Home > School Zone > ছাগলীৰ গাখীৰৰ গুণাগুণ আৰু উপকাৰিতা

ছাগলীৰ গাখীৰৰ গুণাগুণ আৰু উপকাৰিতা

*****2votes

 

যোৱা বছৰৰ মধ্যভাগত ভাৰতৰ কিছু ঠাইত ছাগলীৰ গাখীৰৰ চাহিদা হঠাতে পূৰামাত্ৰাই বাঢ়ি গৈছিল। দিল্লীত প্ৰতি লিটাৰ গাখীৰৰ দাম ২০০০ টকা পৰ্য্যন্ত হৈছিলগৈ। ইয়াৰ কাৰণ আছিল ছাগলীৰ গাখীৰে ডেংগি ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি ওলোৱা বাতৰিকিছুমানে এই বাতৰি মানি লোৱা নাছিল। কিন্তু Journal of Pharmaceutical and Biomedical Science’ নামৰ আলোচনীখনত প্ৰকাশ পোৱা এখন গৱেষণা পত্ৰই ছাগলীৰ গাখীৰে ডেংগি ৰোগ প্ৰতিৰোধ কৰিব পাৰে বুলি আগতেই দাবী কৰি থৈছিল। গৱেষণা পত্ৰখনৰ মতে ছাগলীৰ গাখীৰত থকা উচ্চ পৰিমাণৰ ছেলেনিয়ামৰ বাবে গাখীৰে ডেংগি ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

কিন্তু সাধাৰণ অৱস্থাত মানুহৰ মনলৈ ছাগলীৰ গাখীৰৰ কথা নাহে। বজাৰত গাখীৰ কিনিবলৈ গলে গৰুৰ বা মহৰ গাখীৰৰ কথাই মনলৈ আহে। গৰু আৰু মহৰ গাখীৰৰ পৰাই বিভিন্ন দুগ্ধজাত সামগ্ৰী তৈয়াৰ কৰা হয়। এই ক্ষেত্ৰত ছাগলীৰ গাখীৰ ব্যৱহাৰ কৰা নহয়। অসমৰ বাহিৰৰ কেইখনমান ৰাজ্যত ছাগলীৰ গাখীৰ বেচাকিনা হয় যদিও সীমিত পৰিমাণতহে হয়। ছাগলী মূলতঃ মাংসৰ বাবেই পোহা হয়।

ভাৰত চৰকাৰৰ এক সমীক্ষাত প্ৰকাশ পোৱা মতে ভাৰতৰ মুঠ গাখীৰ উৎপাদনৰ ৩.৫৪ শতাংশ হল ছাগলীৰ গাখীৰ। ছাগলীৰ গাখীৰৰ উৎপাদনৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষস্থানত আছে ৰাজস্থান। ভাৰতত থকা ছাগলীৰ জাতসমূহৰ ভিতৰত কেইটামান জাতৰ পৰাহে ফলপ্ৰসূভাৱে গাখীৰ উৎপাদন হয়। তাৰ ভিতৰত মূলতঃ যমুনাপাৰী, বাৰবাৰি, চুৰ্তি আদিৰ নাম উল্লেখযোগ্য।

মানুহৰ মাজত ছাগলীৰ গাখীৰৰ গুণাগুণ সম্পৰ্কে থকা অজ্ঞতা, কম উৎপাদন, বজাৰত অনুপলব্ধতা আদিৰ বাবেই হয়তো ছাগলীৰ গাখীৰে জনপ্ৰিয়তা লাভ কৰিব পৰা নাই। কিন্তু পুষ্টিগত আৰু ঔষধি গুণৰ ফালৰ পৰা চাবলৈ গলে ছাগলীৰ গাখীৰ গৰুৰ গাখীৰতকৈ কোনো গুণে কম নহয়। বৰঞ্চ কিছু পৰিমাণে ইয়াৰ গুণাগুণ চৰাহে। এই লিখনিটোত ছাগলীৰ গাখীৰৰ কিছু এনে গুণাগুণৰ বিষয়ে এটি চমু আভাস দিবলৈ যত্ন কৰা হৈছে।

প্ৰথমেই ছাগলী গাখীৰৰ মুখ্য উপাদানসমূহৰ বিষয়ে জানি লওঁ আহক

শৰ্কৰা : ছাগলীৰ গাখীৰৰ মুখ্য শৰ্কৰাবিধ হৈছে লেক্টজ। ছাগলীৰ গাখীৰত গৰুৰ গাখীৰতকৈ ৭ শতাংশ কম লেক্টজ থাকে। গতিকে লেক্টজ হজম কৰিবলৈ অসুবিধা থকা লোকে ছাগলীৰ গাখীৰ খাব পাৰে। লেক্টজৰ বাহিৰেও ছাগলীৰ গাখীৰত অলিগচেকেৰাইদ নামৰ শৰ্কৰা থাকে, যাৰ পৰিমাণ গৰুৰ গাখীৰতকৈ বেছি। ছাগলীৰ গাখীৰৰ অলিগচেকেৰাইদৰ গঠন মানুহৰ গাখীৰৰ অলিগচেকেৰাইদৰ লগত বহুখিনি মিলে, যাৰ বাবে শিশুসকলক ছাগলীৰ গাখীৰ নিৰাপদে খুৱাব পাৰি।

চৰ্বীঃ ছাগলীৰ গাখীৰত থকা চৰ্বীৰ অণুসমূহৰ আকাৰ গৰুৰ গাখীৰৰ চৰ্বীৰ অণুবোৰতকৈ সৰু, যাৰ বাবে ছাগলীৰ গাখীৰ সোনকালে হজম হয়। ছাগলীৰ গাখীৰৰ ট্ৰাইগ্লিচাৰাইডসমূহে শৰীৰত জমা নোহোৱাকৈ পোনে পোনে বিপাক ক্ৰিয়াৰ দ্বাৰা শক্তি উৎপাদন কৰিব পাৰে, যাৰ ফলত দেহত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰিত হৈ থাকে।

প্ৰটিন: গৰুৰ গাখীৰত আলফাএচ্ ওৱানকেজিন নামৰ প্ৰটিনবিধৰ উপস্থিতিয়ে এলাৰ্জীৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে, যাক Milk allergy’ বুলি কোৱা হয়। কিন্তু ছাগলীৰ গাখীৰত সেই প্ৰটিনবিধ বহু কম পৰিমাণে থাকে। ছাগলীৰ গাখীৰত থকা মুখ্য প্ৰটিনবিধ হবিটা কেজিন।

ভিটামিন: গৰুৰ গাখীৰতকৈ ছাগলীৰ গাখীৰত ভিটামিন বেছি থাকে আৰু ই মানুহৰ গাখীৰত থকা ভিটামিনৰ সৈতে সমান। তদুপৰি, ছাগলীৰ গাখীৰ ভিটামিন চি, ডি, , থায়ামিন, ৰাইবফ্লেভিন আৰু নিয়াচিনৰ ভাল উৎস। অৱশ্যে ইয়াত ফলিক এচিডৰ পৰিমাণ কম।

খনিজ পদাৰ্থ: ছাগলীৰ গাখীৰত পটাছিয়াম, কেলছিয়াম, ক্লৰাইড, ফছ্‌ফৰাছ্‌, চেলেনিয়াম আৰু জিংক গৰুৰ গাখীৰতকৈ বেছি পৰিমাণে থাকে আৰু ই মানুহৰ গাখীৰৰ প্ৰায় সম পৰ্য্যায়ৰ। ছাগলীৰ গাখীৰত গৰুৰ গাখীৰতকৈ ২৭ শতাংশ অধিক ছেলেনিয়াম থাকে।

শৰীৰৰ পুষ্টি সাধনত ছাগলীৰ গাখীৰৰ বিশেষ উপকাৰিতা

ছাগলীৰ গাখীৰৰ উপাদানসমূহৰ সাধাৰণ ধাৰণাখিনিৰ পিছত ছাগলীৰ গাখীৰে শৰীৰৰ পুষ্টি সাধনত বহন কৰা বিশেষ ভূমিকাৰ বিষয়ে চমুকৈ জানি লওঁ আহক।

১। হৃদপিণ্ডৰ সুস্থতা: ছাগলীৰ গাখীৰে হৃদপিণ্ড তথা ৰক্ত পৰিবাহী তন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে। শৰীৰত কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি পালে অতিৰিক্ত কলেষ্টেৰল ৰক্তবাহী নলীসমূহৰ বেৰত জমা হৈ ৰক্ত পৰিবহনত ব্যাঘাত জন্মায়। যাৰ ফলত হৃদপিণ্ডই অধিক চাপ প্ৰয়োগ কৰিবলগীয়া হয়। ইয়াৰ ফলত উচ্চ ৰক্তচাপৰ দৰে উপসৰ্গই দেখা দিয়ে। ছাগলীৰ গাখীৰত কলেষ্টেৰল কম পৰিমাণে থাকে। লগতে ছাগলীৰ গাখীৰত থকা প্ৰটিন এঞ্জিয়টেন্‌ছিন কন্‌ভাৰ্টিং এন্‌জাইমৰ উৎস এই এন্‌জাইম বা উৎসেচকবিধে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে। ছাগলীৰ গাখীৰত থকা উচ্চ পৰিমাণৰ পটাছিয়াম আৰু কেইবাবিধো ফেটি এচিডৰ উপস্থিতিৰ ভাৰসাম্যতাইও ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে।

২। প্ৰিবায়টিক: প্ৰিবায়টিক হৈছে খাদ্যৰ এক উপাদান, যিয়ে পাচক নলীৰ কিছু অংশ যেনে বৃহদান্ত্ৰ, ন আদিত শৰীৰৰ বাবে উপযোগী অণুজীৱৰ বৃদ্ধি আৰু বিকাশত সহায় কৰে। ছাগলীৰ গাখীৰ আৰু মানুহৰ গাখীৰ দুয়োবিধেই অন্ত্ৰত Bifidobacteriaৰ বৃদ্ধিত সহায় কৰে। ইয়াৰ কাৰণ হএই দুয়োবিধ গাখীৰতে থকা উচ্চ পৰিমাণৰ অলিগচেকেৰাইদে প্ৰিবায়টিক হিচাপে কাম কৰি Bifidobacteria নামৰ উপকাৰী অণুজীৱবিধৰ বংশবৃদ্ধিত সহায় কৰে। Bifidobacteria-ই ৰোগ প্ৰতিৰোধ তথা পাচন প্ৰক্ৰিয়াত সহায় কৰে।

৩। শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৰ্দ্ধকশৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে প্ৰয়োজনীয় কোষ, এণ্টিবডী, বিভিন্ন ৰসায়ন, কাৰক আদিৰ উৎপত্তি তথা বৰ্দ্ধনত ছাগলীৰ গাখীৰৰ বিশেষ ভূমিকা আছে। ছাগলীৰ গাখীৰত থকা উচ্চ পৰিমাণৰ ছেলেনিয়ামেও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত অৰিহণা যোগায়।

৪। অতিৰিক্ট পুষ্টি: একাপ ছাগলীৰ গাখীৰে এজন মানুহৰ বাবে দৈনিক প্ৰয়োজনীয় কেলছিয়ামৰ ৩৫% পূৰণ কৰিব পাৰে। সেই একাপ গাখীৰেই প্ৰয়োজনীয় ৰাইবফ্লেভিনৰ ২০% আগবঢ়াব পাৰে। জিংক আৰু মেগনেছিয়ামৰ জৈৱ উপলভ্যতাও ই বৃদ্ধি কৰিব পাৰে।

৫। কেন্সাৰ প্ৰতিৰোধক: ছাগলীৰ গাখীৰত থকা সংযুক্ত লিনলিক এছিডে বিভিন্ন প্ৰকাৰৰ কেন্সাৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

ছাগলীৰ গাখীৰৰ উপকাৰিতা আৰু গুণাগুণৰ বিষয়ে কিছু কথা অতি সংক্ষেপে আলোচনা কৰা হল। কিন্তু এই উপকাৰিতা তেতিয়াহে লাভ কৰিব পৰা যাব, যেতিয়া ছাগলীৰ গাখীৰ সহজলভ্য হব। অদূৰ ভৱিষ্যতে তেনে এটি দিনৰ আশা কৰাটো নিশ্চয় অসম্ভৱ কথা নহয়।

 

ডা: বিদ্যুত শৰ্মা
ডা: জ্যোতিৰ্ময় চহৰীয়া
ডা: নন্দ কুমাৰ ৰয়

পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয়, 
চেলেছি, আইজল

ভাৰতীয় পশুচিকিৎসা গৱেষণা প্ৰতিষ্ঠান
ইজ্জত্‌নগৰ, বেৰেলী, উত্তৰ প্ৰদেশ 

Leave a Reply