধৰ বাবে এক পৰিৱৰ্তিত ভাইৰাছৰ ওপৰত আধাৰিত নতুন টিকা অনুমোদিত হৈছিল। বিপদাশংকাৰ কাৰকবোৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা আৰু ভাইৰাছৰ সংস্পৰ্শলৈ অহাৰ সম্ভাৱনীয়তা হ্ৰাস কৰিবলৈ গ্ৰহণ কৰিব পৰা ব্যৱস্থাবোৰৰ বিষয়ে আক্ৰান্ত অঞ্চলৰ লোকসকলক সজাগ কৰাই হৈছে মাঙ্কিপক্সৰ বিৰুদ্ধে প্ৰতিৰোধৰ প্ৰধান কৌশল। এই ৰোগক প্ৰতিৰোধ কৰিবৰ বাবে তলত উল্লেখিত ব্যৱস্থাসমূহ গুৰুত্ব সহকাৰে লোৱা দৰকাৰ:

মানুহৰ পৰা মানুহলৈ সংক্ৰমণৰ আশংকা হ্ৰাস কৰা – মাঙ্কিপক্সৰ দৰে দেখা চোকোৰা হৈ থকা লোকৰ সৈতে ওচৰ চপা বা ছালৰ সৈতে সংস্পৰ্শ পৰিহাৰ কৰা; মাঙ্কিপক্স থকা ব্যক্তি এজনৰ চোকোৰা বা খজুৱতি স্পৰ্শ নকৰা; মাঙ্কিপক্স থকা ব্যক্তি এজনৰ সৈতে খোৱাৰ বাচন বা পিয়লা বিনিময় নকৰা; মাঙ্কিপক্স থকা ব্যক্তি এজনৰ বিচনা বা ব্যৱহৃত কাপোৰ স্পৰ্শ নকৰা; হাত সঘনাই চাবোন আৰু পানীৰে ধোৱা, বা এলকহল-আধাৰিত হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰা।

জুনোটিক (জন্তুৰ পৰা মানুহলৈ) সংক্ৰমণৰ আশংকা হ্ৰাস কৰা – ৰোগ হৈ থকা এলেকাত, মাঙ্কিপক্স ভাইৰাছ বিয়পাব পৰা প্ৰাণী, যেনে এন্দুৰ আৰু নৰবানৰৰ সংস্পৰ্শ পৰিহাৰ কৰা। লগতে, ৰুগীয়া বা মৃত জন্তু, সিহঁতৰ শয্যা বা অন্যান্য সামগ্ৰী পৰিহাৰ কৰা ।

পশুৰ ব্যৱসায়ৰ ওপৰত প্ৰতিবন্ধকতাৰ জৰিয়তে মাঙ্কিপক্স প্ৰতিৰোধ কৰা বৰ্তমান যিবোৰ দেশত মাঙ্কিপক্স ভাইৰাছৰ প্ৰাদুৰ্ভাৱ চলি আছে, সেইবোৰ দেশৰ পৰা যিকোনো ধৰণৰ পশু বা পশুজাত সামগ্ৰী কিনা বা আমদানি কৰাৰ পৰা বিৰত থাকিব লাগে। এই ক্ষেত্ৰত প্ৰশাসনে মূল ভুমিকা পালন কৰিব লাগিব। ইয়াৰ লগতে, নিজৰ পামলৈ কোনো জন্তু নতুনকৈ প্ৰৱেশ কৰোৱাৰ আগতে ৰোগৰ লক্ষণৰ পৰ্য্যবেক্ষণৰ বাবে কমেও ৩০ দিন আছুতীয়াকৈ ৰাখিব লাগে।

এই লিখনিতো প্ৰস্তুত কৰাৰ সময়লৈ ভাৰতত চাৰিটা মাঙ্কিপক্সৰ ঘটনা চিনাক্ত কৰা হৈছে। ইয়াৰ প্ৰথমটো হৈছে সংযুক্ত আৰৱ (UAE)ৰ পৰা উভতি অহা এজন ৩৫ বছৰীয়া ব্যক্তিৰ দেহত, যিটো কেৰালা ৰাজ্যত ১৪ জুলাইত চিনাক্ত হৈছিল। আনহাতে, ১৮ জুলাইত, কেৰালাত ১৩ জুলাইত ডুবাইৰ পৰা আহি কুন্নুৰত উপস্থিত হোৱা এজন ৩১ বছৰীয়া ব্যক্তিৰ দেহত মাঙ্কিপক্স চিনাক্ত হোৱাৰ দ্বিতীয়টো ঘটনা নিশ্চিত হয়। ৰাজ্যখনে ২২ জুলাই শুক্ৰবাৰে, ৬ জুলাইত আৰৱৰ পৰা মালাপ্পুৰমলৈ উভতি অহা এজন ৩৫ বছৰীয়া ৰোগীৰ দেহত সংক্ৰমণৰ তৃতীয়টো ঘটনা নিশ্চিত কৰিছিল। শেহতীয়াকৈ, ২৪ জুলাইত দেশৰ চতুৰ্থটো ঘটনা দিল্লীত প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক ভ্ৰমণৰ কোনো ইতিহাস নথকা এজন ৩১ বছৰীয়া ব্যক্তিৰ ক্ষেত্ৰত ধৰা পৰিছে। লক্ষণীয়ভাৱে, এই ব্যক্তিজনৰ দেহত লক্ষণ দেখা দিয়াৰ আগতে তেওঁ হিমাচল প্ৰদেশ ভ্ৰমণ কৰি উভতি আহিছিল। এয়া হয়তো এক অন্তৰ্দেশীয় সংক্ৰমণৰ পৰিঘটনাও হ’ব পাৰে। যদিও মাঙ্কিপক্স বৰ্তমানে কোভিড- ১৯ আৰু বৰ আইৰ দৰে গুৰুতৰ ৰোগ নহয়, পৰৱৰ্ত্তী সময়ত ই যাতে কোনো বিষম পৰিস্থিতিৰ সৃষ্টি নকৰে তাৰ বাবে আমি সকলোৰূপে সতৰ্ক আৰু সষ্টম হৈ থকাটো নিতান্তই প্ৰয়োজনীয়।

লেখনিটো প্ৰস্তুত কৰিবলৈ নিম্নলিখিত উৎসসমূহৰ সহায় লোৱা হৈছে:

https://indianexpress.com/

https://www.thehindu.com/

https://www.cnbc.com/world/?region=world

ডাঃ অভিজিৎ ডেকা

সহকাৰী অধ্যাপক, ৰোগ নিৰূপন বিভাগ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয়
খানাপাৰা, গুৱাহাটী

৯৮৬৪৫৩১২৪৭

Email id: abhijit.deka@aau.ac.in

https://www.who.int/

ডাঃ অভিজিৎ ডেকা

সহকাৰী অধ্যাপক, ৰোগ নিৰূপন বিভাগ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়
অসম কৃষি বিশ্ববিদ্যালয়
খানাপাৰা, গুৱাহাটী

৯৮৬৪৫৩১২৪৭

Download PDF

Leave a Reply